কভিডঃ আক্ৰান্তৰ সংখ্যা কমিলেও বাঢ়িছে মৃত্যুৰ হাৰ

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’ : দেশত দৈনিক ক’ৰণা আক্রান্তৰ সংখ্যা কমিলেও সেয়া এতিয়াও চাৰে তিনি হাজাৰ চোওঁ চোওঁ। বাঢ়িল দৈনিক মৃত্যুৰ সংখ্যা। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰিসংখ্য অনুযায়ী, ৮ মে’ৰ দিনা দেশত কৰ’ণাত আক্রান্ত হৈছে ৩ হাজাৰ ৪৫১ জন। ৭ মে’ৰ দিনা দৈনিক আক্রান্তৰ সংখ্যা আছিল ৩ হাজাৰ ৮০৫জন। আনহাতে বিগত ২৪ ঘণ্টাত দেশত কৰ’নাৰ ফলত মৃত্যু হৈছে ৪০ জনৰ। তাৰ আগদিনা দৈনিক মৃত্যুৰ সংখ্যা আছিল ২২ জন। ইয়াকে লৈ দেশত এতিয়ালৈকে ক’ৰনাত মৃত্যু হৈছে ৫ লাখ ২৪ হাজাৰ ৬৪ জনৰ। মুঠ আক্রান্তৰ সংখ্যা ৪ কোটি ৩১ লাখ ২ হাজাৰ ১৯৪ জন। বিশ্বত এতিয়ালৈকে ক’ৰনাত মৃত্যু হৈছে ৬২ লাখ ৫০ হাজাৰ ৪৫২ জনৰ। মুঠ আক্রান্তৰ সংখ্যা ৫১ কোটি ৭০ লাখ ১৭ হাজাৰ ১৮১ জন। দেশত এইবাৰ বাঢ়িছে কভিড সংক্রমণ। দিল্লীত যি হাৰত পজিটিভিটিৰ হাৰ বাঢ়িছে সেয়া যথেষ্ট আশঙ্কাজনক বুলি গণ্য কৰা হৈছে। সম্প্রতি অসমকে ধৰি ক’ৰনা বিধিনিষেধ উঠাই লৈছিল একাধিক ৰাজ্যই। কিন্তু যি হাৰত পুনৰ বাঢ়িছে মহামাৰী সৃষ্টিকাৰী ভাইৰাছ, সেই প্রেক্ষাপটত পুনৰ মাস্কবিধি বাধ্যতামূলক কৰিবলৈ চিন্তা চৰ্চা অব্যাহত ৰাখিছে একাধিক ৰাজ্যই। জনবহুল এলেকাত মাস্কবিধি পুনৰ প্ৰয়োগ কৰা হ’ব পাৰে বুলি জনা গৈছে। চতুর্থ ঢৌক লৈ বিপদ সংকেত আহি গৈছে দেশলৈ। বিজ্ঞানীসকলে জনাইছে যে, দেশত যি হাৰত সংক্রমণ বাঢ়িছে, তালৈ চাই চতুর্থ ঢৌ হয়তো সময়ৰ অপেক্ষাত। প্রতিদিনেই প্রায় বাঢ়িছে দৈনিক আক্রান্তৰ সংখ্যা। বিগত সপ্তাহৰ পৰা বহুখিনি বাঢ়িছে সংক্রমণৰ সংখ্যা। পৰিসংখ্যা অনুসৰি প্রায় দ্বিগুণ বৃদ্ধি পাইছে আক্ৰান্ত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More