ক’ভিডৰ নামত হোৱা বিয়াগোম কেলেংকাৰিক লৈ সৰৱ লুৰীণজ্যোতি গগৈ

0 27
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ জুনঃ কৰ’ণা মহামাৰীৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান ঘনিষ্ট ব্যৱসায়ীয়ে সন্দেহজনক উপায়েৰে কোটি কোটি টকা আহৰণ কৰি ধনী হৈছিল।–এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ। বৃহস্পতিবাৰে দলৰ গুৱাহাটীস্থ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত পি পি ই কিট কেলেংকাৰীক লৈ সৰৱ হৈ পৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ ব্যক্তি জড়িত হৈ থকা কোম্পানীয়ে অবৈধভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এন এইচ এমৰ পৰা পি পি ই কিট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰিছিল। উক্ত সামগ্ৰী বজাৰ দৰতকৈ বহু বেছি মূল্যত যোগান ধৰি অত্যধিক মুনাফা আদায় কৰিছিল। দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান উপস্থিত থকা সংবাদ মেলখনৰ জৰিয়তে জাতীয় পৰিষদে ক’ভিডকালীন ব্যয়ৰ যাৱতীয় খৰচৰ হিচাপ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কোনোবা প্ৰতিষ্ঠানৰ দ্বাৰা কৰাবলৈ প্ৰধানমন্ত্ৰীৰ প্ৰতি দাবী জনায়। উল্লেখ যে ক’ভিডৰ সময়ত বিভিন্ন সামগ্ৰী যোগানৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে বিৰোধী দলসমূহ সৰৱ হৈ পৰিছে। সেই তথ্যৰ আধাৰত এজেপিৰ সভাপতিগৰাকীয়ে কয় যে অভিযোগ অনুসৰি ক’ভিডৰ সময়ত ৰিণিকী ভূঞা শৰ্মাৰ জে বি এছ ইণ্ডাষ্ট্ৰীজ আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঘনশ্যাম ধানুকাৰ মেডিটাইম হেল্থকেয়াৰ লিমিটেডে এন এইচ এমৰ পৰা স্বাভাৱিকতকৈ ৬৫ শতাংশ অধিক দৰত পি পি ই কিট আৰু অন্য চিকিৎসা সামগ্ৰী ক্ৰয় কৰিছিল। আনহাতে এন এইচ এমে ধনুকাৰ কোম্পানী জি আৰ ডি ফাৰ্মাচিউটিকেলছৰ পৰা ৪৩১ শতাংশ অধিক দামত চেনিটাইজাৰ ক্ৰয় কৰিছিল। এন এইচ এমে ৫০০ মিলি লিটাৰৰ চেনিটাইজাৰৰ বটল অনয় কোম্পানীৰ পৰা মাত্ৰ ৯৪.৪০ টকা দৰত ক্ৰয় কৰিছিল যদিও সেই একেই ছেনিটাইজাৰ ধনুকাৰ কোম্পানীৰ পৰা ক্ৰয় কৰিছিল ২৩১.৮৭ টকা দৰত। সংবাদ মেলত লুৰীণজ্যোতি গগৈয়ে কয় যে অসমৰ ৰাইজক ক’ভিডৰ নামত পণবন্দী কৰি হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়াল আৰু তেওঁৰ অতি ঘনিষ্ঠ ধনুকা পৰিয়ালক মুনাফা লাভৰ সকলো সুবিধা কৰি দিয়া বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে। এজেপিয়ে ইতিপূৰ্বে পি পি কিট যোগানৰ বাবদ হোৱা অনিয়ম আৰু ক’ভিড প্ৰতিৰোধৰ নামত হোৱা সকলো খৰচৰ কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবীৰে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা বুলি তেওঁ সংবাদমেলত সদৰি কৰে। তেওঁ লগতে কয় যে এইবাৰ চেনিটাইজাৰ যোগানৰ নামত নতুন কেলেংকাৰি পোহৰলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰীলৈ দলে পুনৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰি পূৰ্বৰ দাবী দোহাৰিব। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁলোকৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ নাম জড়িত হৈ থকা আৰ বি ৰিয়েলটর্ছ নামৰ কোম্পানীটোৰ কলকাতাস্থিত এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে লেনদেন আছে, যাৰ সৈতে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ অলপতে গ্ৰেপ্তাৰ হোৱা মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ তথাকথিত অবৈধ লেনদেনৰ সম্পর্ক আছে। এই বিষয়টোও তদন্তৰ আওতালৈ আনিব লাগে বুলি তেওঁ সদৰি কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More