কৰ’নাৰ পাৰ্শ্বক্ৰিয়া : কম বয়সতে ঋতুমতী হৈছে ছোৱালী

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ অক্টোবৰ : মাত্ৰ ৮ বছৰ বা ৯ বছৰ বয়স। এনে বয়সৰ ছোৱালীৰ ঋতুস্ৰাৱ হৈছে! এজন প্ৰখ্যাত শিশু চিকিৎসকে কয় যে এনে ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁ উপলব্ধি কৰিছে যে এই ছোৱালীসকল অকাল যৌৱনকালৰ বলি হৈছে। ঋতুস্ৰাৱৰ সময়ত বয়সস্থ ছোৱালীৰ ক্ষেত্ৰত দেখা পোৱাৰ দৰেই কম বয়সীয়া ছোৱালীৰ শৰীৰত হোৱা পৰিৱৰ্তনেই অকাল যৌৱনকাল। চিকিৎসকে গৱেষণা কৰি কয় যে কৰ’নাৰ বাবেই এনে হৈছে। দিল্লী চহৰত ছোৱালীৰ মাজত ‘আগতীয়া যৌৱনকাল’ৰ বহু ঘটনা দেখা গৈছে। ‘আগতীয়া যৌৱনকাল’ৰ পৰিঘটনাটো আগতেও হৈছিল; এইটো নতুন কথা নহয়। কিন্তু, কৰ’নাৰ আগতে যদি ১০ গৰাকী ছোৱালীৰ ক্ষেত্ৰত এনে দেখা গৈছিল, তেন্তে কৰ’নাৰ পিছত সেয়া ৩০গৰাকীলৈ বৃদ্ধি পাইছে। বিজ্ঞানীসকলে বিষয়টো সুন্দৰকৈ বিশ্লেষণ কৰিছে। লকডাউনৰ সময়ছোৱাত দীৰ্ঘদিন ঘৰৰ ভিতৰত থকাৰ বাবে শিশু বা ছোৱালীৰ শৰীৰৰ ওজন বৃদ্ধি হোৱা বুলিও তেওঁলোকে কয়। ইয়াৰ কাৰণ হ’ল যে একে সময়তে শাৰীৰিক পৰিশ্ৰম বহু পৰিমাণে হ্ৰাস পায় আৰু মগজুৱে শৰীৰৰ বয়স পঢ়িব নোৱাৰে। ছোৱালীৰ শৰীৰৰ ওজন এটা নিৰ্দিষ্ট বিন্দুত উপনীত হ’লেহে ঋতুস্ৰাৱ হয়। সাধাৰণতে বয়সৰ লগে লগে এনেকুৱা হয়; কিন্তু বয়স নহ’লেও ভুলবশতঃ ওজন বৃদ্ধি হ’লে ছোৱালীৰ ঋতুস্ৰাৱ হ’ব পাৰে, কাৰণ শৰীৰৰ ওজন বৃদ্ধিৰ লগে লগে মগজুৰ বিকাশ ঘটে, আৰু সংশ্লিষ্ট শৰীৰটোৰো বয়স হৈছেনে নাই সেইটো খবৰ ৰাখিব নোৱাৰে। ফলত শৰীৰে ঋতুস্ৰাৱৰ বাবে প্ৰয়োজনীয় হৰম’ন নিঃসৰণ কৰিবলৈ আৰম্ভ কৰে আৰু ই আৰম্ভ হয় মগজুৰ পিটুইটাৰী গ্ৰন্থিৰ সৌজন্যত। অৱশ্যে আন এটা কাৰণো আছে। লকডাউনৰ সময়ত শিশুসকল পূৰ্বতকৈ অধিক অনলাইনত আছিল। স্মাৰ্টফোন বা টেব লৈ বহু সময় চাই থাকিলে শৰীৰত মেলাটনিনৰ মাত্ৰা বৃদ্ধি পায় আৰু ই পিটুইটাৰী গ্ৰন্থিকো উদ্দীপিত কৰে। ফলত আগতীয়াকৈ যৌৱনকালৰ সৃষ্টি হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More