কৃচ্ছ সাধনাৰে সফলতাৰ জখলা বগাইছে নৃত্য শিল্পী আচিকে

0 265

মুক্তাৰ আলী

অসমত ইউটিউবাৰৰ সংখ্যা দিনক দিনে বাঢ়িছে।নিষ্ঠা আৰু একাগ্ৰতাৰ অভাৱত বহু ইউটিউবাৰে একোটা চেনেল কেইদিনমান চলাই হঠাৎ নোহোৱা হৈ যায়।বহুতে আকৌ নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিবলৈকে ইউটিউব চেনেল চলাই সফলো হয় । নতুনকৈ আত্মপ্ৰকাশ কৰা অসমৰ ইউটিউবাৰে ডিম্পু বৰুৱা বা মুস্তাফিজুৰৰ দৰে উপাৰ্জন কৰিব নোৱাৰিলেও নিৰবিচ্ছিন্ন প্ৰচেষ্টাই তেওঁলোকৰ সফলতাতো অৰিহণা যোগাব পাৰে। হয় আজি এজন এনে ইউটিউবাৰৰ কথা জনাব খুজিছো যি নিজৰ প্ৰতিভাৰ জৰিয়তে সুদীৰ্ঘ দুবছৰৰ পিছত সফলতাৰ বাট বুলিবলৈ সক্ষম হৈছে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মেৰমুখৰ আচিক হাজৰিকা এনে এজন ইউটিউবাৰ যি সম্পূৰ্ণ দুবছৰ ধৰি নিৰন্তৰ সাধনাৰে নিজৰ প্ৰতিভাৰসমূহ ইউটিউবত জৰিয়তে তুলি ধৰি প্ৰতিমাহে বুজন পৰিমাণৰ অৰ্থ উপাৰ্জন কৰাৰ লগতে জনপ্ৰিয়তাও অৰ্জন কৰিবলৈ সক্ষম হৈছে।IMG 20220617 WA0016 1 ঘৰে ঘৰে নৃত্যৰ প্ৰশিক্ষণ দি লাভ কৰা অৰ্থৰে নিজৰ প্ৰয়োজনীয় সঁজুলি যোগাৰ কৰি তেওঁ ২০২০ চনৰ পৰা আৰম্ভ কৰিছিল”ASSIK HAZARIKA”নামৰ এটি ইউটিউব চেনেল। লাভালাভৰ হিচাপ নকৰি তেওঁ পোনতে বিভিন্ন ক’ভাৰ গীতত নিজে নৃত্য কৰি সেইবোৰ আপলোড দিছিল। পৰৱৰ্তী সময়ত যুটীয়া আৰু দলীয়ভাৱে সম্পূৰ্ণ নিজা খৰছেৰে একো একোটি নৃত্য প্ৰস্তুত কৰি আপলোড দিয়াৰ পিছৰ পৰাই ক্ৰমশঃ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰে আৰু চলিত বৰ্ষৰ পৰা তেওঁৰ চেনেলটো ইউটিউবে স্বীকৃতি দিয়াৰ লগতে উপাৰ্জনৰ অংশ প্ৰদান কৰে। অধ্যয়নৰ সমান্তৰালকৈ আচিকে একক প্ৰচেষ্টাৰে ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে তিনিখনকৈ চুটি ছবিও। সদ্য মুক্তিপ্ৰাপ্ত একচনধৰ্মী চুটি ছবি ইণ্টেকাম’এ ইতিমধ্যে বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ আন দুখন ছবি “দুটি হিয়াৰ মিলন ” আৰু আধৰুৱা প্ৰেম। ইউটিউবৰ উপৰি আচিক এজন মঞ্চ শিল্পীও। অসমৰ বিভিন্ন মঞ্চৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন মঞ্চত বিগত কেইবাবছৰ ধৰি তেওঁ নৃত্য পৰিৱেশন কৰি আহিছে।
ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্ঞানজ্যোতি জুনিয়ৰ কলেজৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হোৱা আচিক শিলিখাগুৰিৰ মুজিবৰ হাজৰিকা আৰু জুলেখা বেগমৰ সন্তান। আচিকৰ জয়যাত্ৰা অব্যাহত থাকক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More