কলকাতাত গীতে-মাতে ভূপেন হাজৰিকাক স্মৰণ

কলকাতা অসমীয়া সাংস্কৃতিক সংস্থা-অসম সাহিত্য সভাৰ যৌথ উদ্যোগ

0 40

 

কলকাতা, ১২ ছেপ্টেম্বৰঃ অসম সাহিত্য সভা আৰু কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ যৌথ উদ্যোগত যোৱা ১০ ছেপ্টেম্বৰত কলকাতাত ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী অতি আড়ম্বৰতাৰে পালন কৰা হয়। সুধাকণ্ঠৰ কলকাতাৰ সংযোগক সুঁৱৰি অনুষ্ঠিত হোৱা আলোচনা সত্ৰত অসম তথা বংগৰ বহু কেইজন সাহিত্যিকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে অসমীয়া, মণিপুৰী, বঙালী আৰু ইংৰাজী ভাষাৰ বহুকেইখন গ্ৰন্থ উন্মোচিত হয়। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ সভাপতি দীপকানন্দ ভৰালীয়ে সভাপতিত্ব কৰা তথা অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই অংশগ্ৰহণ কৰা এই সভাত বংগৰ প্ৰসিদ্ধ সাহিত্যিক ড° ৰাম কুমাৰ মুখ্যোপাধ্যায়, খড়গপুৰ আই. আই. টি.ৰ ডিন ড° খনিন্দ্ৰ পাঠক, পশ্চিম বংগ আৰক্ষীৰ প্ৰাক্তন মহা নিৰ্দেশক সুৰজিৎ কৰ পুৰকায়স্থ তথা অসম সাহিত্য সভা আৰু কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে। কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ সাধাৰণ সম্পাদক অনুজ গগৈয়ে আঁত ধৰা মূল সাংস্কৃতিক সভাৰ প্ৰধান আকৰ্ষণ আছিল দৰদী শিল্পী তৰালী শৰ্মা তথা ভূপেন্দ্ৰ সংগীতৰ সাধক মিঠুন ধৰ৷ সাংস্কৃতিক অনুষ্ঠানতে প্ৰবীন শিল্পী ডলি ঘোষ আৰু মন্দিৰা শৰ্মা লাহিড়ীক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰোপৰি কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ সদস্যসকলে পৰিৱেশন কৰা সমবেত সংগীত, কাশ্মীৰি কটকী আৰু ইন্দুকল্প শইকীয়াৰ ভূপেন্দ্ৰ সংগীত, জিঞ্জিৰি ঠাকুৰীয়া, প্ৰতিষ্ঠা কটকী, দেৱস্মিতা কৰৰ নৃত্যানুষ্ঠান আৰু কলকাতাৰ স্হানীয় বিক্ৰমশিলা নৃত্য দলৰ নৃত্যানুস্থানে সাংস্কৃতিক অনুষ্ঠানটিক মনোমোহা কৰি তোলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More