‘কবৰস্থান’ত সজ্জিত হাজাৰ হাজাৰ যুদ্ধবিমান

মৃত্যুৰ প্ৰতীক্ষা কিম্বা উৰণৰ আশা!

0 89

দাদুল দেৱকৃষ্ণ বৰুৱা

কাৰোবাৰ শৰীৰত ধূলি জমা হৈছে। কাৰোবাৰ ডেউকাত মামৰে ধৰিছে। তথাপি কোনো কোনো এতিয়াও বীৰ বিক্রমেৰে উৰণৰ অপেক্ষাত আছে। বিচাৰে শত্রুপক্ষক মাটিৰ লগত মিলাই দিবলৈ। কিন্তু বেছিভাগৰ সঙ্গীয়েই মৃতপ্রায়। যেন এখন মৃত নগৰীত শাৰী শাৰী ধাতৱ শৱদেহ !

  •  ক’ত এই কবৰস্থান?
    আমেৰিকা যুক্তৰাষ্ট্রৰ আৰিজোনা (Arizona) মৰুভূমিত এনেদৰেই হাজাৰ হাজাৰ যুদ্ধবিমানৰ ছবি কেমেৰাবদ্ধ কৰিছে জার্মান আলোকচিত্রশিল্পী বার্নহার্ড লাঙে (Barnhard Lang)। বার্নহার্ড লাঙে টাকচন (Tucson)ৰ এটা সামৰিক বিমান ঘাটিৰ ওপৰৰ পৰা কেতবোৰ অসাধাৰণ ফটো তুলিছে। ইতিমধ্যে সেই ফটো ভাইৰেল হৈছে। কোনো এখন ফটোত দেখা গৈছে দবাখেলৰ বৰ্ডৰ দৰে সজোৱা হৈ আছে উৰাজাহাজ।1653883847074 ঠাইখন আৰিজোনাৰ টাকচন। ইয়াতেই আছে যুদ্ধবিমানৰ ‘কবৰস্থান’। নহয়, এই কবৰস্থানত সকলোৱেই মৃত নহয়। কোনো কোনোৱে মৃত্যুৰ অপেক্ষা কৰিছে। কোনো আকৌ এতিয়াও শক্তিশালী হৈয়েই আছে। পুনৰ উৰণৰ আশাত প্রহৰ গণিছে এই ‘তন্দৰুষ্ট’খিনিয়ে। প্রথমটো আঘাত দিছে মহামাৰী ক’ৰনাই। এই বিমান ‘কবৰখানা’ত যুদ্ধবিমানক সঙ্গ দিবলৈ শাৰী শাৰীকৈ সজাই ৰখা হয় অসামৰিক বা যাত্রীবাহী বিমানো। সেই ‘এৰ’স্পেচ মেন্টেনেন্স এণ্ড ৰিজেনাৰেচন গ্রুপ’ (৩০৯তম এএমএআৰজি)ৰ ফটো কেমেৰাবন্দী কৰিছে জার্মান চিত্রগ্রহণকাৰী বাৰ্নহাৰ্ড লাঙে।
  • কিমান বিশাল এই সমাধিস্থল?
    ২,৬০০ একৰজুৰি থকা ডেভিচ-মনথান বিমান ঘাটিত (Davis-Monthan Air Force Base) প্রায় ৪ হাজাৰ বিমান সজাই ৰখা হৈছে। যাক বিশ্বৰ বৃহত্তম বিমান সংৰক্ষণ কেন্দ্র বোলা হয়। এই সামৰিক বিমানবোৰক সজাই ৰাখি যুদ্ধৰ সময়ত সাময়িকভাৱে ‘পার্ক’ কৰা হয় অথবা, পিছত বিক্রী কৰা হয় কিম্বা পুনর্ব্যৱহাৰৰ বাবে ৰাখি থোৱা হয়। কিন্তু বছৰৰ পিছত বছৰ পৰি থাকোঁতে থাকোঁতে বেছিভাগ বিমানেই ধ্বংসৰ অপেক্ষাত! 1653883847102এই বিশাল মৃতপ্রায় বিমান-শৰীৰৰ ওচৰত এতিয়াও কিছু বিমান আছে, যিবোৰ পুনৰ উৰিবলৈ সক্ষম। কিন্তু এইবোৰৰ শৰীৰত মামৰ লাগিছে। দৰকাৰ সেৱা-শুশ্রূষা। পুৰণি কিন্তু উৰণ সক্ষম এনে বিমানবোৰক ‘কবৰ’ত ৰাখি থৈ যায় সামৰিক বাহিনীয়ে। কোনো সময়ত ৰাষ্ট্রৰ মাজত নিৰস্ত্রীকৰণ চুক্তি হ’লে, যুদ্ধবিমানৰ ঠাই হয় ইয়াত। কেতিয়াবা আকৌ আধুনিকীকৰণৰ বাবে আৰিজোনাৰ এই বিমানৰ কবৰস্থানলৈ অনা হয় যুদ্ধবিমানবোৰক।
