কতীয়া বৰষুণে উৎপাদন হ্ৰাস কৰিব ধানৰ:তেজপুৰত কৃষকৰ দুচিন্তা

0 32

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫অক্টোবৰ: কালিৰে পৰা হোৱা ধাৰাসাৰ বৰষুণে পুনৰ এবাৰ বিপদত পেলাইছে ৰাজ্যৰ কৃষক সকলক৷ ৰাজ্যত অধিক পৰিমাণত হোৱা ৰঞ্জিত ধানৰ খেতি কাতি মাহৰ বৰষুণৰ ফলত ইতিমধ্যেই ক্ষতিৰ সন্মুখীন হৈছে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ বিভিন্ন অঞ্চলত এইবাৰ পানীৰ অভাৱতে বহু পথাৰত ধান খেতি কৰিব নোৱাৰিলে খেতিয়কে৷ ফলত বহু পথাৰ এইবাৰ ছন পৰি ৰ’ল৷ এনে অৱস্হাত যি পথাৰত কিছু ধান খেতি কৰা হৈছিল তাকে লৈ আশাত থকা খেতিয়কৰ ওপৰত ৰামটাঙোন সোধাই কালীপূজা আৰু দীপাৱলীত হোৱা নেৰানেপেৰা বৰষুণত বহুপৰিমাণৰ ধান গছ দো খাই পৰি গৈছে৷ তেজপুৰৰ এজন আদৰ্শ যুৱ কৃষক ৰূপক গগৈয়ে এই বিষয়ে কয় যে,তেজপুৰৰ পক্ষীয়াঝাৰত তেওঁ কৰা ধান খেতিৰ ভিতৰত প্ৰায় পাঁচবিঘা মাটিৰ ধান এইদৰে দো খাই পৰিছে৷ কালিৰে পৰা হোৱা বৰষুণৰ বাবেই এইদৰে পৰি যোৱা ধান খেতিত ইতিমধ্যে গেৰ ধৰিছিল আৰু কিছুমানৰ ঠোক বান্ধিছিল৷ কিন্তু এতিয়া এই ধান এনেদৰে পৰি যোৱাত সেই ধান পতানত পৰিণত হোৱাৰে সম্ভাৱনা অধিক বুলি প্ৰকাশ কৰি যুৱ কৃষকজনে লগতে কয় যে,কেৱল ধানৰ ক্ষেত্ৰতেই নহয়,ইতিমধ্যে বহু কৃষকে আলু খেতিৰ বাবে প্ৰয়োজনীয় মাটি সাজু কৰিছিল যদিও বৰষুণে কৃষকৰ সেই শ্ৰমো অথলে নিয়ালে৷ কৃষকজন কয় যে,বান,খৰাঙৰ পাছত এই বৰষুণে ৰাজ্যত ধানৰ উৎপাদন হ্ৰাস কৰাটো নিশ্চিত৷ অৱশ্যে যিসকলে পলমকৈ ধান খেতি কৰিছিল সেই সকল এই বৰষুণৰ ফলত কিছু লাভান্বিত হোৱাৰ সম্ভাৱনা আছে৷মুঠ ১২৫বিঘা মাটিত ধান খেতি কৰা গগৈয়ে অধিক পৰিমাণে বীজ উৎপাদন কৰে৷এইবাৰ পাঁচ বিধ প্ৰজাতিৰ ধান খেতি কৰা কৃষকজনে বৰষুণৰ বাবেই আশাকৰা মতে ফচল লাভ নকৰে বুলি আশংকা প্ৰকাশ কৰিছে৷ ইপিনে,বৰছলা আৰু ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বহু অংশত এইবাৰ ধান খেতিয়েই নহ’ল পানীৰ অভাৱত৷গৰুডোবা,তেলীয়া পথাৰ,বৰগাঁও আদি বিভিন্ন অঞ্চলৰ খেতি পথাৰ এইবাৰ ছন পৰি থাকিল৷এই সন্দৰ্ভত মনছিং মহলীয়াই কয় যে যিবোৰ খেতি পথাৰ এই সময়ত সজালধৰা ধানৰে পৰিপূৰ্ণ হৈ থাকিছিল সেই সময়ত এইবাৰ সেই পথাৰৰ অধিকাংশই উদং হৈ পৰি ৰ’ল৷এনে অৱস্থাত এতিয়া হোৱা বৰষুণে সামান্য খেতি হোৱা কৃষক সকলকো দুচিন্তাত পেলাইছে৷মহলীয়াই কয় যে,এইবাৰ তেওঁ নিজেও পূৰ্বে কৰা ১০বিঘা মাটিত ধান খেতি কৰিব নোৱাৰিলে৷ উল্লেখযোগ্য যে,ক্ৰমান্বয়ে কৃষি ভূমি হ্ৰাস পোৱা তেজপুৰ তথা শোণিতপুৰৰ কৃষকৰ বাবে বান,খহনীয়া আৰু খৰাং সদায়েই এক প্ৰত্যাহ্বান হৈ আহিছে৷ এইবাৰ আহিনৰ আকস্মিক বানেও বৰছলাৰ কেতবোৰ অঞ্চলত মাহজাতীয় শস্যৰ যথেষ্ট ক্ষতি কৰিলে৷স হস্ৰাধিক বিঘাৰ মাহখেতি এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৰঙাপৰা, বিন্দুকুৰি, চাৰিদুৱাৰ, পক্ষীয়াঝাৰ, মোৱামাৰী আদি বিভিন্ন অঞ্চলৰ কৃষকে বন্যহস্তীৰ বাবেও ক্ষতিৰ সন্মুখীন হৈ আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More