কেন্দ্ৰীয় মন্ত্ৰী, ডিচিৰ উপস্থিতিত চলি থকা অনুষ্ঠানত স্ক্ৰীণত ভাঁহি উঠিল অশ্লীল চিনেমাৰ দৃশ্যাংশ

তিনিচুকীয়াত চৰম অবাঞ্চিত, লজ্জাজনক ঘটনা : আৰক্ষীৰ তদন্ত

0 46

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ এপ্ৰিলঃ আজি তিনিচুকীয়াত মিথানল মিহলি পেট্ৰলৰ (এম ১৫) উদ্বোধনী অনুষ্ঠানত সংঘটিত এক অপ্ৰত্যাশিত ঘটনাই সকলোকে চৰম লাজত পেলায় । ঘটনাটো সংঘটিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, উপায়ুক্ত আৰু আই অ’ চিৰ উচ্চ পদস্থ বিষয়াবৰ্গ আৰু সংবাদ মাধ্যমৰ লোকৰ উপস্থিতিতে । অনুষ্ঠানত আই অ’ চিৰ এজন বিষয়াই ভাষণ দি থকাৰ মাজতে মঞ্চৰ পাছফালে লগোৱা প্ৰকাণ্ড এলইডি স্ক্ৰীণৰ একোণত অশ্লীল চিনেমাৰ দৃশ্যাংশ ভাঁহি উঠে । প্ৰায় ১০ ছেকেণ্ড ধৰি চলা অশ্লীল দৃশ্যাংশক কেন্দ্ৰ কৰি অনুষ্ঠানত হুৱাদুৱা লাগে । অনুষ্ঠানৰ দৃশ্য গ্ৰহণ কৰি আৰু এলইডি প্ৰজেক্টৰৰ কাম কৰি থকাসকলৰ ওপৰত খৰ্গহস্ত হৈ পৰে মন্ত্ৰী সঞ্জয় কিষাণ । অবাঞ্চিত এই ঘটনাৰ বাবে অনুষ্ঠান ব্যাহত হৈ পৰে । কিছু সময়ৰ পাছতে আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । উল্লেখ্য যে আজিৰে পৰা চহৰখনৰ মাকুম পথৰ অসম এজেন্সি নামৰ তেল ডিপোত উপলব্ধ হ’ব পৰাকৈ এম ১৫ পেট্ৰলৰ শুভাৰম্ভ অনুষ্ঠান স্থানীয় হোটেল মিৰানীত অনুষ্ঠিত হৈছিল । অনুষ্ঠানত আই অ’ চিৰ অধ্যক্ষ এছ এম বৈদ্য, অসম পেট্ৰ’কেমিকেলছৰ অধ্যক্ষ বিকুল ডেকা, বিধায়ক সুৰেণ ফুকন, পৌৰসভাৰ উপ সভাপতি নৱনীতা আগৰৱালৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল । আজিৰ এই অপ্ৰত্যাশিত ঘটনাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া এক অনাহূত ঘটনা যিটো হব নালাগিছিল । তেওঁ সমগ্ৰ ঘটনাটোৰ এটা তদন্তৰ নিৰ্দেশ দিয়া বুলি প্ৰকাশ ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More