কৃষি বিজ্ঞান কেন্দ্ৰ, লখিমপুৰৰ সৌজন্যত কৃষক মেলা

0 42

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৬এপ্ৰিলঃ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ [আত্‌মা]ৰ সহযোগত আজি কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অন্তৰ্গত কৃষকৰ সহযোগিতা, আমাৰ প্ৰাথমিকতা অভিযান শীৰ্ষক অনুষ্ঠানটিৰ লগত সংগতি ৰাখি কৃষক মেলা অনুষ্ঠিত কৰা হয় । জিলাখনৰ তিনিশৰো অধিক কৃষকৰ উপস্থিতিত দেশৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেশৰ কৃষকসকলক সম্বোধন কৰে । কৃষক মেলা অনুষ্ঠানটিত আদৰণি ভাষণ জনায় কেন্দ্ৰৰ মুৰব্বী ও জ্যেষ্ঠ বিজ্ঞানী ড॰ প্ৰশান্ত কুমাৰ পাঠকে । অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ, জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱাৰা, জিলা কৃষি বিষয়া মোহন ডেকা বৰুৱা, জিলা পশুপালন বিষয়া ডাঃ ভবেন কাকতি, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড॰ প্ৰবাল শইকীয়া, আৰছেটিৰ সঞ্চালক বিজিত বৰা, ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান লখিমপুৰৰ জিলা প্ৰকল্প পৰিচালিকা ড॰ দীপিকা পেগু, সেৱা ভাৰতী লখিমপুৰৰ সভাপতি ড॰ হেমন্ত চলিহা আৰু সুশান্ত ভূঞা । অনুষ্ঠানটিত কৃষক বিজ্ঞানীৰ মত বিনিময় আলোচনা চক্ৰত উপস্থিত থাকে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ গোগামুখ, অসমৰ বিজ্ঞানীসকল, লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকদ্বয়, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকল । কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা লখিমপুৰ জিলাৰ দুগৰাকী প্ৰগতিশীল কৃষকক্ৰমে যদু সোণোৱাল আৰু বিষ্ণু চেতিয়াক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনী মেলাত কৃষি বিজ্ঞান কেন্দ্ৰ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, জিলা কৃষি বিভাগ, তিতাবৰস্থ ৰেচম মহাবিদ্যালয়ৰ গ্ৰাম্য ৰেচম কৰ্ম অভিজ্ঞতা কাৰ্যসূচীৰ ছাত্ৰ-ছাত্ৰীসকল, ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু বিভিন্ন আত্মসহায়ক গোট লগতে হক নাৰ্চাৰী লখিমপুৰে অংশগ্ৰহণ কৰে । সাংস্কৃতিক অনুষ্ঠানটিত বিভিন্ন আত্মসহায়ক গোটৰ সদস্যা তথা ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি মেলাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । আত্‌মাৰ উপ-সঞ্চালক ডাঃ ভাস্বতী ভট্টাচাৰ্যই সভাৰ শেষত শ’লাগৰ শৰাই আগবঢ়ায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More