কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণ : আহত ২

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ নৱেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজনী গঁড়ৰ আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত হয়। আজি ২৭ নৱেম্বৰত উদ্যান কৰ্তৃপক্ষই এই বাতৰি সদৰী কৰিছে। উদ্যান কৰ্তৃপক্ষই জনোৱা মতে ২৬ নৱেম্বৰত কঁহৰা ৰেঞ্জৰ অন্তৰ্গত বৰবিল অঞ্চলত পথ নিষ্কাশনৰ কামত নিয়োজিত হৈ থকা অৱস্থাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মী বিনোদ চাৰ’ আৰু স্থানীয় যুৱক জীৱন চাৰ’ক গঁড়জনীয়ে আক্ৰমণ কৰে। এই আক্ৰমণত আঘাতপ্ৰাপ্ত দুয়োজনক লগে লগে কঁহৰা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ আৰু হাস্পতাললৈ স্থানান্তৰ কৰা হয়। উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে গোলাঘাট জিলাৰ বোকাখাতৰ হাতীখুলি চাহ বাগিচাত গঁড়ৰ আক্ৰমণত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More