২০১৪ বৰ্ষত ৰাকেশ পালে বক্রপথেৰে ৰাজপত্ৰিত চাকৰি দিয়া সকলৰ কি হ’ব ?

এইবাৰ ক্ষিপ্ৰতাৰে তদন্ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা এজনীয়া আয়োগৰ

0 26

ৰাকেশ পাল আৰু সহযোগীসকলৰ সংকট অধিক ঘনীভূত। বক্ৰপথেৰে ৰাজপত্ৰিত চাকৰি লোৱা বহু প্ৰাৰ্থীৰ মাজত হাহাকাৰ। আয়োগে দায়িত্ব গ্ৰহণ কৰিয়েই তদন্তৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰিছে। আয়োগে কৰা তদন্তত সন্দেহৰ আওতাত সোমাই থকা আন বহুকেইজন প্রার্থী আইনী মেৰপেচত পৰাৰ সম্ভাবনা প্ৰকট হৈ পৰিছে।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ মে’: ৰাকেশ পালৰ দিনত অসম লোকসেৱা আয়োগৰ নিযুক্তিৰ ক্ষেত্রত হোৱা বিয়াগোম কেলেংকাৰিৰ যেন অন্ত নোহোৱা হৈছে। শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পাল আৰু তেওঁৰ সহযোগীসকল অধিক সংকটত পৰাটো নিশ্চিত হৈছে। ডিব্ৰুগড় আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ উপৰি এতিয়া চৰকাৰে গঠন কৰি দিয়া তদন্ত আয়োগৰ অভিযোগসমূহো সাঙোৰ খাব।images 11 ইয়াৰ উপৰি ২০১৪ বৰ্ষত বক্ৰপথেৰে চাকৰি লৈ এতিয়াও কৰ্তব্য সম্পাদন কৰি থকা বহুকেইজন সন্দেহজনক প্ৰাৰ্থীয়েও চাকৰি হেৰুওৱাটো প্রায় নিশ্চিত হৈ পৰিছে। লক্ষণীয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ২০১৩ বৰ্ষৰ পাছত ২০১৪ বৰ্ষত ৰাকেশ পাল বাহিনীয়ে ৰাজপত্ৰিত চাকৰি প্ৰদানৰ নামত সংঘটিত কৰা বিয়াগোম কেলেংকাৰিৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰি দিছে। ইতিমধ্যে ২০১৩ বৰ্ষৰ তদন্ত সম্পূৰ্ণ কৰি আয়োগে ৩৪ জন নতুন ৰাজপত্ৰিত বিষয়াই বক্রপথেৰে চাকৰি লোৱা আৰু ৰাকেশ পাল বাহিনীয়ে কিমান ধনৰ বিনিময়ত কাক কাক কি জালিয়াতি কৰি যোগ্য প্রার্থীক বঞ্চিত কৰি অযোগ্য প্রার্থীক চাকৰি প্ৰদান কৰিছিল সেয়া সকলো প্রতিবেদনত প্ৰকাশ কৰিছে। আনহাতে শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শৰ্মাই ২০১৪ বৰ্ষত সংঘটিত কেলেংকাৰিৰ দায়িত্ব গ্ৰহণ কৰিছে। সেই বছৰত নিযুক্তিৰ সময়ত হোৱা অনিয়মৰ তদন্ত আয়োগ গঠনৰ পাছত বক্ৰপথেৰে ৰাজপত্ৰিত চাকৰি
লোৱা বহু প্ৰাৰ্থীৰ মাজত হাহাকাৰ লগা বুলি জানিব পৰা গৈছে। উল্লেখ যে ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে কৰা তদন্তৰ পাছত ২০১৪ বৰ্ষত বক্ৰপথেৰে ৰাজপত্ৰিত চাকৰি লোৱা ২১জন ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকক ইতিমধ্যে ৰাজ্য চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্তও কৰিছে। এতিয়া আয়োগে কৰা তদন্তত সন্দেহৰ আওতাত সোমাই থকা আন বহুকেইজন প্রার্থী আইনী মেৰপেচত পৰাৰ সম্ভাবনা প্ৰকট হৈ পৰিছে। লক্ষণীয় বিষয় যে আয়োগে দায়িত্ব গ্ৰহণ কৰিয়েই তদন্তৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰিছে। যোৱাবাৰ কভিডসৃষ্ট পৰিস্থিতিৰ বাবে তদন্ত যথেষ্ট লেহেম হৈছিল। কিন্তু এইবাৰ ক্ষিপ্ৰতাৰে তদন্ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থকাৰ কথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশজনে প্রকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More