কুকুৰেই কৈ দিব কভিড হৈছেনে নাইঃ টেষ্টৰ দিন শেষ !

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুন : মহাপ্রস্থানৰ পথত আছিল কুকুৰ পথ প্ৰদৰ্শক। হত্যাকাৰী বা অপৰাধী অনুসন্ধানতো সিদ্ধাহস্ত এইবিধ বিশ্বাসী চতুষ্পদী। মানৱ জীৱনত কুকুৰৰ আছে নানা ভূমিকা। এইবাৰ মেডিকেল টেষ্ট লেবৰেটৰিতো কুকুৰৰ দখল আৰম্ভ হৈছে। কুকুৰৰ ঘ্রাণশক্তি মানুহতকৈ বহুগুণে শক্তিশালী। এই কথা বহুদিনৰে পৰা জনা যায়। কুকুৰৰ এই বিশেষ শক্তিক কামত লগায়েই দৃষ্কৃতিকাৰী কৰায়ত্ত কৰা বা অস্ত্রসন্ধানৰ দৰে কাম কৰোৱা হয়। এইবাৰ জনা গৈছে, কুকুৰে ক’ৰনা ৰোগীকো চিনাক্ত কৰিব পাৰে ! ধৰিব পাৰে কভিডৰ লক্ষণো ! কুকুৰে কেন্সাৰ চিনাক্ত কৰিব পাৰে বুলি আগেয়েই জনা গৈছিল। এইবাৰ ক’ৰনা চিনাক্তকাৰীৰ ভূমিকাতো দেখা গৈছে কুকুৰক। প্লাছ ৱান নামৰ জার্নালত এই সংক্রান্তীয় গৱেষণাৰ বিষয়ে প্রকাশ পাইছে। ফ্রেঞ্চ ফায়াৰ ডিপার্টমেন্ট ইউএই-ৰ মিনিস্ট্রি অব দ্য ইন্টেৰিয়ৰে মানুহৰ ঘামৰ পৰা চার্ছ-কোভ-২ চিনাক্ত কৰাৰ ট্রেইনিং দিছে কুকুৰক। কভিড পৰীক্ষা কৰাব বিচৰা পেৰিছৰ অন্ততঃ ৩৫০ জন ব্যক্তিৰ ঘামৰ নমুনা সংগ্রহ কৰা হৈছিল। এওঁলোকৰ অন্ততঃ এক তৃতীয়াংশৰ নমুনাৰ পৰা ক’ৰনা চিনাক্ত কৰা হৈছে! গোন্ধ লৈ ক’ৰনা ৰোগী চিনাক্তকৰণৰ ক্ষেত্রত কুকুৰৰ সক্ষমতাৰ হাৰ যথেষ্ট বেছি। প্রায় ৯৭ শতাংশ। ডমিনিক গ্রেণ্ডজেন এই গৱেষণাপত্ৰৰ সহ-লেখক। তেওঁ জনায় যে, মাত্র কেইটামান সপ্তাহৰ ভিতৰতেই কুকুৰ এই কামৰ প্রশিক্ষণ সম্পূৰ্ণ কৰিবলৈ সক্ষম। যিসকল অটিজম, নিউৰ’ডিজেনেৰেটিভ ডিজিজ বা ইনভেচিভ নজেল স্বোৱাব পৰীক্ষাত অনিচ্ছুক তেওঁলোকৰ ক্ষেত্রতো কুকুৰৰ দ্বাৰা পৰীক্ষা কৰাই সফল হোৱা বুলি জনাইছে গ্রেণ্ডজেন। লং কভিডৰ উপস্থিতি ধৰাৰ ক্ষেত্রতো কুকুৰৰ ঘ্রাণশক্তিৰ বহুল ব্যৱহাৰ হৈছে। প্রথমবাৰ ক’ৰনা হোৱাৰ ১৮ মাহৰ ভিতৰত আকৌ তেওঁৰ ক’ৰনা হোৱাৰ আশঙ্কা আছেনে নাই, সেয়া ধৰা পেলাব পাৰে কুকুৰে। কিন্তু কেনেকৈ এয়া সম্ভৱ? কাৰণ, ভাইৰাছৰ লগত সম্পর্কযুক্ত যিকোনো বস্তুৰ ঘ্রাণ কুকুৰে অন্ততঃ ১ বছৰ মনত ৰাখিব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More