কেতিয়া সম্পূৰ্ণ হ’ব তেজপুৰৰ নপাম আদৰ্শগাঁও নিৰ্মাণ প্ৰকল্প

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭ফেব্ৰুৱাৰীঃ তেজপুৰৰ নপাম অঞ্চলক সামৰি এবছৰ পূৰ্বে ধুমধামৰে আৰম্ভ হৈছিল আদৰ্শগাঁও ৰূপে বিভিন্ন আঁচনি ৰূপায়ণৰ কাম৷ চৰকাৰে আৱণ্টন দিয়া মুঠ ৫০লাখ টকাৰ ভিতৰত নপাম গাঁও পঞ্চায়তৰ অধীনত এই অঞ্চলত ২২লাখ টকাৰে তিনিটা পথ, ১০লাখ টকাৰে মুঠ ২২টা সৌৰশক্তি সম্পন্ন পোহৰৰ ব্যৱস্থা, আঠ লাখ টকাৰে পকী দেৱালৰে স’তে ৰাজহুৱা প্ৰস্ৰাৱাগাৰ আৰু ১০লাখ টকাৰে এখন প্ৰৱেশদ্বাৰ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল৷ সেই অনুসৰি স্হানীয় ৰাইজৰ সহযোগত এখন সমিতি গঠন কৰা হয় আৰু এই কাম সমূহৰ ঠিকা আৱণ্টন দিয়া হয়৷ কিন্তু নপাম আদৰ্শ গাঁৱৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত প্ৰথমতেই সৌৰলাইট সমূহৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপিত হয় আৰু পৰৱৰ্তী সময়ত এনে লাইট সলনি কৰা হয় যদিও বৰ্তমান এই ২২টা লাইটৰ ভিতৰত ছটা লাইট নজলে৷ আনহাতে পথ তিনিটা নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ বিপৰীতে পকী দেৱাল আৰু ৰাজহুৱা প্ৰস্ৰাৱাগাৰৰ নিৰ্মাণৰ কাম আজিলৈকে সম্পূৰ্ণ নহ’ল৷ উল্লেখযোগ্য যে,যোৱা যথেষ্ট দিন ধৰি এই কাম আধৰুৱা ভাবে পেলাই থৈছে ঠিকাদাৰে৷ একেই অৱস্থা প্ৰৱেশদ্বাৰখনৰো৷ ১০লাখটকীয়া এই প্ৰৱেশদ্বাৰখনৰ প্ৰায় ৭০শতাংশ নিৰ্মাণ হ’ল যদিও ঠিকাদাৰে সিমানতে নিৰ্মাণকাৰ্য স্হগিত ৰাখি এতিয়া এই কাম আজি,কালিলৈ সম্পূৰ্ণ কৰিব বুলি কৈ পিছুৱাই আছে৷ উল্লেখযোগ্য যে,এই আদৰ্শগাঁও আঁচনিৰ ৰূপায়ন বিধায়কৰ জৰিয়তে হয় আৰু স্হানীয় পঞ্চায়তৰ সভাপতি তথা সচিব আদি জড়িত হৈ থাকে৷ তদুপৰি স্হানীয় ৰাইজৰ একোখন কমিতি গঠন কৰি তেওঁলোকৰ চোৱাচিতাৰ মাজৰে এই প্ৰকল্প ৰূপায়ণ কৰা হয়৷ কিন্তু বিভিন্ন সময়ত ৰাইজৰ কমিতিৰ আহ্বানক ঠিকাদাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে,ব্যাপক কমিছন ৰাজৰ বাবে সংবাদ শিৰোনাম দখল কৰা নপাম গাঁওপঞ্চায়তৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ ক্ষেত্ৰত বৰ্তমানেও ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠি আহিছে৷ কিন্তু ইয়াৰ মাজতে পৃথকে নপাম আদৰ্শগাঁও নিৰ্মাণ প্ৰকল্পৰ ক্ষেত্ৰত দুই ঠিকাদাৰে প্ৰদৰ্শন কৰা মইমতালিত ৰাইজ অতিষ্ঠ হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More