কৃষ্ণ সাগৰত সৈনিক ডলফিন

0 118

দাদুল দেৱকৃষ্ণ বৰুৱা

১৯৭৩ চনত এখন চিনেমাই মুক্তি পাইছিল। চিনেমাখন আছিল আমেৰিকান ছায়েন্স ফিক্সন থ্ৰিলাৰ। নাম ‘দ্য ডে অব দ্য ডলফিন’ (The Day of the Dolphin)। মাইক নিকলচ (Mike Nichols) পৰিচালিত চিনেমাখনৰ চিত্ৰনাট্য ১৯৬৭ চনত প্ৰকাশিত ফৰাচী ঔপন্যাসিক ৰবাৰ্ট মাৰ্লেৰ (Robert Merle) উপন্যাস Un animal doué de raison (A Sentient Animal)ৰ আধাৰত লিখিছিল বাক হেনৰিয়ে (Buck Henry)। মন কৰিলে চিনেমাখন চাব পাৰে আপুনি। কেৱল এইখন চিনেমাই নহয়; ডলফিনক লৈ নিৰ্মিত আৰু চিনেমা আছে। কিন্তু এটা বিশেষ কাৰণতহে এইখন চিনেমাৰ কথা উনুকিয়াব বিচৰা হৈছে। এই চৰ্চিত চিনেমাখনৰ উপৰি ডলফিনক লৈ আছে অলেখ কাহিনী। মৰমলগা, চঞ্চল সামুদ্ৰিক স্তন্যপায়ীবিধে মানুহক কৰি অহা উপকাৰৰ কথা প্ৰায়েই চৰ্চাত থাকে। সাগৰত ডুবিব ধৰা লোকক উদ্ধাৰ কৰা, মাছমৰীয়া জাহাজক বাট দেখুৱাই নিয়া আদি গুণৰাজিৰ বাবে ডলফিন সমুদ্ৰগামী মানুহৰ বাবে সদায়েই প্ৰিয়। পিছে এই ডলফিন এতিয়া পহৰাদাৰী সৈনিক। ক’ত, কেনেকৈ ডলফিনে পালন কৰিছে সৈনিকৰ ধৰ্ম, চাওঁ আহক সবিশেষ।1651452128642

  •  কৃষ্ণ সাগৰত সৈনিক ডলফিন
    ইউক্রেইনৰ আক্ৰমণৰ পৰা কৃষ্ণ সাগৰত (Black Sea) অৱস্থিত নিজৰ নৌসেনা ঘাটি ৰক্ষা কৰিবলৈ প্রশিক্ষণপ্রাপ্ত ডলফিন পহাৰাদাৰ হিচাবে ৰাখিছে ৰাছিয়াই। শেহতীয়াকৈ প্ৰকাশিত বহুকেইখন প্রতিবেদনত এই দাবী কৰা হৈছে। উপগ্রহ প্ৰেৰিত আলোকচিত্ৰতো বিষয়টো ধৰা পৰিছে। কৃষ্ণ সাগৰত ৰাছিয়াৰ সকলোতকৈ গুৰুত্বপূর্ণ নৌ-ঘাটিটো হ’ল চেভাষ্ট’পল (Sevastopol)। বহু কেইখন প্রতিবেদনত দাবী কৰা হৈছে যে, যোৱা ফেব্রুৱাৰীত ইউক্রেইনত ৰাছিয়াৰ সামৰিক অভিযান চলোৱাৰ পিছৰ পৰাই চেভাষ্ট’পল নৌ-ঘাটিত ডলফিনৰ দুটা দল মোতায়েন কৰিছে ৰাছিয়াই। নৌ-ঘাটিত থকা ৰণতৰীবোৰক সমুদ্রৰ তলেৰে হ’ব পৰা আক্ৰমণৰ পৰা বচাই ৰাখিবৰ বাবেই এই ডলফিনৰ দল মোতায়েন কৰা হৈছে। চেভাষ্ট’পল বন্দৰত প্ৰৱেশৰ কিছু আগৰে পৰা সকলো সময়তে কাঢ়া নজৰ ৰাখিছে ৰুছ ডলফিনে। উপগ্রহৰ আলোকচিত্ৰত ধৰা পৰিছে যে, চেভাষ্ট’পল নৌ-ঘাটিত একাধিক যুদ্ধজাহাজ মোতায়েন কৰিছে ৰাছিয়াই। আমেৰিকাৰ নেভেল ইনষ্টিটিউটেও (US Naval