‘কা’ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাৰ

0 16

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৩ জুলাইঃ বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহা যদি নিৰ্বাচিত হয় তেন্তে তেওঁ দেশত নাগৰিকত্ব সংশোধনী আইনখন যাতে কাৰ্যকৰী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বুধবাৰে গুৱাহাটীত প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য কৰে যশৱন্ত সিনহাই। অসমৰ বিৰোধী সাংসদ আৰু বিধায়কৰ সৈতে মত বিনিময় কৰি সিনহাই কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে খৰখেদাকৈ তথা মূৰ্খতাৰে ইয়াৰ খচৰা প্ৰস্তুত কৰাৰ বাবে এতিয়াও কাৰ্যকৰী কৰিব পৰা নাই। অসমৰ বাবে নাগৰিকত্ব এটা ডাঙৰ বিষয় আৰু চৰকাৰে সমগ্ৰ দেশতে আইন আনিব বিচাৰিছে যদিও এতিয়ালৈকে কৰিব পৰা নাই বুলিও তেওঁ কয়। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় লগতে কয় যে পূৰ্বতে চৰকাৰে ক’ভিড-১৯ মহামাৰীৰ অজুহাত দিছিল, কিন্তু এতিয়াও তেওঁলোকে ইয়াক কাৰ্যকৰী কৰিব পৰা নাই। সিনহাই লগতে কয় যে বাহিৰা শক্তিৰ পৰা নহয় দেশৰ সংবিধানৰ প্ৰতি ভাবুকিৰ সন্মুখীন আহিছে ক্ষমতাত থকাসকলৰ পৰা। তেওঁ কয় যে আমি দেশৰ সংবিধান বচাব লাগিব। যদি তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় তেন্তে ‘কা’ যাতে কাৰ্যকৰী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলি সদৰি কৰে। তদুপৰি বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীয়ে মূল্যবৃদ্ধি সম্পৰ্কতো শাসনাধিষ্ঠ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। ১৮ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিৰোধী বিধায়ক আৰু সাংসদৰ সমৰ্থন বিচাৰি আজি অসম ভ্ৰমণলৈ আহিছে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকী।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More