ক’ভিডৰ সংক্ৰমণক লৈ সস্তম ৰাজ্য চৰকাৰ

ক'ভিড প্ৰতিৰোধ প্ৰস্তুতিক লৈ স্বাস্থ্য বিভাগৰ আখৰা

0 13

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ ডিচেম্বৰ : একাধিক বিদেশী ৰাষ্ট্ৰত ক’ভিড-১৯ৰ পুনৰ সংক্ৰমণক লৈ ভাৰত চৰকাৰে আগবঢ়োৱা পৰামৰ্শৰ আধাৰত অসমতো সম্ভাব্য যিকোনো পৰিস্থিতিৰে মোকাবিলাৰ বাবে সতৰ্কতা অৱলম্বনৰ লগতে সম্পূৰ্ণ সস্তম হৈ পৰিছে ৰাজ্য চৰকাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশত দেশৰ আন ৰাজ্যৰ লগতে অসমতো আজি চিকিৎসালয়সমূহত আখৰা (ম’ক ড্ৰিল) কৰি ক’ভিড প্ৰতিৰোধ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। শেহতীয়াকৈ বিদেশত অমিক্ৰনৰ নতুন প্ৰকাৰ বিএফ.৭ -ৰ সংক্ৰমণৰ প্ৰতি নজৰ ৰাখি ৰাজ্যৰ সকলো জিলাতে সম্ভাব্য ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ অসমৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ লগতে ইতিপূৰ্বে ক’ভিড চিকিৎসালয় হিচাপে ব্যৱহৃত সকলো চিকিৎসালয়তে মঙ্গলবাৰে ক’ভিড প্ৰতিৰোধ ব্যৱস্থাপনাৰ ম’ক ড্ৰিল সম্পন্ন কৰা হয়। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আগবেলা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত এই ম’ক ড্ৰিল পৰিদৰ্শন কৰি চিকিৎসালয়খনত অক্সিজেনৰ উপলব্ধতাকে ধৰি জৰুৰী ক’ভিড পৰিস্থিতি চম্ভালিবলৈ সাজু কৰা ব্যৱস্থাৱলীৰ চৰজমিন বুজ লয়।WhatsApp Image 2022 12 27 at 8.01.29 PM শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ মিশ্ৰ, এনএইচএমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকা, তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশী, জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ জে আহমেদৰ লগতে নডেল বিষয়াও এই ক’ভিড প্ৰতিৰোধ ব্যৱস্থাপনাৰ আখৰাকালত উপস্থিত থাকে। আজিৰ ম’ক ড্ৰিলত কভিড আক্ৰান্ত ৰোগীসকলক কিদৰে চিকিৎসা সেৱা আগবঢ়োৱা হ’ব, সেই বিষয়েও অনুশীলন কৰে চিকিৎসক-নাৰ্ছ তথা স্বাস্থ্যকৰ্মীৰ লগতে ১০৪ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাত নিয়োজিত চিকিৎসা-কৰ্মীৰ দলে। ম’ক ড্ৰিলৰ পাছতে স্বাস্থ্য মন্ত্ৰী মহন্তই এনএইচএমৰ কাৰ্যবাহী সঞ্চালক ডাঃ চৌধুৰীৰ সৈতে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ সভাকক্ষত উপায়ুক্ত, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ অধীক্ষক, জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক আৰু চিকিৎসকসকলৰ লগত এখন বৈঠকত মিলিত হৈ কভিডৰ সৈতে মোকাবিলা কৰিব পৰাকৈ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনকে ধৰি শোণিতপুৰ জিলাত পুনৰ সস্তম কৰি তোলা ক’ভিড ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে৷ বৈঠকত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষই ক’ভিড ৰোগীৰ বাবে আছুতীয়া বিছনা, অক্সিজেনৰ যোগান, চিকিৎসক, এম্বুলেন্স সেৱা, ক’ভিড পৰীক্ষণ সামগ্ৰী আদিৰ উপলব্ধতাৰ বিষয়ে বিভাগীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। ইফালে, স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে চিকিৎসালয়খনৰ সামগ্ৰিক পৰিচালনা আৰু আৱশ্যকীয় সা-সুবিধাৰাজি সন্দৰ্ভতো আলোচনা কৰে। চিকিৎসালয়খনৰ পৰিচালনা ব্যৱস্থাৱলী, বিভিন্ন বিভাগত উপলব্ধ সা-সুবিধা আৰু প্ৰয়োজনীয়তাসমূহৰ বিস্তাৰিতভাৱে আলোচনা কৰি বিভাগীয় মন্ত্ৰী মহন্তই চিকিৎসালয়খনত ৰাইজে যাতে গুণগত তথা উপযুক্ত চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়, সেয়া সুনিশ্চিতকৰণ কৰিবলৈ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু চিকিৎসিলয়ৰ অধীক্ষকক দিহা দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More