কলম্বিয়াৰ সমুদ্ৰত ডুব যোৱা জাহাজত সোণ-ৰূপৰ ভাণ্ডাৰ

বিখ্যাত ছান জোছ জাহাজৰ পৰা নতুন ছবি

0 62

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জুন : ৩০০ বছৰতকৈও আগেয়ে সমুদ্ৰত ডুব যোৱা ঐতিহাসিক ছান জোছ গেলিয়ন (San Jose galleon) বা ছান জোছ নামৰ স্পেনিছ পালতৰা জাহাজখনে এতিয়াও সমগ্ৰ বিশ্বৰ সম্পদ সন্ধানকাৰীসকলৰ হৃদস্পন্দন বঢ়াই তোলে। বিশেষজ্ঞসকলৰ মতে, ১৭০৮ চনত কলম্বিয়াৰ বন্দৰ চহৰ কাৰ্টাজেনাৰ উপকূলত ডুব যোৱা জাহাজখনত কমেও ২০০ টন সোণ, ৰূপ আৰু ৰত্ন আছিল বুলি কোৱা হয়। ইয়াৰ মূল্য কেইবা কোটি মাৰ্কিন ডলাৰ। ২০১৫ চনত যেতিয়া জাহাজখনৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰা হৈছিল, কলম্বিয়াৰ তেতিয়াৰ ৰাষ্ট্ৰপতি জুয়ান মেনুৱেল ছান্টোছে (Juan Manuel Santos) ইয়াক “মানৱ জাতিৰ ইতিহাসত এতিয়ালৈকে পোৱা আটাইতকৈ মূল্যৱান সম্পদ” হিচাপে উপস্থাপন কৰিছিল।1654915894883

  •  সোণ, মুদ্ৰা আৰু কামানশেহতীয়াকৈ ৯৫০ মিটাৰ (৩১১৭ ফুট) গভীৰতাত ডুবাৰুৱে চলোৱা অভিযানৰ পিছত কলম্বিয়া সেনাই এতিয়া এই কিংবদন্তি জাহাজখন আৰু ইয়াৰ সম্পদসমূহৰ নতুন ছবি প্ৰকাশ কৰিছে। ইয়াত ঢালাই কৰা লোহাৰ কামান, চীনামাটিৰ বাচন, মৃৎশিল্প, কাঁচৰ বটল আৰু কিছু সোণৰ মুদ্ৰাও দেখুওৱা হৈছে। সাগৰীয় উদ্ভিদ আৰু খোলাৰে ঢাকি থোৱা জাহাজৰ বেঁকা এটা অংশৰ লগতে ঢালৰ কাঠামোৰ অৱশিষ্টও তেওঁলোকে প্ৰদৰ্শন কৰে। কলম্বিয়াৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ইভান ডুকে (Ivan Duque) জনোৱা মতে, এইবোৰেই হৈছে জাহাজখনৰ এতিয়ালৈকে লোৱা আটাইতকৈ সঠিক ছবি।
  •  অন্যান্য ধ্বংসাৱশেষৰো তদন্ত হ’বৰিম’ট কণ্ট্ৰ’ল ডাইভিং ৰবটকে ধৰি উচ্চ প্ৰযুক্তিৰ সঁজুলিৰে চাৰিটা মিছনত অংশ লৈছে ডুবাৰু দলসমূহে। এই প্ৰক্ৰিয়াত তেওঁলোকে নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে যে, মানুহৰ হস্তক্ষেপৰ ফলত ধ্বংসাৱশেষৰ ক্ষতি হোৱা নাই। বিখ্যাত জাহাজখনৰ ধ্বংসাৱশেষৰ দৰ্শনীয় ছবিৰ উপৰি আন কিছু কথাও উন্মোচিত হৈছে। কেইশ মিটাৰমান দূৰত কেমেৰাই আন দুটা ধ্বংসাৱশেষ বিচাৰি পাইছে। এই দুই ধ্বংসাৱশেষ হৈছে ঔপনিৱেশিক যুগৰ এখন স্পেনীয় পালতৰা জাহাজ (galleon) আৰু উত্তৰ-ঔপনিৱেশিক যুগৰ এখন পালতৰা জাহাজ (schooner)। 1654915894897আনহাতে আন তেৰটা স্থান, য’ত একে যুগৰ আন জাহাজ ধ্বংস হোৱাৰ সন্দেহ কৰা হৈছে, এতিয়াও তদন্ত কৰিবলৈ বাকী।
  •  দ্য ছান জোছ : এটা জাতীয় সম্পদস্পেনীয় পালতৰা জাহাজ ছান জোছত থকা ধনবোৰ ১৭০৮ চনত লেটিন আমেৰিকাৰ স্পেনিছ উপনিবেশৰ পৰা স্পেইনৰ ৰজা পঞ্চম ফিলিপৰ দৰবাৰলৈ যোৱাৰ পথত অগ্ৰসৰ হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ সেইবোৰ তাত কেতিয়াও উপস্থিত নহ’ল। ৭ জুনৰ নিশা জাহাজখন আৰু ইয়াৰ সম্পদবোৰ ডুব গ’ল কেৰিবিয়ান সাগৰত ব্ৰিটিছ বহৰৰ দ্বাৰা। ৬০০ মান জাহাজকৰ্মীৰ ভিতৰত মাত্ৰ কেইজনমানহে বাচিল।

কলম্বিয়াই এই ধ্বংসাৱশেষ উদ্ধাৰ কৰাৰ পৰিকল্পনা কৰিছে। এই উদ্ধাৰ অভিযানত প্ৰায় ৬১ মিলিয়ন ইউৰো (৬৫ মিলিয়ন ডলাৰ)ৰ খৰচ হ’ব বুলি ভবা হৈছে। এই সম্পদসমূহ উদ্ধাৰ কৰাৰ পিছত কাৰ্টাজেনাৰ এটা সংগ্ৰহালয়ত প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে। দেশখনে ইতিমধ্যে উল্লিখিত ধ্বংসাৱশেষ আৰু ইয়াৰ সম্পদক ‘ৰাষ্ট্ৰীয় সম্পদ’ বুলি ঘোষণা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More