  • কিয় ৰখা হয় আৰিজোনাত?
    বিমান ঘাটিটোৰৰ চৌপাশৰ শুষ্ক পৰিৱেশে ঠাইখনক বিমান সংৰক্ষণৰ বাবে আদর্শ স্থান কৰি তুলিছে। শুষ্ক বতৰ, কম আর্দ্রতাৰ বাবে এই ঠাইৰ মাটি ইমানেই কঠিন যে, দৈত্যাকাৰ বিমান ৰাখিলেও সেইবোৰ অলপো মাটি বহি সোমাই নাযায়। আৰিজোনাৰ এই ঠাই কেৱল সামৰিক বিমানৰেই বিশ্রামস্থল নহয়। ক’ৰনা পৰিস্থিতিত আমেৰিকান অসামৰিক বিমান সংস্থাবোৰে শ শ বিমান সেই ঠাইত ৰাখিছে। ক’ৰনা পৰিস্থিতি স্বাভাৱিক নোহোৱা পর্যন্ত আৰিজোনাৰ টাকচন আছিল যাত্রীবাহী বিমানৰ ‘অস্থায়ী আবাস’। কি কি বিমান নাথাকে ইয়াত! বিশালাকাৰ কার্গো প্লেনৰ পৰা গধুৰ বোমাৰু বিমান, সৰু বিমানৰ পৰা যাত্রীবাহী বিমান; সকলোৱেই থাকে ইয়াত।1653883847045 এয়াৰফৰ্চ, নেভি ইত্যাদিৰ যিবোৰ বিমান অপ্রচলিত হৈ পৰিছে আৰু ভৱিষ্যতৰ বাবে যাক সংৰক্ষণ কৰা প্রয়োজন, সেইবোৰো আৰিজোনা মৰুভূমিৰ এই অঞ্চলত ৰখা হয়। বাণিজ্যিক বিমানৰ আয়ুসকাল ভীষণ সীমিত। কিছু দিন ব্যৱহাৰৰ পিছত সেইবোৰ পুনৰ পিছত উৰণৰ বাবে ৰাখি দিয়া হয়। কিন্তু য’তে-ত’তেতো ৰখাটো সম্ভৱপৰ নহয়। তাৰ বাবে প্ৰয়োজন সংৰক্ষণৰ অনুকূল পৰিৱেশ। যিবোৰ আৰু একেবাৰেই উৰুৱাব পৰা নাযাব, সেইবোৰো ৰখা হয় ইয়াত। কোনো সময়ত খুচুৰা যন্ত্রাংশৰ প্রয়োজন হ’লে এইবোৰৰ পৰা সংগ্ৰহ কৰি ব্যৱহাৰ কৰা হয়।

বিমান সংৰক্ষণৰ বাবে বিশেষভাৱে খেয়াল ৰাখিবলগীয়া হয়। এক, বতাহ আৰু দুই সূর্যৰ তাপ। এই দুয়োটাই বিমানৰ ক্ষতি কৰিব পাৰে। ক্ষতিৰ পৰা হাত সাৰিবলৈকে বিমানৰ ইঞ্জিন আদি সকলো সময়তে প্রতিফলিত উপাদানেৰে ভালকৈ ঢাকি দিয়া হয়। এইদৰে ঢকা অৱস্থাত নির্দিষ্ট পৰিৱেশত একোখন বিমানক বছৰৰ পিছত বছৰ ধৰি নিৰাপদে সংৰক্ষণ কৰিব পৰা যায়। কিন্তু আৰিজোনাতো বিমানৰ ‘কবৰস্থান’! গতিকে ইয়াত মৰা হাঁহক কোনেনো ঢাৰি পাৰি শোৱাব? অৱশ্যে কিছুমান ‘অৱসৰপ্ৰাপ্ত’ বিমান – যেনে Concorde আৰু Tupolev Tu-144ক বিমান সংগ্ৰহালয়লৈ প্ৰেৰণ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More