Institute) সেই আলোকচিত্ৰ পর্যালোচনা কৰি বিষয়টো সুনিশ্চিত কৰিছে। ৰাছিয়াৰ অন্যতম গুৰুত্বপূর্ণ আক্ৰমণকাৰী জাহাজ মস্কোভা ইতিমধ্যে ধ্বংস হৈ গৈছে ইউক্রেইন বাহিনীৰ গোলাত। সেয়ে ৰাছিয়াই আৰু কোনো বিপদ মূৰ পাতি ল’ব বিচৰা নাই। আকাশীপথ আৰু স্থলপথেৰে ইউক্রেইনৰ আক্ৰমণ ৰোধ কৰিব পাৰিলেও সমুদ্রৰ তলত যাতে ক্ষেপণাস্ত্র আক্ৰমণৰ ফলত যুদ্ধজাহাজ ক্ষতিগ্রস্ত নহয় তাৰ বাবেই ৰাছিয়াই এই ব্যৱস্থা লোৱা বুলি দাবী কৰা হৈছে প্রতিবেদনসমূহত। সমুদ্রৰ তলেৰে ইউক্রেইনৰ ডুবাৰু বাহিনী আহি আক্ৰমণ চলাব পাৰে— এনে এক আশঙ্কাও আছে। কোনো ডুবাৰুক দেখিলেই লগে লগে ৰুছ বাহিনীক সতর্ক কৰিব মোতায়েন কৰা ডলফিনবোৰে।
  •  চেভাষ্ট’পল কিয়?
    কৃষ্ণ সাগৰৰ চেভাষ্ট’পল বন্দৰ ৰাছিয়াৰ বাবে কৌশলগতভাৱে অত্যন্ত গুৰুত্বপূর্ণ। এইটো বন্দৰ অডেচাৰ দৰ গুৰুত্বপূর্ণ বন্দৰসহ ইউক্রেইনৰ দক্ষিণ সীমান্তত প্রৱেশৰ পথ। ৰাছিয়াই যদি অডেচা দখল কৰে, তেন্তে বাণিজ্যৰ পৰা বিচ্ছিন্ন হৈ পৰিব কিয়েভ। তদুপৰি ইয়াৰ ফলত ইউক্রেইনৰ পশ্চিম অংশত সহজেই প্ৰৱেশ কৰিব পাৰিব ৰাছিয়ান সেনা। এই চেষ্টা অৱশ্যে ইতিমধ্যেই কৰিছে ৰাছিয়াই। কিন্তু দখললৈ নিব পৰা নাই।
  •  ডলফিন সেনাৰ ইতিহাস
    সেনা-বাহিনীৰ কামত ডলফিন নিয়োগ প্রক্রিয়া অৱশ্যে ৰাছিয়াৰ বাবে এয়াই প্রথম নহয়। ইতিপূৰ্বে ইয়াৰ এক ইতিহাস আছে। শত্রুপক্ষৰ ডুবাৰুক চিহ্নিত কৰা বা সমুদ্রৰ তলত কোনো বিস্ফোৰক, আনকি কোনো বস্তু উদ্ধাৰ কৰি অনাৰ কামত প্রশিক্ষণ দিয়া হয় ডলফিনবোৰক। যোৱা শতিকাৰ ষাঠিৰ দশকৰ পৰা এই সামুদ্রিক প্রাণীবিধক সেনা-বাহিনীৰ কামত ব্যৱহাৰ কৰাৰ বাবে প্রশিক্ষণ দিয়াৰ কাম আৰম্ভ কৰে ৰাছিয়াই। তৎকালীন ছোভিয়েট নৌসেনাই এই চেভাষ্ট’পল বন্দৰতেই ডলফিনবোৰক প্রশিক্ষণ দিছিল। ১৯৯১ চনত ছোভিয়েট ইউনিয়ন ভাগি যোৱাৰ ডলফিন সেনাৰ এই শাখা নিয়ন্ত্রণ কৰিছিল ইউক্রেইনে। সেই সময়ত ক্রিমিয়া ইউক্রেইনৰ অধীনত আছিল। কিন্তু ২০১৪ চনত ৰাছিয়াই যেতিয়া ক্রিমিয়া দখল কৰে, তেতিয়াৰ পৰাই সেই ডলফিন বাহিনী তেওঁলোকৰ নিয়ন্ত্রণত আছে। ইউক্রেইনে বহুবাৰ ডলফিন বাহিনীক তেওঁলোকৰ হাতত তুলি দিয়াৰ আর্জি পেছ কৰি আহিছে ৰাছিয়াক। কিন্তু ৰাছিয়াই