কলকাতাত নামঘৰৰ আধাৰশিলা স্থাপন

0 33

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ মেঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নামঘৰৰ লাইখুঁটা স্থাপন হল আজি কলকাতাৰ পিয়ালিৰ খোলাঘাটাত । শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছচাইটি অৱ ইণ্ডিয়াৰ দ্বাৰা এই নামঘৰৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুটাৰ আধাৰশিলা স্থাপন কৰে কলকাতা অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱে।IMG 20220504 WA0013 1 এই উপলক্ষে আয়োজিত অনুস্থানত কলকাতাস্থ অসম ভৱনৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দেৱাশিস চক্ৰৱৰ্তী, কলকাতা অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱ, শ্ৰীমন্ত শংকৰদেৱ কনচিয়াচ ছচাইটিৰ কলকাতা শাখাৰ সভাপতি প্ৰণৱ কুমাৰ হাজৰিকা,উপ সভাপতি হেমেন ভট্টাচাৰ্য, সাংস্কৃতিক সম্পাদিকা অদিতি গোস্বামী, সম্পাদক প্ৰতিক ঘোষ, কোষাধ্যক্ষ মানস জ্যোতি বৰা, নাট্য কৰ্মী দয়াল কৃষ্ণ নাথকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে সুজিত চক্ৰৱৰ্তীয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি যুটীয়া আৱাসিক আয়ুক্ত তাপস দেৱে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নামঘৰ কলকাতাত স্থাপন কৰি এক উল্লেখনীয় কৰ্ম কৰাৰ প্ৰয়াস কৰা হৈছে। এই নামঘৰ স্থাপনৰ চৰকাৰী অৰ্থ সাহায্য প্ৰদানৰ বাবে তেখেতে বিশেষ গুৰুত্ব প্ৰদান কৰিব। উল্লেখনীয় যে এই নামঘৰ স্থাপনৰ বাবে ভূমি প্ৰদান কৰে লক্ষণ চক্ৰৱৰ্তীয়ে। নামকীৰ্ত্তন আৰু ভাগৱত পাঠ কৰে পৱিত্ৰ দাস, পাচালী পাঠ কৰে ডা° অনামিকা সৰকাৰে, বৰগীত পৰিৱেশন কৰে শিখা ভট্টাচাৰ্য, অদিতি গোস্বামীয়ে । প্ৰিয়ালিম ফুকন, প্ৰীতম বেৰ্নাজী আৰু সম্ৰাটে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More