কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী অভিযান সম্পৰ্কে চৰাইদেউ জিলাৰ উপায়ুক্তৰ সংবাদমেল

0 8

শতাব্দ প্ৰতিনিধি, চৰাইদেউ, ২৩ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰৰে দেশৰ কৃষি খণ্ডৰ বিকাশ আৰু কৃষক সকলক সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে সমগ্র দেশজুৰি ৰূপায়ণ হোৱাকৈ “কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী” শীৰ্ষক এক অভিলাসী অভিযান আৰম্ভ কৰিছে। “কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী” অভিযান সন্দৰ্ভত বিস্তৃত ভাৱে অৱগত কৰাৰ উদ্দেশ্যে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখনি সংবাদমেল সম্বোধন কৰে। উপায়ুক্ত গৰাকীয়ে কয় যে, সমগ্র দেশ তথা ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো “কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী” অভিযানৰ অধীনত অহা ২৪ এপ্ৰিলৰ পৰা ১ মে’ লৈ জিলাখনৰ “কিষাণ ক্ৰেডিট কাৰ্ডৰ সংপৃক্ত অভিযান” আৰু অহা ২৫ এপ্ৰিলৰ পৰা ১ মে’ লৈ “ফচল বীমা পাঠশালা কাৰ্যসূচী” ৰূপায়ণ কৰা হ’ব। নিজ বক্তব্যত তেওঁ কয় যে, জিলাখনৰ ৩৬ খন গাঁও পঞ্চায়তত বিশেষ গাঁও সভাৰ আয়োজন কৰি “কিষাণ ক্ৰেডিট কাৰ্ডৰ সংপৃক্ত অভিযান” ৰূপায়ণ কৰা হ’ব। এই অভিযানত জিলাখনৰ যোগ্য পি. এম. কিষাণ হিতাধিকাৰীৰ মাজৰ যিসকলৰ কিষাণ ক্ৰেডিট কাৰ্ড লাভ কৰা নাই, সেইসকল কিষাণ ক্ৰেডিট কাৰ্ডৰ আবেদন পত্ৰ প্ৰদান আৰু গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে, এই অভিযানত বেংক সমূহৰ পৰা প্ৰদান কৰা নিৰ্দিষ্ট আবেদন পত্ৰ প্ৰদান কৰি এইসমূহ কেনেকৈ পূৰণ কৰি জমা দিব লাগিব সেই সম্পৰ্কেও হিতাধিকাৰী সকলক অৱগত কৰা হ’ব। উপায়ুক্ত গৰাকীয়ে কয় যে, জিলাখনত বৰ্তমানে ২১,৩৭৪ গৰাকী যোগ্য পি. এম. কিষাণ হিতাধিকাৰীৰ ৯৯৭৭ গৰাকীৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে। সেয়েহে, এই অভিযানৰ জৰিয়তে বাকী থকা ১১,৩৯৭ গৰাকী হিতাধিকাৰীক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি তেওঁ সদৰি কৰে। কিষাণ ক্ৰেডিট কাৰ্ড লাভৰ জৰিয়তে কৃষক সকলে কৃষিৰ উপৰি দুগ্ধ, মীনপালন আৰু পশুপালনৰ বাবেও বেংকৰ পৰা সহজে ঋণ লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, পি. এম. কিষাণৰ যোগ্য হিতাধিকাৰী সকলে কৃষি ঋণৰ বাবে আবেদন কৰাৰ সময়ত ইচ্ছা কৰিলে “প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা” আৰু “প্ৰধান মন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা নামৰ দুখন বীমা যোজনাৰ অন্তৰ্ভুক্ত হ’ব পাৰিব। উপায়ুক্ত গৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে, কৃষক সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে “কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী” অভিযানৰ সময়ছোৱাত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ এপ্ৰিলত আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে অহা ২৭ এপ্ৰিলত জিলাখনৰ সাধাৰণ সেৱা কেন্দ্ৰ (Common Service Centre) সমূহৰ মাধ্যমেৰে কৃষক সকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰিব। সংবাদমেলত সহকাৰী আয়ুক্ত সমুজ্জ্বল বড়াৰ লগতে ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া ৰবীন ইয়েন আৰু অগ্রণী বেংক বিষয়া প্ৰবীণ সোনোৱাল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More