কপহুৱাত ধৰ্মপ্ৰাণা মহিলাৰ সোঁৱৰণত স্মৰণিকা উন্মোচন

0 10

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ মে’ ঃ লখিমপুৰ জিলাৰ কপহুৱা গাঁৱত আজি মাকন দাসৰ সোঁৱৰণত এখন স্মৰণিকা উন্মোচন কৰা হয়৷ গাঁওখনৰ ধৰ্মপ্ৰাণা মহিলা মাকন দাসৰ আদ্যশ্ৰাদ্ধ উপলক্ষে তেওঁৰ পবিত্ৰ স্মৃতিত আজি ‘মাকন’ নামৰ স্মৰণিকাখনি বিয়লি ৪ বজাত উন্মোচন কৰা হয়৷ ন-আলি অৱনৰি হাইস্কুলৰ শিক্ষক মনোৰঞ্জন দাসে সম্পাদনা কৰা স্মৰণিকাখনি উন্মোচন কৰে এক শৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সচিব হাতীৰাম দাসে৷ আজিৰ অনুষ্ঠানত এক শৰণ ভাগৱতী সমাজৰ লখিমপুৰ জিলাৰ সভাপতি-সম্পাদক মুনিন দাস, হেমকান্ত দাস, বুঢ়াভকত তুলাৰাম দাস, গুনিৰাম দাস, বিচিত্ৰ শইকীয়া, ভূপেন ৰাজখোৱা আদিৰ লগতে বিভিন্ন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ স্মৰণিকা উন্মোচনী অনুষ্ঠানত অঞ্চলটোৰ সৰবৰাহী তথা ধৰ্মপ্ৰাণা মহিলা মাকন দাসৰ গুণৰাজিক সকলোৱে সোঁৱৰণ কৰাৰ লগতে সভাত কেবাজনে বক্তব্য আগবঢ়ায় আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে৷ উল্লেখ্য যে ১৯৬০ চনত জন্মগ্ৰহণ কৰা তথা কপহুৱা নিবাসী ভূৱন চন্দ্ৰ দাসৰ পত্নী মাকন দাসৰ যোৱা ২২ এপ্ৰিলত মৃত্যু হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More