কেৱল শ্ৰদ্ধাযুক্ত মনৰ অধিকাৰীজনেহে প্ৰকৃত জ্ঞান লাভ কৰিব পাৰে- ড° পীতাম্বৰ দেৱ গোস্বামী

প্ৰতিষ্ঠাবৰ্ষৰ কৃতী ছাত্ৰক সুঁৱৰি মাজুলী মহাবিদ্যালয়ত 'বদন-বন্দন'

0 41

শতাব্দ প্ৰতিনিধি,মাজুলী,২৮ জুনঃ মাজুলী মহাবিদ্যালয়ৰ প্রথম দলৰ ছাত্ৰ, বিশিষ্ট শিক্ষাবিদ, মাজুলীৰ সাহিত্য জগতৰ অন্যতম কাণ্ডাৰীস্বৰূপ, ৰসবেত্তা বদন দোলাকাষৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি মহাবিদ্যালয়খনত ‘বদন-বন্দন’ শীৰ্ষক এখনি স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হৈ যায়। মাজুলীৰ বৌদ্ধিক জগতৰ ভোটাতৰাস্বৰূপ ব্যক্তি সদ্যপ্ৰয়াত দোলাকাষৰীয়াক স্মৰণ কৰিবলৈ আজি দিনৰ ১২.৪৫ বজাৰপৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিত প্ৰয়াত ব্যক্তিজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দোলাকাষৰীয়াৰ ভাতৃ, শিল্পী জয় দোলাকাষৰীয়াই আৰু স্মৃতি তৰ্পণ কৰে তেওঁৰ পত্নী গোলাপী দোলাকাষৰীয়াই। মহাবিদ্যালয়ৰ অধ্যাপিকা ড° লীমা দত্তই আঁত ধৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে তুলসী ৰাজখোৱাই। অনুষ্ঠানটি উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই দোলাকাষৰীয়াৰ জ্ঞানৰ বিশালতাৰ আৰু অধ্যয়ন পিপাসাৰ বিষয়ে উল্লেখ কৰে। গীতাৰ ব্যাখ্যাৰ পৰা ইংৰাজী কবিৰ প্ৰসংগ, আকৌ তাৰ লগতে মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আদিৰ প্ৰসংগ উপস্থাপনেৰে লিখা ভিন্নস্বাদৰ সমৃদ্ধ লেখাৰে মাজুলীৰ জ্ঞানৰ জগতখন তেওঁ কেনেকৈ জীপাল কৰি থৈ গ’ল, তাৰ চমু আলোকপাতেৰে বদন দোলাকাষৰীয়াৰ সাহিত্যকীৰ্তি সম্পৰ্কে ব্যাখ্যা কৰে। অনুষ্ঠানত মুখ্য বক্তা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী নিজৰ সাৰগৰ্ভ বক্তব্যত উল্লেখ কৰে যে সমাজৰ সকলোতকৈ শ্ৰেষ্ঠ সম্পদেই হৈছে জ্ঞান। সাধাৰণ জ্ঞান সমাজৰ প্ৰতিজনৰ বাবেই লভ্যমান হ’ব পাৰে; কিন্তু কেৱল শ্ৰদ্ধাযুক্ত মনৰ অধিকাৰীজনেহে প্ৰকৃত জ্ঞান লাভ কৰি এজন প্ৰকৃত মানুহত পৰিণত হ’বলৈ সক্ষম হয়। জ্ঞানপিপাসু বদন দোলাকাষৰীয়া আছিল তেনে এজন প্ৰকৃত মানুহ, বয়স অনুযায়ী সমাজৰ সকলোকে যথোচিত সন্মান আৰু মৰ্যাদা প্ৰদান কৰিছিল। এনে এজন ব্যক্তিৰ জ্ঞানসমৃদ্ধ লেখাসমূহ সংৰক্ষণৰ বাবে আউনীআটী সত্ৰই ব্যৱস্থা লোৱাৰ বিষয়েও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়া, পৰিয়ালৰ তৰফৰ পৰা ললিত শইকীয়া, অৱসৰী অভিযন্তা জিতেন দোলাকাষৰীয়া, আউনীআটী হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া, সমাজকৰ্মী যুগল হাজৰিকা, মাজুলী মহাবিদ্যালয়ৰ অৱসৰী প্ৰশাসনিক সমন্বয়ক ড° আনন্দ হাজৰিকা, অৱসৰী অধ্যাপক অমৃতেশ্বৰ চুতীয়া, শৈক্ষিক সমন্বয়ক অৱনী কুমাৰ দত্ত, ড° ৰাজেন বৰা, অজয় প্ৰসাদ সিংহ আদিয়ে বদন দোলাকাষৰীয়াৰ বৰ্ণাঢ্য জীৱনৰ বিভিন্ন দিশৰ অৱলোকন কৰে। অনুষ্ঠানৰ শেষত শলাগৰ আগবঢ়ায় সহকাৰী অধ্যাপক ড° দেৱজ্যোতি ভট্টাচাৰ্যই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More