কান চলচ্চিত্ৰ মহোৎসৱৰ তথ্যচিত্ৰ শাখাৰ সৰ্বশ্ৰেষ্ঠ- শৌনাক সেনৰ ‘All That Breaths’

0 24

শতাব্দ বিশেষ প্ৰতিনিধি, ২৯ মে’ : কান চলচ্চিত্ৰ মহোৎসৱৰ তথ্যচিত্ৰ শাখাৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ L’Oeil d’Or লাভ কৰিছে শৌনাক সেনৰ ‘All That Breaths’ নামৰ তথ্যচিত্ৰখনে। ভাৰতৰ পৰা এইখনেই একমাত্ৰ মনোনীত ছবি আছিল। ৯০ মিনিট দৈৰ্ঘ্যৰ ছবিখনত দিল্লীৰ ৱাজিৰাবাদ অঞ্চলৰ এটা পৰিত্যক্ত বহুমহলীয়া ভৱনত মহম্মদ চাউদ আৰু নাদিম শ্বেহজাদে আহত চৰাই সমূহক চিকিৎসা আৰু শুশ্ৰূষা কৰি কেনেদৰে আনন্দ লভে তাৰে বৰ্ণনা চিত্ৰায়িত কৰা হৈছে।shaunnnnnkkkkji20220529021921 696x527 1 তথ্যচিত্ৰ শাখাৰ বিচাৰক মণ্ডলী আছিল পোলেণ্ডৰ চিত্ৰনিৰ্মাতা এগনিয়েস্কা হ’লাণ্ড, ইউক্ৰেইনৰ লেখক তথা পৰিচালক ইৰিণা ছিলেইক, ফৰাছী অভিনেতা পিয়েঁৰি ডেলাড’চ্যাম্পছ, সাংবাদিক এলেক্স ভিচেণ্ট আৰু মৰক্কোৰ লেখক আৰু চিত্ৰনিৰ্মাতা হিছাম ফালাহ। ‘All That Breaths’ ছবিখনক শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে ঘোষণা কৰি বিচাৰক মণ্ডলীয়ে মন্তব্য কৰি কৈছে, “ধ্বংসাত্মক পৃথিৱীখনত ইয়ে আমাক সোঁৱৰাই দিয়ে যে, প্ৰতিটো জীৱনেই গুৰুত্বপূৰ্ণ, প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ কাৰ্যই মহত্বপূৰ্ণ। আপুনি এটা কেমেৰাৰে এজনী চৰাইৰ জীৱন ৰক্ষা কৰিব পাৰে, অনাবিল আনন্দৰ এক মুহূৰ্ত্ত উপভোগ কৰিব পাৰে। এই ছবিখন এটা অনুপ্ৰাণিত যাত্ৰা, য’ত তিনিজন ডন কুইক্স’টৰ পৰ্যবেক্ষণ লক্ষ্য কৰা যায়। হয়তো তেওঁলোকে সমগ্ৰ পৃথিৱীখন ৰক্ষা কৰিব নোৱাৰিব পাৰে, কিন্তু তেওঁলোকৰ নিজৰ পৃথিৱীখন ৰক্ষা কৰিব পাৰে।” শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে ছবিখনে পুৰস্কাৰৰ বাবদ পাঁচহাজাৰ ইউৰ’ৰ ধনৰাশি লাভ কৰিব। উল্লেখযোগ্য যে, এই ছবিখনে ইয়াৰ পূৰ্বে ‘চানডেন্স চলচ্চিত্ৰ মহোৎসৱ’ত World Cinema Grand Jury Prize ও লাভ কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More