কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা- আৰ্থিক সাহায্য প্ৰদান

0 49

উত্তৰ লখিমপুৰ, ২৬ মেঃ অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লক্ষীমপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত ঘাৰমৰা সত্ৰ অতিথিশালাৰ প্ৰেক্ষাগৃহত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্র ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় লগতে আৰ্থিক ভাৱে দুৰ্বল ৫০ জন হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয় । প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰী সকলক নগদ ১০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় । আজিৰ সভাত সভাপতিত্ব কৰে আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতাই সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়াই আঞ্চলিক সমিতিৰ শিক্ষা আৰু সাংস্কৃতিক সম্পাদক দেৱজিৎ দাসে। আজিৰ সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদ লক্ষীমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মোবিন আহমেদ আৰু ঘাৰমৰা আঞ্চলৰ কেইবা গৰাকী শিক্ষক শিক্ষয়িত্ৰী লগতে বিশিষ্ট সমাজ সেৱক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More