কলকাতাত নৰ্থ লখিমপুৰ কলেজৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় আলোচনা-সত্ৰ

পাঁচখন গ্ৰন্থ উন্মোচনঃ বংগ-অসম সাংস্কৃতিক বিনিময় অনুষ্ঠান

0 587

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ মাৰ্চঃ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ আৰু ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজৰ বাংলা বিভাগৰ যৌথ উদ্যোগত কলকাতাত ২৫ আৰু ২৬ মাৰ্চ তাৰিখে এক আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ অনুষ্ঠিত হৈ যায়৷ ‘ভাৰত উপ-মহাদেশৰ ভক্তি সাহিত্য’ শীৰ্ষক এই আলোচনা-চক্ৰত দেশ বিদেশৰ প্ৰায় ১৮০ গৰাকী ব্যক্তিয়ে গৱেষণা পত্ৰ উপস্থাপন কৰে৷ ছেইণ্ট প’লচৰ কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী উদ্বোধনী অনুষ্ঠানটো আঁত ধৰে ছেইণ্ট প’লচ কলেজৰ বাংলা বিভাগৰ মুৰব্বী ড॰ শেখ মকবুল ইছলামে৷ আদৰণি ভাষণ প্ৰদান কৰে উক্ত কলেজৰ অধ্যক্ষ অধ্যাপক দেৱাশিষ মণ্ডলে৷ উদ্বোধনী ভাষণ প্ৰদান কৰে বাংলা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ চন্দ্ৰ খানে৷ আলোচনা-চক্ৰত বীজ ভাষণ প্ৰদান কৰে ক্ৰমে বাংলাদেশৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যাপক চামচুদ্দিন শিশিৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ বিমল মজুমদাৰে৷WhatsApp Image 2023 03 26 at 1.57.37 PM  নৰ্থ লখিমপুৰ  কলেজৰ তৰফৰপৰা অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই আলোচনা-চক্ৰৰ প্ৰস্তুতি আৰু উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়৷ উদ্বোধনী অনুষ্ঠানত বক্তব্য আগবঢ়োৱা আন ব্যক্তিসকল হ’ল ৰেভাৰেণ্ড সৈকত নাথ, সুভেন্দু কাঞ্জীলাল, গৌতম বেনাৰ্জী আৰু ড॰ জয়া মুখাৰ্জী৷ আলোচনা-চক্ৰৰ লগত সংগতি ৰাখি এক গ্ৰন্থ উন্মোচনী সভাও অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত বাসুদেৱ দাস প্ৰণীত ‘শ্ৰীশ্ৰী শংকৰদেৱ’ নামৰ গ্ৰন্থ এখন উন্মোচিত হয়৷ লগতে ড॰ শেখ মকবুল ইছলাম সম্পাদিত ‘বিষ্ণু ৰাভা আৰু ভাৰতীয় সংস্কৃতি’ আৰু ড॰ অৰবিন্দ ৰাজখোৱা সম্পাদিত ‘পদ্মনাথ গোহাঞিবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু পানীন্দ্ৰনাথ গগৈঃ জীৱন আৰু কৰ্ম’ নামৰ গ্ৰন্থ দুখনো উন্মোচন কৰা হয়৷ উক্ত তিনিওখন গ্ৰন্থ দুয়োখন কলেজৰ সহযোগত নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনে প্ৰকাশ কৰিছে৷ ড॰ শেখ মকবুল ইছলামৰ ‘কাৰ্বি ডিচকোৰ্চঃ ৰংবং তেৰাঙৰ নিৰ্বাচিত প্ৰবন্ধঃ সাহিত্যতাত্ত্বিক বোধান্বয়ন’ আৰু ‘শ্ৰীমদ্ভগবদ্‌গীতাঃ গৌড়ীয় ভাষ্য’ নামৰ ক্ৰমে অসমীয়া আৰু বাংলা ভাষাত লিখা গ্ৰন্থ দুখনো উন্মোচন কৰা