কৰুণাধাৰাৰ তেজপুৰ শাখাৰ উদ্যোগত হোমেন বৰগোহাঞিক স্মৰণ

0 13

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১২ মেঃ20230512 190628 ৰাজ্যখনৰ প্ৰাত:স্মৰণীয় কথাশিল্পী, বিশিষ্ট বুদ্ধিজীৱী তথা কৰুণাধাৰাৰ প্ৰতিষ্ঠাতা হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটোত কৰুণাধাৰাৰ তেজপুৰ শাখাই ভাৰতীয় শিশু কল্যাণ পৰিষদ আৰু শিশু বিকাশ একাডেমীৰ সহযোগত আয়োজন কৰে বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ। ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ কাৰ্যালয়ত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে কৰুণাধাৰাৰ তেজপুৰ শাখাৰ সম্পাদিকা ড০ কৃষ্ণা শৰ্মাই প্ৰয়াত কথাশিল্পী গৰাকীক স্মৰণ কৰি কৰুণাধাৰাৰ জন্ম বৃতান্ত সদৰী কৰি তেওঁৰ বদান্যতাৰ বিভিন্ন দিশ আলোকপাত কৰে। ইয়াৰ পিছতেই কৰুণাধাৰা সম্পাদিকা ড০ কৃষ্ণা শৰ্মাৰ লগতে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সম্পাদিকা মৃণালিনী বৰা, কৰুণাধাৰাৰ কোষাধক্ষ বিনু ভূঞা, সাংগঠনিক সম্পাদিকা নিৰূপমা দেৱী, প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, সদস্যা গীতালি বৰুৱা, শিশু বিকাশ একাডেমীৰ অধ্যক্ষা মন্দাকিনী বৰা, শিক্ষক-শিক্ষয়িত্ৰী সকলে হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলেও হাতযোৰ কৰি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে এটি স্তুতি গীতেৰে নমস্য কথাশিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে ইয়াৰ মাজতেই কৰুণাধাৰাৰ কোষাধ্যক্ষ বিনু ভূঞাই শিক্ষাৰ্থী সকলক হোমেন বৰগোহাঞিৰ ব্যক্তিত্ব আৰু জীৱনাদৰ্শৰ লগতে এইগৰাকী নমস্য সাহিত্যিকে কি উদ্দেশ্যৰে কৰুণাধাৰাৰ দৰে এক অনুষ্ঠান গঢ়ি তুলিছিল আৰু কৰুণাধাৰাৰ জড়িয়তে এতিয়ালৈকে শ শ আৰ্ত লোক দুৰাৰোগ্য ৰোগৰ পৰা আৰ্থিক সকাহ লাভ কৰিবলৈ সক্ষম হৈছে সেই বিষয়েও শিক্ষাৰ্থী সকলক অৱগত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More