কেন্দ্ৰই বিক্ৰী কৰিব বিএছএনএলৰ ১৩,৫৬৭ টা টাৱাৰ

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ আগষ্ট : যোৱা ২৫ আগষ্টত ৰে’ল, যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছিল যে চলিত বৰ্ষৰ ১২ অক্টোবৰৰ পৰা দেশত ৫জি সেৱা আৰম্ভ হ’ব। দেশৰ ব্যক্তিগত টেলিকম অপাৰেটৰসকলে ৫জি সেৱা আৰম্ভ কৰাৰ বাবে সাজু হৈ থকাৰ সময়তে চৰকাৰী টেলিকম অপাৰেটৰ বিএছএনএল (ভাৰত সঞ্চাৰ নিগম লিমিটেড)-এ এতিয়াও গ্ৰাহকক ৪জি সেৱা আগবঢ়াব পৰা নাই। কেৱল সেয়াই নহয়, দেশৰ বৃহৎ চহৰবোৰতো গ্ৰাহকক উপযুক্ত নেটৱৰ্ক প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই বিএছএনএল। এনে অৱস্থাত অহা ২০২৫ চনৰ ভিতৰত কেন্দ্রীয় চৰকাৰে বিএছএনএলৰ ১৩,৫৬৭টা ম’বাইল টাৱাৰ বিক্ৰী কৰিবলৈ ওলাইছে বুলি জানিব পৰা গৈছে৷ যাৰ জৰিয়তে চৰকাৰে ৪০০০ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে। এই প্ৰসংগত সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কেপিএমজিক চৰকাৰে বিএছএনএল আৰু এমটিএনএলৰ টাৱাৰ বিক্ৰীৰ বাবে বিত্তীয় উপদেষ্টা হিচাপে নিযুক্তি দিছে। ইয়াৰ পিছতে পৰ্যায়ক্ৰমে বিএছএনএলৰ টাৱাৰ বিক্ৰী কৰিব চৰকাৰে।

* দেশত বিএছএনএলৰ ৬৮ হাজাৰ টাৱাৰ
সংবাদ মাধ্যমৰ খবৰ অনুসৰি দিল্লী, মুম্বাইৰ বাহিৰে দেশৰ প্ৰতিটো চুকতে বিএছএনএলৰ মুঠ ৬৮ হাজাৰ ম’বাইল টাৱাৰ আছে বুলিও জনা গৈছে। ইয়াৰে প্ৰায় ৭০ শতাংশ টাৱাৰ ফাইবাৰ কেবলৰ দ্বাৰা সংযোগ কৰা হৈছে। এই ক্ষেত্ৰত ফাইবাৰ কেবলৰ দ্বাৰা সংযুক্ত এই টাৱাৰসমূহ ৪জি আৰু ৫জি সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে। কিন্তু এতিয়াও লোকচানত আছে বি এছ এন এল। সেয়েহে এই অভাৱ হ্ৰাস কৰিবলৈ চৰকাৰে ভাৰত ব্ৰডবেণ্ড নেটৱৰ্কক বিএছএনএলৰ সৈতে একত্ৰিত কৰিছে। এই পৰিৱেশত আৰ্থিক সংকট অতিক্ৰম কৰি কেতিয়া বিএছএনএলে ৪জি সেৱা আৰম্ভ কৰিব পাৰিব সেয়া চাবলৈ গ্ৰাহকসকলে অপেক্ষা কৰি আছে।

* পুনৰুজ্জীৱিতকৰণৰ বাবে ১.৬৪ লাখ কোটি
এই প্ৰসংগত ক’ব পাৰি যে যোৱা মাহত অৰ্থাৎ ২৭ জুলাইত চৰকাৰে বিএছএনএলৰ পুনৰুজ্জীৱনৰ বাবে ১.৬৪ লাখ কোটি টকা অনুমোদন কৰিছিল। এই প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে এই পুনৰুজ্জীৱন পেকেজৰ জৰিয়তে বিএছএনএলৰ ৪জি সেৱা সম্প্ৰসাৰণত সহায় কৰিবলৈ স্পেকট্ৰম আবণ্টন কৰা হ’ব।

* কেন্দ্রীয় মন্ত্রীৰ কঠোৰ নির্দেশনা
বিএছএনএলৰ পুনৰুজ্জীৱনৰ বাবে ১.৬৪ লাখ কোটি টকা অনুমোদন কৰাৰ পিছত ৪ আগষ্টত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিএছএনএলৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। ইয়াত তেওঁ ৬২ হাজাৰ কৰ্মচাৰীক কঠোৰ নিৰ্দেশনা দিয়ে। যাৰ এটা অডিঅ’ লিক্ হয়। য’ত তেওঁ কৰ্মচাৰীসকলক ‘অফিচিয়েল’ মনোভাৱ ত্যাগ কৰি সঠিক কাম কৰিবলৈ কৈছিল। আনকি, তেওঁ স্পষ্ট কৰি দিয়ে— “চৰকাৰী মনোভাৱ এৰি সঠিক কাম কৰক, নহ’লে ঘৰতে থাকক।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More