কেবিনেটৰ আগদিনা কৃত্ৰিম বানত ডুবিল তেজপুৰ চহৰ

0 30

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১০জুন: পুৱা অহা এজাক মুষলধাৰ বৰষুণৰ পাছতে আজি কৃত্ৰিম বানত ডুব গ’ল তেজপুৰৰ চহৰৰ একাধিক গুৰুত্বপূৰ্ণ অঞ্চল।ৰাজ্য চৰকাৰৰ কেবিনেট তেজপুৰৰ বাটমাৰিত অনুষ্ঠিত হোৱাৰ বাবে চহৰখনক সকলো প্ৰকাৰে সজাই পৰাই তোলাৰ সময়তে আগদিনাই এনেদৰে এজাক বৰষুণত তেজপুৰ চহৰ ডুব যোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।চহৰখনৰ এন চি ৰ’ড আৰু কেচি ৰ’ড আজি দিনত একাঁঠু পানীৰ তলত ডুৱ যোৱাত চহৰখনৰ মাজত এক অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হয়।উল্লেখযোগ্য যে, তেজপুৰত শেহতীয়াকৈ কৃত্ৰিম বান এক বিপজ্জনক সমস্যা হৈ দেখা দিছে যদিও বৰ্তমানেও ইয়াৰ সমাধানৰ কোনো চেষ্টা চলোৱা নাই চহৰখনৰ গাৰোৱানপট্টী অঞ্চলৰ মূল পথত জমা হোৱা পানী নিষ্কাসণ কৰিবলৈ পাম্প ব্যৱহাৰ কৰিবলগীয়া হৈছিল।আজি দিনত আৰম্ভ হোৱা মুষলধাৰ বৰষুণৰ পাছতে তেজপুৰ সদৰ আৰক্ষী থানাৰ সমীপৱৰ্তী অঞ্চলৰ পথৰ লগতে কেচি ৰ’ড কৃত্ৰিম বানৰ কৱলত পৰে।ঈদগাহ চাৰিআলিৰ পৰা কেচি ৰ’ড ৰ উপৰি এন চি ৰ’ড তথা থানা চৌহদো একাঁঠু পানীত ডুব যোৱা এই ঘটনাৰ পাছত শোণিতপুৰৰ উপায়ুক্তই পৰিস্থিতিৰ বুজ লয়।চহৰখনত অপৰিকল্পিতভাৱে তথা কাৰিকৰী বিসংগতিপূৰ্ণ ভাবে নিৰ্মাণ কৰা নলা নৰ্দমা সমূহ দীৰ্ঘকাল পৰিস্কাৰ নকৰাৰ পৰিণতিতে এসময়ৰ সৌন্দৰ্য নগৰীখনৰ এনে অৱস্থা হোৱা বুলি অভিযোগ কৰিছে ৰাইজে।আনহাতে,চহৰখন যোৱা প্ৰায় সাতবছৰে এনেদৰে কৃত্ৰিম বানৰ কবলত পৰাৰ পিছৰে পৰাই সৰ্বসাধাৰণে প্ৰাকৃতিক হোলা সমূহৰ বেদখল উচ্ছেদৰ তথা দ পথাৰ সমূহ বিক্ৰীৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰাৰ দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত শোণিতপুৰ প্ৰশাসনে সামান্যতম গুৰুত্বও আৰোপ কৰা নাই।ইয়াৰ বিপৰীতে মৰাভৰলী নৈয়ো পুতি পেলোৱাৰ উপৰি তেজপুৰ চহৰৰ কেকোৰাপুলৰ সমীপৰ পৰা জয়মতী পথাৰৰ কাষৰীয়া অঞ্চল তথা জাহাজঘাট আদিৰ বহু স্থানতে বেদখল, গোহালিৰ আৱৰ্জনা পেলোৱা তথা গৃহ নিৰ্মাণৰ ঘটনা সংঘটিত হৈছে।তদুপৰি,ৰবৰবাগান গাৰোৱানপট্টী,মহাভৈৰৱ মন্দিৰৰ সন্মুখৰ বৃহৎ প্ৰাকৃতিক হোলা, তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ কাষৰ হোলাৰ লগতে হাতী পিলখানা, তেজপুৰৰ পদুম পুখুৰীৰ সমীপৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ কাষৰ প্ৰাকৃতিক হোলা আদিও পুতি পেলোৱাত বৰ্তমান তেজপুৰৰ অৱস্থা কৃত্ৰিম বানৰ ফলত শোচনীয় হৈ পৰিছে।তদুপৰি নেপালীপট্টি অঞ্চলতো হোলা নিঃশেষ হৈ পৰাত এইবোৰ অঞ্চলো কৃত্ৰিম বানৰ কবলত পৰাটো এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে।ৰাজ্য চৰকাৰে আৰম্ভ কৰা মাটিৰ দালাল বিৰোধী অভিযানৰ সময়ত তেজপুৰৰ একাংশ মাটিৰ দালালে কিছুদিন নিতাল মাৰিছিল যদিও বৰ্তমান পুনৰ তেজপুৰত মাটিৰ দালালে মাটি ক্ৰয় বিক্ৰয় আৰম্ভ কৰিছে।প্ৰণিধানযোগ্য যে, তেজপুৰৰ ঘৰপোৰা চুবুৰিৰ দ পথাৰৰ মাটিৰ লগতে ডিপোটাকে ধৰি বিভিন্ন অঞ্চলত মাটিৰ দালালে মাটি ক্ৰয় বিক্ৰয় কৰিছে বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে।ইয়াৰ মাজতে তেজপুৰ পৌৰসভাই কিছুদিন পূৰ্বে নলা নৰ্দমাসমূহ পৰিস্কাৰ কৰাৰ লগতে হোলাৰ বেদখল উচ্ছেদৰ পৰিকল্পনা কৰিছিল যদিও পৰৱৰ্তী সময়ত সেয়াও নিতাল মৰাত এতিয়া তেজপুৰীয়া ৰাইজে কৃত্ৰিম বানত জুৰুলা হোৱাৰ বিকল্প নোহোৱা হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More