কোটি কোটি টকীয়া আঁচনি ৰূপায়ণৰ নামত বিষয়া-ঠিকাদাৰে মিলি শৰাধ কৰিছে ধনঃ আছু

লখিমপুৰৰ জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ হেমাহীৰ বাবেই  ছিঙিলে মথাউৰি

0 10

সৰব আছু-নিবনুৱা সন্থাঃ ঘনচৰাইত সোৱণশিৰিৰ বান-খহনীয়াত অবৰ্ণনীয় পৰিস্থিতি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ অক্টোবৰঃ লখিমপুৰ জলসম্পদ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ চূড়ান্ত হেমাহী আৰু অকৰ্মণ্য়তাৰ বাবেই সোৱণশিৰিয়ে যোৱা ১০ অক্টোবৰত ঘনচৰাইত মথাউৰি ছিঙি এক অবৰ্ণনীয় পৰিস্থিতিৰ সূচনা কৰিছে৷ জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে সময়মতে আঁচনি ৰূপায়ণ নকৰাৰ বাবেই সমগ্ৰ তেলাহী অঞ্চলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই অভিযোগ সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ লগতে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ৷ এক বিবৃতিত আছুৰ জিলা সভাপতি সীমান্ত নেওগ, সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে কয় যে চৰকাৰে মথাউৰি নিৰ্মাণ আৰু গৰা খহনীয়া ৰোধৰ বাবে প্ৰতিবছৰে কোটি কোটি টকা আৱণ্টন দি অহাৰ পিছতো আজিও সোৱণশিৰিৰ গৰা খহনীয়া ৰোধ কৰিব নোৱৰাতো লখিমপুৰ জলসম্পদ বিভাগৰ চূড়ান্ত ব্যৰ্থতা৷ জলসম্পদ বিভাগৰ চূড়ান্ত অমনোযোগিতা আৰু অকৰ্মণ্য়তাৰ বাবেই সোৱণশিৰিৰ ৰক্ষা কবচ ভীমপৰা মথাউৰিটো ঘনচৰাইত নদীৰ বুকুত জাহ যোৱাৰ লগতে বৃহৎ অংশ তললৈ বহি গৈছে৷ যাৰ ফলত এতিয়া খহনীয়াৰ কবলত পৰি সমগ্ৰ অঞ্চলটোত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জাহ গৈছে বহু ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান, কেবাটাও পৰিয়ালৰ বাসগৃহ৷ পৰিতাপৰ কথা যে বছৰ বছৰ ধৰি খহনীয়াত এই অঞ্চলৰ বহু ঘৰ দুৱাৰ জাহ যোৱাৰ পিছতো জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ‘আখটাৰ’ উপাধিৰ বিষয়াজনে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব নোৱৰাতো অতি লজ্জাজনক৷ বিজ্ঞানসন্মত ভাৱে সেই অঞ্চলত আঁচনি ৰূপায়ণ নকৰাৰ বাবেই এনেদৰে অঞ্চলবাসী বিপদত পৰি আহিছে৷ একেটা বিবৃতিত আছুৰ মুখ্য সাংগঠনিক সম্পাদক পুলক বৰা আৰু কাৰ্যনিৰ্বাহক ধনমনি দত্তই কয় যে বহুদিনৰ পৰাই ছাত্ৰ সন্থাই লখিমপুৰৰ বান-গৰাখহনীয়া সমস্যা বিজ্ঞানসন্মত ভাৱে সমাধান কৰিবলৈ দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত প্ৰশাসন অথবা জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ কেৱল বাৰিষাৰ সময়ত কেইডালমান পাৰ্কিউপাইন আৰু কেইটামান জিঅ’ বেগ পেলাই কোটি কোটি টকা বিষয়া-ঠিকাদাৰে মিলি শৰাধ কৰি অহা বুলি তেওঁলোকে উল্লেখ কৰে৷ শূন্য সহনশীলতাৰ কথা কোৱা ড॰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিগ্ৰস্ত বিষয়া ঠিকাদাৰৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে খহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷ ইফালে সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি বিনোদ দাস, সাধাৰণ সম্পাদক ভূপেন সোণোৱালে এই সন্দৰ্ভত কয় যে সোৱণশিৰি নদীয়ে ভীমপৰা মথাউৰিৰ ন-আলি চন্দ্ৰপুৰত দুমাহ পূৰ্বৰে পৰা তীব্ৰ গৰা-খহনীয়াৰ সৃষ্টি কৰিছিল যদিও দীৰ্ঘ সময়ত জলসম্পদ বিভাগে এই ঠাইত খহনীয়া ৰোধ কৰিবলৈ সক্ষম নহল৷ চৰকাৰে ১০ কোটি টকা অনুমোদন দিয়াৰ লগতে ভট্টাচাৰ্য উপাধিৰ এজন ঠিকাদাৰক কামৰ আৱণ্টনো দিছিল৷ ঠিকাদাৰে যেনেদৰে সময়মতে কাম কৰিব লাগিছিল তেনেদৰে কাম নকৰাৰ বাবেই আৰু জলসম্পদ বিভাগেও সঠিক ভাৱে তদাৰক নকৰাৰ ফলতে যোৱা ১০ অক্টোবৰত সোৱণশিৰিয়ে ঘনচৰাইত মথাউৰি ছিঙিলে বুলি সন্থাই অভিযোগ উত্থাপন কৰে৷ এই সন্দৰ্ভত সন্থাই মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ তেওঁলোকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্য বন্ধ কৰা, তেলাহী অঞ্চলত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়া, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আলিউল আখটাৰ, কনিষ্ঠ অভিযন্তা সঞ্জীৱ গোহাঁইক নিলম্বনৰ দাবী জনোৱাৰ লগতে বধাকৰা মঘোৱাচুকত ২০ শতাংশ কাম কৰি ঠিকাদাৰে  কোটি টকা উলিয়াই নিয়া কাৰ্যৰ শীঘ্ৰে তদন্তৰ দাবী জনাই দোষী বিষয়া ঠিকাদাৰৰ ওপৰত কঠোৰ শাস্তি বিহিব লাগে বুলি কয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More