প্রতিবাৰেই সেই আৰ্জি প্রত্যাখ্যান কৰি আহিছে। এইবাৰ সেই ডলফিন বাহিনীকেই ইউক্রেইনৰ আক্ৰমণৰ পৰা যুদ্ধজাহাজসমূহ বচাবলৈ ব্যৱহাৰ কৰিছে ৰাছিয়াই। শীতল যুদ্ধৰ সময়ত ছোভিয়েট ইউনিয়নে ডলফিনবাহিনীক ব্যৱহাৰ কৰিছিল। চেভাষ্ট’পল আছিল প্রশিক্ষণকেন্দ্র। সেই ঠাইৰ পৰাই এই ডলফিন বাহিনীক অভিযানত পঠোৱা হৈছিল শীতল যুদ্ধৰ সময়ত। কেৱল ইউক্রেইন যুদ্ধই নহয়, ইয়াৰ পূৰ্বে ২০১৮ চনত ছিৰিয়াৰ যুদ্ধৰ সময়ত টাৰটাচ নৌঘাটিত ডলফিন বাহিনীক মোতায়েন কৰিছিল ৰাছিয়াই। উপগ্রহ প্ৰেৰিত আলোকচিত্ৰত সেই দৃশ্য ধৰা পৰিছিল।1651452657394
  •  ডলফিনৰ উপৰি আছে তিমি আৰু চীল
    ৰাছিয়াৰ হাতত কেৱল প্ৰশিক্ষিত ডলফিনেই নহয়; তেওঁলোকৰ প্রশিক্ষিত তিমিও আছে। নৰৱেৰ উপকূলত কেমেৰাযুক্ত এটা শুকুলা বেলুগা তিমিৰ উপস্থিতি ধৰা পৰিছিল ২০১৯ চনত। এই তিমিটো অনেকে ৰাছিয়ান গুপ্তচৰ বুলি দাবী কৰিছিল। পিছত স্থানীয় লোকসকলে এই তিমিটোৰ নাম দিয়ে হাভালদিমিৰ (Hvaldimir)। তেতিয়ালৈ কেমেৰা এৰুৱাই পেলোৱা হৈছিল। আর্কটিক অঞ্চলত বিগত কেইবাবছৰ ধৰি ৰাছিয়াই সামৰিক সামুদ্রিক স্তন্যপায়ী প্রাণীৰ সংখ্যা দ্বিগুণ কৰিছে। সৰু সৰু বহৰে তিমি আৰু চীলবোৰক ভাগ ভাগ কৰিছে মস্কোৱে। উপগ্ৰহ প্ৰেৰিত আলোকচিত্ৰত দেখা গৈছে যে, আর্কটিকৰ ওলেনিয়া গুবা নৌ-ঘাটিত বেলুগা তিমিৰ উপস্থিতি আছে।
  •  আমেৰিকাৰো আছে ডলফিন বাহিনী
    কেৱল ৰাছিয়াই নহয়; আমেৰিকাই ডলফিন আৰু সিন্ধুঘোটক সেনা-বাহিনীৰ কামত ব্যৱহাৰ কৰিছে। ডলফিনবোৰক প্রশিক্ষণ দিয়া প্ৰক্ৰিয়াটো অত্যন্ত ব্যয়বহুল। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে, সেনা ডলফিন তৈয়াৰ কৰিবৰ বাবে ২০১২-১৯ চনৰ ভিতৰত আমেৰিকাই চাৰে ৭ কোটি ডলাৰ খৰচ কৰিছিল। অৱশ্যে এই সামুদ্রিক স্তন্যপায়ী বাহিনী তৈয়াৰৰ বেলিকা ৰাছিয়াই কিমান ধন খৰচ কৰিছে তাৰ কোনো হিচাবৰ তথ্য পোৱা হোৱা নাই। ধ্বনিৰ মাধ্যমেৰে নিজৰ মাজত যোগাযোগ ৰাখে ডলফিনে। কেৱল সেয়াই নহয়, তৰঙ্গ দৈর্ঘ্যক কামত লগাই কোনো বস্তুৰ দূৰত্ব আৰু অৱস্থান সহজেই চিহ্নিত কৰিব পাৰে ডলফিনে। আৰু ডলফিনৰ এই গুণক কামত লগায়েই আমেৰিকা আৰু ৰাছিয়াই এক সুকীয়া বাহিনী গঢ়ি তুলিছে।