শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ ছেপ্টেম্বৰ : কোন অমৰ হ’ব নিবিচাৰে? আদিম কালৰ কিছুমান পৌৰাণিক কাহিনীৰ পৰা জানিব পাৰোঁ যে, অমৃতৰ ভাগ-বতৰাক লৈ অসুৰ আৰু দেৱতাৰ মাজত যুদ্ধ হৈছিল। বিষ্ণুৱে নিজেই হস্তক্ষেপ কৰিবলগা হৈছিল। তেওঁ কেৱল হস্তক্ষেপ কৰাই নহয়, কৌশলৰ আশ্ৰয় লৈ অসুৰসকলক বঞ্চিতও কৰিছিল। অৰ্থাৎ অসুৰৰ অমৰত্বৰ প্ৰতি দেৱতাসকলে ভয় খাইছিল। পিছে এতিয়া অমৰত্ব মানুহৰ হাতৰ মুঠিত; কেৱল বিজ্ঞানৰ সহায়ত! শেহতীয়াকৈ হোৱা এটা আৱিষ্কাৰৰ ফলত বিজ্ঞানীসকলে দাবী কৰে যে মানুহৰ আদিম ইচ্ছা পূৰণ হ’ব। তেওঁলোকে দাবী কৰে যে, এইবাৰ মানুহো অমৰ হ’ব পাৰে। সেই লক্ষ্যত উপনীত হোৱাৰ চাবিকাঠি হ’ল লবষ্টাৰ। লবষ্টাৰ, যিবিধক আমি মাছ বুলি জানো। পৃথিৱীৰ সকলো প্ৰজাতিৰ দৰে মানুহৰ দেহো প্ৰাপ্তবয়স্ক হোৱাৰ এক নিৰ্দিষ্ট পৰ্যায়লৈ বিকশিত হয়। শৰীৰত হোৱা সকলো ক্ষতিসাধন মেৰামতি কৰিব পাৰে। কিন্তু, মানৱ শৰীৰে ক্ৰমান্বয়ে এই ক্ষমতা হেৰুৱাই পেলায়। শৰীৰ নামৰ যন্ত্ৰটো ক্ৰমান্বয়ে অসাৰ হৈ পৰে। লবষ্টাৰ এই নিয়মৰ ব্যতিক্ৰম। ইহঁত দীৰ্ঘজীৱী। বাৰ্ধক্যত মৃত্যু নহয়। হয় মানুহে খাদ্যৰ বাবে ইহঁতক হত্যা কৰাৰ বাবেই মৃত্যুমুখত পৰে, নহয় শাৰীৰিক কাৰণত ইহঁত বৃদ্ধি হৈ খোলাবোৰ সলনি কৰাৰ লগে লগে ইহঁতৰ মৃত্যু হয়। লবষ্টাৰৰ এই অবিশ্বাস্য দীৰ্ঘায়ুৰ ৰহস্য হ’ল এক প্ৰকাৰৰ উৎসেচক— টেল’মিৰেজ এনজাইম। টেল’মিৰেজে কোষৰ মৃত্যু বা নিষ্ক্ৰিয় হোৱাৰ আগতে কোষ বিভাজনৰ সংখ্যা বৃদ্ধি কৰে। এই অতি প্ৰয়োজনীয় এনজাইম লবষ্টাৰৰ শৰীৰৰ কোষত থাকে। মানুহৰ শৰীৰৰ কম সংখ্যক কোষতে অৱশ্যে সক্ৰিয় টেল’মিৰেজ থাকে। বিশেষকৈ ষ্টেম চেলত। এই কাৰণেই ষ্টেম চেলে বহুদিনলৈ নিজকে মেৰামতি কৰিব পাৰে। ফলত ইহঁতৰ আয়ুস দীঘলীয়া হয়। কিন্তু, মানুহৰ শৰীৰৰ আন কোষবোৰৰ আয়ুস বহুত কম, যিহেতু ইয়াত টেল’মিৰেজ নাথাকে। স্বাভাৱিকতে মানুহৰ শৰীৰত টেল’মিৰেজযুক্ত কোষ বেছি হোৱা হ’লে বেছিদিন জীয়াই থাকিলহেঁতেন। কিন্তু কিদৰে? তাৰ বাবে বিজ্ঞানে চেষ্টা কৰিছে। সেই প্ৰচেষ্টাৰ ভিত্তিত এতিয়া বিজ্ঞানীসকলে মানৱ শৰীৰত টেল’মিৰেজ থকা কোষৰ সংখ্যা বৃদ্ধি কৰাৰ উপায় বিচাৰিছে। সমস্যাটো হ’ল, কেন্সাৰ টেল’মিৰেজৰ লগত জড়িত। নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ লেবৰেটৰী ফৰ এজিং ৰিচাৰ্চৰ মুৰব্বী লিণ্ডচে ৱুৱে কয় যে, এই কৌশলৰ সৈতে আটাইতকৈ ডাঙৰ বিপদটো হ’ল যে সাধাৰণতে প্ৰাপ্তবয়স্ক কোষত টেল’মিৰেজ উৎপন্ন নহয়। কিন্তু কৰ্কট কোষত প্ৰায়ে টেল’মিৰেজ উৎপন্ন হয়। আৰু এই এনজাইমে কেন্সাৰক অমৰ কৰি তোলে। গতিকে লবষ্টাৰৰ দৰে দীৰ্ঘায়ু বা অমৰত্ব লাভ কৰিবলৈ টেল’মেৰেজ ব্যৱহাৰ কৰাৰ আগতে বিজ্ঞানীসকলে কেন্সাৰৰ সৈতে এনজাইমৰ সম্পৰ্ক ভালদৰে বুজিব লাগিব। আৰু যেতিয়া ইয়াক নেতিবাচক ক্ৰিয়াৰ পৰা ইতিবাচক কাৰ্যলৈ টানি আনিব পাৰিব, তেতিয়াহে বিজ্ঞানীসকলে ইয়াৰ দ্বাৰা মানুহক অমৰ কৰি তোলাৰ উপায় সম্পৰ্কত নিশ্চিত হ’ব পাৰিব, আগতে নহয়! তেনেকুৱা হ’লেও মানুহে কিমান দিন জীয়াই থাকিব পাৰিব? বিজ্ঞানীসকলে কয় যে ই প্ৰায় ১৪০ বছৰলৈ বৃদ্ধি হ’ব পাৰে! বেয়া হ’ব নেকি?
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.