কেন্সাৰ গৱেষণাত সফলতা ভাৰতীয় গৱেষকৰ 

নিভ’লুমেব ইমিউন’থেৰাপীয়ে কম খৰচত জীৱন ৰক্ষা কৰিব

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ নৱেম্বৰ : কৰ্কট ৰোগৰ চিকিৎসাত ইমিউন’থেৰাপি নামৰ চিকিৎসা পদ্ধতিৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বাঢ়িছে। কেমোথেৰাপি আৰু ৰেডিয়’থেৰাপিৰ বাহিৰেও এই চিকিৎসাই বহু কেন্সাৰ ৰোগীৰ বাবে আশাৰ সঞ্চাৰ কৰিছে। কিন্তু এতিয়ালৈকে এই চিকিৎসা পদ্ধতি ইমানেই ব্যয়বহুল যে সাধাৰণ মানুহে ইয়াৰ সুফল লাভ কৰাটো কাৰ্যতঃ অসম্ভৱ। শেহতীয়াকৈ মুম্বাইৰ টাটা মেম’ৰিয়েল হস্পিতালৰ চিকিৎসকৰ এক উদ্ভাৱনে সেই ছবিখনৰ কিছু পৰিৱৰ্তন আনিব পাৰে। চিকিৎসক বিজয় পাটিলৰ নেতৃত্বত ‘নিভ’লুমেব’ নামৰ ঔষধৰ পৰীক্ষামূলক প্ৰয়োগত দেখা গৈছে যে এই ঔষধ দশম হাৰত ব্যৱহাৰ কৰিলেও ‘মূৰ আৰু ডিঙিৰ’ কৰ্কট ৰোগত আক্ৰান্ত ৰোগী লাভৱান হ’ব পাৰে। ‘লো-ড’জ নিভ’লুমেব’ নামৰ এই চিকিৎসা পদ্ধতি সম্পৰ্কে ‘ক্লিনিকেল অংক’লজী’ নামৰ বিজ্ঞান আলোচনীখনত প্ৰকাশ পাইছে। টাটা মেম’ৰিয়েল হাস্পতালৰ দলটোৱে মেটাষ্টেটিক মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত ১৫১ জন ৰোগীৰ পৰীক্ষা কৰিছিল। পৰীক্ষাটোত ৰোগীক দুটা গোটত ভাগ কৰা হৈছিল। প্ৰথম গ্ৰুপত ৭৬ জন ৰোগীক ৰখা হৈছিল। এই গোটৰ সকলো ৰোগীকে ‘নিভ’লুমেব’ নামৰ এই ঔষধৰ সামান্য মাত্ৰা দিয়া হয়। বাকী ৭৫ জনে কেৱল গতানুগতিক কেমোথেৰাপিহে গ্ৰহণ কৰিছিল। ইয়াত দেখা গৈছে যে যিসকলে কেমোথেৰাপিৰ সৈতে কম মাত্ৰাত নিভ’লুমেব গ্ৰহণ কৰিছিল তেওঁলোকৰ ১ বছৰৰ পিছত জীয়াই থকাৰ হাৰ ৪৩.৪ শতাংশ বৃদ্ধি পাইছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ঔষধ ইমান দিনে বহু বেছি মাত্ৰাত ব্যৱহাৰ কৰা হৈছিল। ৰোগীক সপ্তাহত দুবাৰকৈ ২৪০ মিলিগ্ৰামৰ ‘ফ্লেট ড’জ’ দিয়া হৈছিল। এই অধ্যয়নত চিকিৎসকে ৩ সপ্তাহৰ মূৰে মূৰে এবাৰ ২০ মিলিগ্ৰাম ঔষধ প্ৰদান কৰিছিল। যি সফলতা লাভ কৰা হৈছে সেয়া দেখি চিকিৎসকে দাবী কৰে যে ইয়াৰ দ্বাৰা চিকিৎসাৰ খৰচ প্ৰায় ৯৫ শতাংশ হ্ৰাস পাব। আগতে এই চিকিৎসাৰ বাবে প্ৰায় ৬২ লাখ টকা খৰচ হৈছিল, এতিয়া এই খৰচ বছৰি ৩.৫ লাখ টকালৈ নামি আহিব। ফলত আৰু বহু লোকে চিকিৎসা লাভ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁলোকে আশা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More