খাটপাৰ এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী দেৱেন মহন্তৰ দেহাৱসান

0 82

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ জানুৱাৰীঃ লখিমপুৰ জিলাৰ নাওবৈচা উত্তৰকাৰী গাঁৱৰ নিবাসী তথা শ্ৰীশ্ৰী খাটপাৰ এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰ, নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱেন মহন্ত [৮৬]ৰ বৃহস্পতিবাৰে সন্ধিয়া নিজ বাসগৃহত দেহাৱসান ঘটে৷ কিছুদিনৰ পৰা অসুস্থ হৈ পৰা বিশিষ্ট সমাজকৰ্মীজনৰ বিয়োগত সমগ্ৰ নাওবৈচা অঞ্চলত গভীৰ শোকৰ ছা পৰিছে৷ আজি তেখেতৰ নশ্বৰ দেহত অগণন লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁৰ নশ্বৰ দেহ লৈ ৰাইজে মৌন সমদল কৰাৰ পিছত বিয়লি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অনুৰাগীৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়৷ উল্লেখ্য যে নাওবৈচা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰগ্ৰহণ কৰা শ্ৰীশ্ৰী খাটপাৰ এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰজন সমগ্ৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ লগত জড়িত হৈ আছিল৷ তেওঁ সু-অভিনেতা তথা শিল্পীও আছিল৷ নাওবৈচাৰ লথৌ শান্তিসংঘত অনুষ্ঠিত হোৱা ৰাসলীলাত কংসৰ অভিনয়ৰে হাজাৰ হাজাৰ দৰ্শকক মোহাছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিল৷ তেওঁ নাওবৈচা শান্তি সংঘ, শ্ৰীমন্ত শংকৰদেৱ কলা কেন্দ্ৰকে ধৰি বিভিন্ন অনুষ্ঠানৰ শীৰ্ষ বিষয়বাবত দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰি আহিছিল৷ তেওঁৰ বিয়োগত আজি লথৌ শান্তি সংঘ, যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ সন্থা, শংকৰদেৱ কলা কেন্দ্ৰ, আদি অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত দেৱেন মহন্তই পত্নী, দুই পুত্ৰ, দুই কন্যা, নাতি-নাতিনীকে ধৰি বহু আত্মীয় স্বজনক এৰি থৈ যায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More