কাৰ্যকৰী হৈ আছেনে শিশুৰ স্কুলবেগ সম্পৰ্কীয় নিৰ্দেশনা

0 35

পংকজ হাজৰিকা

শিশুৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্য তেওঁলোকে পিঠিত বহন কৰা স্কুল বেগটোৰ ওপৰত বহু নিৰ্ভৰ কৰে।অত্যধিক বোজা সম্পন্ন স্কুল বেগ কঢ়িওৱাৰ ফলত হাৰ্টৰ সমস্যা,ৰাজহাড়ৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হয় শিশু সকল।মানসিক চাপ,অন্যমনস্কতা,হতাশা,ভাগৰুৱা আদিৰ লগতো এই বেগটোৰ সম্পৰ্ক আছে।এনেবোৰ কথা ভাবিয়েই হওক বা বিষয়টি পলমকৈ হ’লেও অনুধাৱন কৰি ২০২০বৰ্ষত ভাৰত চৰকাৰৰ Ministry of Human Resource Development,Department of School Education &literacy ৰ পৰা ২৪ নবেম্বৰ ২০২০ তাৰিখে “School Bag Policy 2020” সকলো ৰাজ্যৰ শিক্ষা সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল কাৰ্যকৰণৰ উদ্দেশ্যে।পত্ৰ অনুসৰি ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগটোৰ ওজন হ’ব লাগে শিশুৰ ওজনৰ ১০%।সেই অনুসৰি প্ৰাক প্ৰাথমিকৰ শিশুৰ বাবে কোনো বেগ নাথাকিব, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে বেগৰ ওজন হ’ব ১.৬-২.২ কিলোগ্ৰাম, তৃতীয়,চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বাবে ১.৭-২.৫ কিলোগ্ৰাম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে ২-৩ কিলোগ্ৰাম,অষ্টম শ্ৰেণীৰ বাবে ২.৫-৪ কিলোগ্ৰাম ,নৱম আৰু দশম শ্ৰেণীৰ বাবে ২.৫-৫ কিলোগ্ৰাম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে৩.৫-৫ কিলোগ্ৰাম হ’ব লাগে।এই ওজন বহন কৰিলে শিশুৰ স্বাস্থ্যত কোনো ধৰনৰ প্ৰভাৱ নপৰে।প্ৰকৃততে এই নিৰ্দেশনা বিদ্যালয় সমূহত কাৰ্যকৰী হৈছেনে? প্ৰথম অৱস্থাত কিছু কাম হোৱা যেন অনুমান হৈছিল যদিও দিন পাৰ হোৱাৰ লগে লগে সকলোৱে যেন পাহৰি পেলালে।এনে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতি, প্ৰশাসনৰ গুৰুত্ব কিমান তাত সন্দেহ আছে।বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত এই নিৰ্দেশনা কাৰ্যকৰী হোৱাত সন্দেহৰ অৱকাশ আছে। এই সম্পৰ্কত অভিভাৱক সকলো সচেতন হোৱাৰ প্ৰয়োজন আছে।চৰকাৰৰ লগতে নিৰ্দিষ্ট বিভাগ সমূহৰ প্ৰতি আহ্বান নিৰ্দেশনা সমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দায়িত্ব পালন কৰক শিশুৰ স্বাৰ্থত।চৰকাৰেও কেৱল জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে নিৰ্দেশনা জাৰি কৰি জনসাধাৰণৰ ক্ষন্তেকীয়া দৃষ্টি আকৰ্ষণতে সীমাবদ্ধ নাথাকি কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰি দায়িত্ববোধৰ পৰিচয় দিয়ক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More