“কড়োৱা চচ” অহা ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ গোবৰডাংগাত মঞ্চস্থ হব

ভাৰতৰ বিভিন্ন ঠাইত অনুস্থিত নাট্য মহোৎসৱত ৬৭ বাৰ মঞ্চস্থ

0 35

শতাব্দ, লক্ষীমপুৰ, ১৪ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা অহা ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ গোবৰডাংগাৰ ৰবীন্দ্ৰ নাট্য সংস্থা, খাটুৱা চিত্ৰপট নাট্য গোষ্ঠী আৰু খাটুৱা শিল্পাঞ্জলী নাট্য দলে আয়োজন কৰা ৰাষ্ট্ৰীয় নাট সমাৰোহ,২০২৩ত মঞ্চস্থৰ বাবে নিমন্ত্ৰণ জনাইছে৷ এই ৰাষ্ট্ৰীয় নাট মহোৎসৱ কেইটিত মঞ্চস্থৰ বাবে নিমন্ত্ৰণ লাভ কৰা হিন্দী নাটকখনৰ পৰিচালনা দয়াল কৃষ্ণ নাথৰ, ৰচনা কুশল ডেকাৰ৷ নাটকৰ হিন্দী ৰূপান্তৰ ৰবি বার্মাৰ৷ ভাওনাৰ ফুচুৰি শিল্পীৰ লগতে ভাৰতৰ লোক নাটকৰ খুহুতীয়া শিল্পীৰ জীৱনৰ ওপৰত উপস্থাপন কৰা এই নাটকখনিত অভিনৱ থিয়েটাৰৰ শিল্পী ৰবি কুমাৰ ৰঞ্জন, নিকিতা গুপ্তা, দয়াল কৃষ্ণ নাথ, বৰুন কৰ, মনোজ কুমাৰ, গোপাল বিশ্বাস আৰু শিশু শিল্পী কথাস্মিতা কুণ্ডুৱে অভিনয় কৰিছে৷ উল্লেখযোগ্য যে এই নাটক খনি ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইত অনুস্থিত নাট্য মহোৎসৱত ৬৭ বাৰ মঞ্চস্থ কৰি সমাদৰ পাবলৈ সক্ষম হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More