ক্ষুধাৰ অগনি : প্ৰতি চাৰি ছেকেণ্ডত এজনৰ মৃত্যু

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : প্ৰতি চাৰি চেকেণ্ডত এজন ব্যক্তিৰ ভোকত মৃত্যু হয়। ২০ ছেপ্টেম্বৰ মঙলবাৰে বিশ্বৰ ২০০ৰো অধিক স্বেচ্ছাসেৱী সংগঠনে এই বিষয়ে সতৰ্কবাণী জাৰি কৰি বিশ্বৰ খাদ্য সংকট দূৰ কৰাৰ বাবে নিৰ্ণায়ক আন্তৰ্জাতিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বাবে নিউয়ৰ্কত সমবেত হোৱা বিশ্ব নেতাসকললৈ এখন মুকলি পত্ৰত অক্সফাম, ছেভ দ্য চিলড্ৰেন, প্লেন ইণ্টাৰনেশ্যনেলকে ধৰি ৭৫খন দেশৰ ২৩৮টা সংগঠনে বিশ্বৰ খাদ্য সংকটক লৈ ক্ষোভ প্ৰকাশ কৰিছে। কোৱা হৈছে যে ক্ষুধাৰ মাত্ৰা আকাশলংঘী হৈছে। কিন্তু ভোকাতুৰসকলৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সংগঠনকেইটাই এক বিবৃতি প্ৰকাশ কৰি কয়— “এটা আচৰিত কথা যে বৰ্তমান বিশ্বৰ ৩৪.৫ কোটি লোক ভোকত জ্বলি আছে। ২০১৯ চনৰ তুলনাত এই সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে। একবিংশ শতিকাত আমি বিশ্বত দুৰ্ভিক্ষ হ’বলৈ নিদিওঁ— বিশ্বৰ নেতাসকলে প্ৰতিশ্ৰুতি দিছিল। কিন্তু ছোমালিয়া এতিয়াও দুৰ্ভিক্ষৰ সন্মুখীন হৈছে। বিশ্বৰ ৪৫খন দেশৰ ৫ কোটি লোক অনাহাৰৰ পথত।” স্বেচ্ছাসেৱী সংগঠনসমূহে দাবী কৰে যে প্ৰতিদিনে ১৯,৭০০ জন লোকৰ ভোকত মৃত্যু হয়। সংগঠনকেইটাই দাবী কৰে যে প্ৰতি চাৰি ছেকেণ্ডত এজন লোকৰ মৃত্যু হয়। পত্ৰখনত স্বাক্ষৰ কৰা য়েমেন ফেমিলি কেয়াৰ এছ’চিয়েশ্যনৰ মোহন্না আহমেদ আলী এলজাবালিয়ে এক বিবৃতিত কয়— ‘‘যেতিয়া আমাৰ হাতত কৃষি আৰু শস্য চপোৱাৰ প্ৰযুক্তি আছে তেতিয়া আমি দুৰ্ভিক্ষৰ কথা কোৱাটো অতি বেয়া।” তেওঁ লগতে কয় যে একবিংশ শতিকাতো দুৰ্ভিক্ষৰ দৰে ঘটনাৰ সন্মুখীন হোৱাটো উচিত নহয়। তেওঁ লগতে কয় যে বিশ্বই তাৎক্ষণিকভাৱে জীৱন ৰক্ষাকাৰী খাদ্য আৰু দীৰ্ঘম্যাদী সাহায্য প্ৰদানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আৰু এটা মুহূৰ্তও অপেক্ষা কৰা উচিত নহয়। মানুহে ভৱিষ্যতৰ দায়িত্ব ল’ব পাৰে আৰু নিজকে আৰু অনাহাৰে থকা পৰিয়ালক সহায় কৰিব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More