কমৰেড শিৱদাস ঘোষৰ জন্ম শতবাৰ্ষিকীৰ কাৰ্যসূচী : তেজপুৰত গণ সমাৱেশ

0 17

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১নৱেম্বৰ: আজি তেজপুৰৰ তৰুণ অসম সংঘত এছ ইউ চি আই(কমিউনিষ্ট) দলৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত মাৰ্ক্সবাদী চিন্তানায়ক, দাৰ্শনিক, সৰ্বহাৰাৰ নেতা কমৰেড শিবদাস ঘোষৰ জন্ম শতবাৰ্ষিকী পালনৰ বছৰ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে এখন সমাৱেশ অনুষ্ঠিত হয়। সমাৱেশত মুখ্য বক্তা হিচাবে উপস্থিত থাকে দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক তথা কেন্দ্ৰীয় কমিটিৰ সদস্য অধ্যাপিকা চন্দ্ৰলেখা দাস। আৰম্ভণিতে দিনৰ ১২ বজাত এক শোভাযাত্ৰাই চহৰৰ নানা পথ পৰিক্ৰমা কৰি সমাৱেশ থলীত সমবেত হয়।তাৰপিছত দলৰ শোণিতপুৰ জিলা কমিটিৰ সম্পাদক অজয় আচাৰ্য্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সমাৱেশৰ মুখ্য বক্তা চন্দ্ৰলেখা দাসে কয়,পুঁজিবাদবিৰোধী সমাজতান্ত্ৰিক বিপ্লৱক তৰান্বিত কৰাৰ লক্ষ্য লৈয়েই সমগ্ৰ দেশব্যাপী বছৰজোৰা কাৰ্যসূচীৰে এই মহান মাৰ্ক্সবাদী চিন্তানায়ক গৰাকীৰ জন্মশতবাৰ্ষিকী পালিত হৈ আছে।তেওঁ কয়,স্বাধীনতাৰ প্ৰাকমুহুৰ্তত একমাত্ৰ ব্যাক্তি কমৰেড শিবদাস ঘোষে কৈছিল, এই স্বাধীনতাৰ যোগেদি বৃটিছ সাম্ৰাজ্যবাদী শোষণৰ অন্ত পৰিল যদিও প্ৰকৃত গণমুক্তি নাহিল।বৰং দেশ নতুনকৈ জাতীয় পুঁজিপতি শ্ৰেণীৰ শোষণৰ জালত আবদ্ধ হল।তেওঁ আৰু কয় যে, সিদিনা কমৰেড শিবদাস ঘোষে এই অভ্ৰান্ত বিশ্লেষণৰ ভিত্তিতেই নিজে অত্যন্ত কষ্টকৰ অসাধাৰণ সংগ্ৰামৰ সূচনা কৰি ভাৰতৰ বুকুত এটা প্ৰকৃত কমিউনিষ্ট পাৰ্টি গঢ়ি তুলিলে।আজি এই দলে দেশৰ সৰ্বত্ৰ জনসাধাৰণৰ জ্বলন্ত সমস্যাবোৰক লৈ প্ৰতিদিনে আন্দোলন গঢ়ি তোলাৰ সংগ্ৰাম কৰি আছে।অধ্যাপিকা দাসে বুৰ্জোৱা নিৰ্বাচনক পুঁজিপতি শ্ৰেণীৰ এক প্ৰতাৰণা বুলি আখ্যা দি কয়,জনসাধাৰণে আজি মনুষ্যত্ব লৈ জীয়াই থাকিবলৈ হলে এই নিৰ্বাচনৰ মোহৰ পৰা মুক্ত হৈ পুঁজিবাদবিৰোধী সমাজতান্ত্ৰিক বিপ্লৱৰ পৰিপূৰক গণ আন্দোলন গঢ়ি তুলিব লাগিব।এই পথেৰে আগুৱাই আহিবলৈ তেওঁ আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More