কেৱল ৰাছিয়াই নহয়; আমেৰিকাই ডলফিন আৰু সিন্ধুঘোটককো সেনাবাহিনীৰ কামত ব্যৱহাৰ কৰিছে। শেহতীয়া হিচাব অনুযায়ী, যুক্তৰাষ্ট্রৰ অন্ততঃ ৭০টা ডলফিন আৰু ৩০টা চীলে কৌশলগত অৱস্থানবোৰ ৰক্ষাৰ কাম কৰি আছে। বিশ্লেষকৰ মতে সামৰিক সামুদ্রিক প্রাণীবোৰ বন্দৰ ৰক্ষা আৰু মাইন চিনাক্ত কৰাত বেছ কার্যকৰী। আমেৰিকা যুক্তৰাষ্ট্রই ডলফিন আৰু চীল শত্রু ডুবাৰুক চিনি পোৱাৰ প্রশিক্ষণ দি থাকে। ভিয়েটনাম যুদ্ধত প্রথম সামুদ্রিক প্রাণী ব্যৱহাৰ কৰিছিল আমেৰিকাই। Garth, John, Slan, Tinker আৰু Toad নামৰ প্ৰশিক্ষিত ডলফিনকেইটা সেই যুদ্ধৰ সময়ত Cam Ranh Bayত মোতায়েন কৰিছিল। আমেৰিকান নেভিয়ে ১৯৫৯ চনত আৰম্ভ কৰিছিল Marine Mammal Program। এই কাৰ্যক্ৰম অনুসৰ চান ডিয়েগ’ত বটলনকীয়া ডলফিন বা bottlenose dolphinবোৰক প্ৰশিক্ষণ দিছিল আৰু কেলিফ’ৰ্ণিয়াত সামুদ্ৰিক সিংহৰ প্ৰশিক্ষণ দিয়ে। ২০০৩ চনত আমেৰিকান নেভিয়ে ইৰাক যুদ্ধৰ সময়ত ৯টা ডলফিন লৈ আহিছিল পাৰস্যৰ জল-এলেকাত মাইন চিনাক্তকৰণৰ বাবে।
  • দেশে দেশে সামুদ্ৰিক সেনানী
    Lambertৰ মতে প্ৰথম বিশ্বযুদ্ধত ইংলেণ্ডৰ ৰয়েল নেভিয়ে শত্ৰুৰ ছাবমেৰিন চিনাক্ত কৰিবৰ বাবে চাৰ্কাছত প্ৰশিক্ষিত সামুদ্ৰিক সিংহ বা sea lion ব্যৱহাৰ কৰিছিল। চাৰিখন দেশে এনেদৰে সামুদ্ৰিক স্তন্যপায়ী বাহিনী চলাই থকাৰ কথা জনা যায়। ৰাছিয়া, আমেৰিকা, উত্তৰ কোৰিয়া আৰু ইজৰাইল। ডলফিনৰ উপৰি বেলুগা তিমি, চীল আৰু সামুদ্ৰিক সিংহক প্ৰশিক্ষণ দি সেনা-বাহিনীৰ কামৰ বাবে উপযুক্ত কৰি তোলা হয়। ইৰাণিয়ান অনুসন্ধানকাৰী সংস্থাই ১৪টা ‘গুপ্তচৰ’ কেৰ্কেটুৱা ‘গ্ৰেপ্তাৰ’ কৰিছিল দেশখনৰ সীমান্ত এলেকাত। কেৰ্কেটুৱাকেইটাৰ দেহত আছিল পশ্চিমীয়া দেশৰ গুপ্তচৰগিৰি চলোৱা সৰঞ্জাম। আনহাতে ২০১৩ চনত ইজিপ্তৰ আৰক্ষীয়ে গুপ্তচৰগিৰি চলোৱাৰ সন্দেহত এটা বৰটোকোলা আবদ্ধ কৰি ৰাখিছিল।

ডলফিন, সামুদ্ৰিক সিংহ, চীল আৰু বেলুগা তিমি আদি সামুদ্ৰিক স্তন্যপায়ী। সামৰিক প্ৰয়োজনত এইসমূহ প্ৰাণী ব্যৱহাৰ কৰাৰ উপৰি আন কেতবোৰ স্থলচৰ প্ৰাণীকো বিভিন্ন দেশে সামৰিক প্ৰয়োজনত ব্যৱহাৰ কৰি আহিছে। কেতিয়াবা সেইবোৰৰ বিষয়েও লিখিবলৈ চেষ্টা কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More