কলীয়াভোমোৰাৰ কাষৰ দ্বিতীয়খন দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ: উদ্বোধনৰ বাবে সাজু

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব গুৰুত্বপূৰ্ণ দলংখন--কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু

0 28

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৩ছেপ্টেম্বৰঃ তেজপুৰৰ ভোমোৰাগুৰি আৰু নগাঁৱৰ কলিয়াবৰ সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে৷ অহা মাহত দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে,গেমন আৰু ছিংলা নামৰ নিৰ্মাতা প্ৰতিষ্ঠানে নিৰ্মাণ কৰা দলংখনৰ সকলো কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ নগাঁৱৰ কলিয়াবৰৰ পৰা তেজপুৰৰ দোলাবাৰী পৰ্যন্ত নিৰ্মীয়মাণ চাৰিশৰীয়া পথৰ ৩.০৪ কিলোমিটাৰৰ এক অংশ এই দলংখনৰ নিৰ্মাণত ব্যয় হৈছে ৪১৩কোটি টকা৷ আজি এই দলংখন পৰ্যবেক্ষণ কৰি কেন্দ্ৰীয় চৰকাৰৰ আইন মন্ত্ৰী কিৰণ ৰিজিজুৱে এই তথ্য প্ৰকাশ কৰে৷ সাংসদ কামাখ্যা প্ৰসাদ তাছাসহ কলীয়াভোমোৰাৰ অঞ্চলত নিৰ্মিত দলংখন আজি পৰ্যবেক্ষণ কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে অক্টোবৰত দেশৰ প্ৰধানমন্ত্ৰী মোদী অৰুণাচল প্ৰদেশৰ ইটানগৰত নিৰ্মিত বিমানকোঠ আৰু কামেং নদীত নিৰ্মিত ছয়শ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনক্ষম প্ৰকল্প উদ্বোধন কৰিবলৈ আহিব আৰু এই সময়তে একেলগে তেজপুৰ-নগাঁও সংযোগী দলংখনো উদ্বোধন কৰিব পাৰি নেকি সেই বিষয়ে আলোচনা কৰা হ’ব৷ ৰিজিজুৱে কয় যে,দলং খনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু এতিয়া মাত্ৰ এইখন উদ্বোধনৰ বাবেহে ৰৈ থকা হৈছে৷ গতিকে এই বিষয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স’তে আলোচনা কৰি দেশৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা দলংখন উদ্বোধনৰ এটা দিন ঠিৰাং কৰা হ’ব৷ তেওঁ এই প্ৰসংগতে কয় যে অহামাহত প্ৰধানমন্ত্ৰী অৰুণাচল প্ৰদেশলৈ আহিব আৰু সেই ভ্ৰমণসূচীতে এইখন দলঙো উদ্বোধন কৰাৰ চেষ্টা কৰা হ’ব৷ ৰিজিজুৱে কয় যে ,কলীয়াভোমোৰাৰ প্ৰথমখন দলঙৰ ওপৰৰে যাতায়াত বহু অধিক হৈছে আৰু এনে অৱস্থাত দলংখনে বহন ক্ষমতা হেৰুৱাইছে৷ গতিকে দ্বিতীয়খন দলং উদ্বোধন হ’লে সেই সমস্যা লাঘৱ হ’ব৷ তেওঁ দ্বিতীয়খন দলঙৰ নিৰ্মাণৰে জড়িত প্ৰতিষ্ঠান দুটাৰ অভিযন্তা সকলৰে আলোচনা কৰে৷ ৰিজিজুৱে কয় যে,ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু ৰাজ্যৰ মধ্যভাগত এই দুখন দলং আছে আৰু এই দুখন দলঙে ৰাজ্যৰ উত্তৰ পাৰৰ লগতে অৰুণাচল প্ৰদেশ তথা ৰাজ্যৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ আৰু নাগালেণ্ড,মণিপুৰ সকলোকে সংযোগ কৰিছে৷ এই দুখন দলঙৰ গুৰুত্ব অতি বেছি বুলি প্ৰকাশ কৰি তেওঁ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত তথা ব্যৱসায়,বাণিজ্য আৰু অৰ্থনৈতিক উন্নয়নৰ বাবেও এই নতুন দলংখনৰ গুৰুত্ব অপৰিসীম বুলি মন্তব্য কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুয়ে কয় যে উত্তৰ পাৰৰ সীমান্তলৈ যোগাযোগ ব্যৱস্থা সুচল হোৱাত সেনাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এই দলংখনে । দৈনিক দেশৰ সেনাৰ অহা যোৱা লগতে অন্যান্য সুৰক্ষা বিভাগৰ বাবে এই দলংখন নিৰ্মাণ সম্পূৰ্ণ হোৱাত সুবিধাজনক হ’ব বুলি তেওঁ কয়৷ তেওঁ লগতে কয় যে,উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰই বাংলাদেশলৈকে সংযোগ কৰা জলপথৰ সংযোগৰ দিশটোও যোগাত্মক ভাবে আগবাঢ়িছে। ৰিজিজুৱে কলীয়া ভোমোৰাৰ দ্বিতীয়খন দলং নিৰ্মাণৰ ক্ষেত্ৰত কাৰিকৰী কাৰণতে কিছু পলম হোৱাৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে,দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে দায়িত্ব গ্ৰহণৰ পাছতে দেশৰ উত্তৰ পূৰ্বাঞ্চল যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে৷ তেওঁ এই প্ৰসংগত কয় যে অৰুণাচল প্ৰদেশতে যি দূৰত্ব অতিক্ৰম কৰিবলৈ দুদিন লাগিছিল বৰ্তমান সেই দূৰত্ব দুঘন্টাত অতিক্ৰম কৰিব পাৰি৷ আনহাতে,১৯৭০ৰ শেষৰ ফালে আৰু ১৯৮০ ৰ আৰম্ভণিত তেজপুৰ হৈ নৈপথৰে যাত্ৰাৰ স্মৃতি স্মৰণ কৰে ৰিজিজুৱে৷ ইপিনে,কলীয়াভোমোৰাৰ দ্বিতীয়খন দলং উদ্বোধনৰ পাছতে প্ৰথমখন দলঙৰ মেৰামতিৰ কাম আৰম্ভ কৰিব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে গেমনৰ অভিযন্তা সকলে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More