কোন দিশে আফগানিস্তানৰ নাৰী সমাজ ? 

0 30

ৰুণজুন শ‌ইকীয়া 

যিসময়ত বিশ্বৰ নাৰী সমাজ শিক্ষা-দীক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে আগবাঢ়ি গৈছে সেই সময়ত আফগানিস্থানৰ নাৰী সমাজে সততে বাতৰিৰ শিৰোনাম দখল কৰিছে বিভিন্ন কাৰণত । আশীৰ দশকলৈকে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি থকা আফগান নাৰী এতিয়া সকলো ক্ষেত্ৰতে পিছপৰি গৈছে, তেওঁলোকৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে । IMG 20220602 WA0001২০২১চনৰ আগষ্ট মাহত তালিবানে আফগানিস্থানৰ শাসন ভাৰ লোৱাৰ পাছত ঘোষণা কৰিছিল তেওঁলোকে নাৰীৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিব, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত । কিন্তু দিন যোৱাৰ লগে লগে তালিবান চৰকাৰে ঘোষণা কৰিলে কেৱল বাৰ বছৰ বয়সলৈকেহে ছোৱালীয়ে বিদ্যালয়ত গৈ শিক্ষা গ্ৰহণ কৰিব পাৰিব । বাৰ বছৰৰ পিছৰ ছোৱালীৰ বাবে বিদ্য়ালয় বন্ধ । কেৱল সেয়াই নহয় মহিলাই ভৰিৰ পৰা মূৰলৈকে কাপোৰেৰে ঢাকি ৰাখিব লাগিব । আনকি দূৰদৰ্শনত বাতৰি পৰিবেশন কৰোঁতেও হিজাব বা বোৰ্খাৰে নিজৰ মুখমণ্ডল ঢাকি ৰাখিব লাগিব । আফগান মহিলাই এতিয়া পুৰুষ সংগী হ’লেহে ঘৰৰ বাহিৰলৈ ওলাব পাৰিব ।এসময়ত হাইহিল পিন্ধি ৰাজপথত বিচৰণ কৰা আফগানিস্থানৰ মহিলা এতিয়া ইটোৰ পিছত সিটো নিষেধাজ্ঞাৰ সন্মুখীন হৈছে । তালিবানৰ এই নিষেধাজ্ঞাক আমেৰিকাকে ধৰি বিশ্বৰ বহু দেশে প্ৰতিবাদ কৰিছে ।ৰাষ্ট্ৰসংঘয়ো তালিবানৰ এই ভয়াৱহ লিংগ বৈষম্যতাৰ বিৰোধিতা কৰিছে ।
তালিবানীসকলৰ এই স্বেচ্ছাচাৰী শাসনৰ বিপৰীতে বহুতো আফগান মহিলাই গোপনে অনলাইন ক্লাছ কৰিছে । আনকি তালিবানৰ নিৰ্দেশ অমান্য কৰি এগৰাকী টি ভি সঞ্চালিকাই হিজাব পৰিধান নকৰাকৈ বাতৰি পৰিবেশন কৰিছে । ইণ্টাৰনেটৰ সহায়ত বহুতো মহিলাই শিক্ষা আহৰণ কৰিছে আৰু মহম্মদিৰ দৰে বহু সাংবাদিকে এই খবৰ বিশ্ববাসীক জনাইছে । যোৱা ২৯ মে’ ৰবিবাৰে কাবুলত আফগান নাৰীয়ে নিজৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে বিক্ষোভ কৰিছে, এই বিক্ষোভত তেওঁলোকে চিঞৰিছিল “শিক্ষা আমাৰ অধিকাৰ, স্কুল খুলি দিয়ক” । আফগান নাৰীৰ এই চিৎকাৰে তালিবানী চৰকাৰৰ হৃদয় গলাব পাৰিবনে নোৱাৰে সেয়া সময়েহে কব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More