হয়৷ ‘বংগ-অসম সাংস্কৃতিক বিনিময়’ শীৰ্ষক এটি নাতিদীৰ্ঘ সাংস্কৃতিক অনুষ্ঠানো প্ৰেক্ষাগৃহৰ মঞ্চত পৰিৱেশিত হয়৷ অভিক বন্দোপাধ্যায়ে ভজন, অমৃতা চৰকাৰে ওডিচি নৃত্য, অব্যক্ত নিৰ্বান ৰাজখোৱা আৰু তেওঁৰ সংগীসকলে জিকিৰ আৰু গোৱালপৰীয়া লোকগীত, সঞ্চিতা ভূঞাই সত্ৰীয়া নৃত্য, হিয়া দাসে লোকনৃত্য, শাৰদী জোনাক শইকীয়া আৰু সংগীসকলে সত্ৰীয়া নৃত্য প্ৰেৰণা চমুৱাই বৰগীত আৰু পৰাগজ্যোতি গগৈয়ে ভজন পৰিৱেশন কৰে৷ মুনমী দত্ত আৰু ড॰ প্ৰমা পাল এই অনুষ্ঠানৰ সমন্বয়কৰ দায়িত্বত আছিল৷
WhatsApp Image 2023 03 26 at 1.57.35 PMপ্ৰথমটো দিনৰ আলোচনা-চক্ৰ মুঠতে ওঠৰটা কাৰিকৰী সত্ৰত অনুষ্ঠিত হয়৷ প্ৰত্যেক সত্ৰত পাঁচৰপৰা দহগৰাকীকৈ ব্যক্তিয়ে গৱেষণা-পত্ৰ উপস্থাপন কৰে৷ এই সত্ৰসমূহ সঞ্চালনা কৰে ক্ৰমে ড॰ অনসূয়া ভৰ, বিনায়ক ভট্টাচাৰ্য, ড॰ বিমল মজুমদাৰ, ড॰ বিনীতা বৰা দেৱচৌধুৰী, ড॰ জ্যোতিৰ্ময়ী ভট্টাচাৰ্য, ড॰ চৈতালী মৈত্ৰ, ড॰ ধনৰঞ্জন কলিতা, ড॰ ধীৰাজ পাটৰ, বাসুদেৱ দাস, ড॰ মিলানকান্তি বিশ্বাস, অধ্যাপক চামচুদ্দিন শিশিৰ সৰসিজ সেনগুপ্তা, সুভেন্দু কাঞ্জীলাল, ড॰ ছৈয়দা আয়েশা আলি, ড॰ কমলেশ পাণ্ডে আদিয়ে৷ দ্বিতীয় দিনাৰ কাৰিকৰী সত্ৰসমূহ অনুষ্ঠিতহয় কলকাতাৰ বাগবাজাৰস্থিত শ্ৰীচৈতন্য গৌড়ীয় মঠৰ প্ৰেক্ষাগৃহত৷ ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ’ শীৰ্ষক এটি বিশেষ কাৰিকৰী সত্ৰ উক্ত মঠৰ প্ৰেক্ষাগহত অনুষ্ঠিত হয়৷ এই সত্ৰত সঞ্চালনা কৰে ৰাজীৱ বৰাই আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰমানন্দন বৰা৷ আলোচনা-চক্ৰৰ সামৰণি অনুষ্ঠানৰ সঞ্চালনা কৰে ড॰ অৰবিন্দ ৰাজখোৱাই৷ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰপৰা আৰু বিদেশৰপৰা অহা গৱেষকসকলে এই আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰক ফলপ্ৰসু আৰু সফল হৈছে বুলি মত প্ৰকাশ কৰে৷ এনেধৰণৰ আলোচনা-চক্ৰই যে ঐক্য আৰু ভ্ৰাতৃত্ববোধ বৃদ্ধি কৰে সেয়া উপলদ্ধি কৰা বুলি বাংলাদেশ আৰু থাইলেণ্ডৰ প্ৰতিনিধিসকলে কয়৷ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ আৰু ছেইণ্ট প’লচ কলেজৰ বাংলা বিভাগে বিগত প্ৰায় পাঁচ বছৰজুৰি এনেধৰণৰ কাৰ্যসূচীৰ যোগেদি সমন্বয় শক্তিশালী কৰাৰ যত্ন কৰি আহিছে৷  এই প্ৰচেষ্টাই ইতিমধ্যেই এটা সুস্থ বাতাবৰণ জন্ম দিছে বুলি নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই মত প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে, সততে বাঙালী আৰু অসমীয়াৰ মাজত বিবাদ সৃষ্টি কৰিবলৈ চেষ্টা কৰি থকা অপশক্তিবোৰৰ বিৰুদ্ধে এয়া এক নজিৰ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More