খানাপাৰাত  আৰম্ভ সপ্তাহজোৰা উত্তৰ-পূব মহোৎসৱ

0 24

আজাদী কা অমৃত মহোৎসৱৰ লগত ‍সংগতি ৰ‍াখি ড’নাৰ মন্ত্ৰ্যালয় আৰু এন ই চিৰ উদ্যোগত উত্তৰ-পূব মহোৎসৱৰ আয়োজন। খানাপাৰত মহোৎসৱৰ শুভাৰম্ভ কৰিলে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। মহোৎসৱৰ উদ্বোধনী উপলক্ষে হাফ মাৰাথন, চাইক্ল’থন আৰু ৱাকাথনৰ আয়োজন। মহোৎসৱৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা মণিপুৰত অনুষ্ঠিত হ’ব। ৪ মে’ত গুৱাহাটীত হ’ব সামৰণি অনুষ্ঠান।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ এপ্ৰিলঃ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি সপ্তাহজোৰা উত্তৰ-পূব মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল সামৰি উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয় আৰু উত্তৰ-পূব পৰিষদৰ উদ্যোগত আজিৰ পৰা ৪ মে’ লৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি উত্তৰ-পূবৰ প্ৰায় আটাইকেইখন ৰাজ্যৰ প্ৰতিনিধিসকলৰ উপস্থিতিত উত্তৰ-পূব মহোৎসৱৰ শুভাৰম্ভ কৰে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে নডেল বিভাগ হিচাপে কাৰ্যনিৰ্বাহ কৰি সাংস্কৃতিক পৰিক্ৰমা আৰু পৰিবহণ বিভাগৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰিছে। মহোৎসৱৰ উদ্বোধনী উপলক্ষে আজি হাফ মাৰাথন, চাইক্ল’থন আৰু ৱাকাথনৰ আয়োজন কৰা হয়। উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ প্ৰায় এশগৰাকী প্ৰতিনিধিৰ লগতে অসমৰ দুই সহস্ৰাধিক ক্ৰীড়াবিদ আৰু ক্ৰীড়াপ্ৰেমীৰ অংশগ্ৰহণেৰে এই তিনিওটা ক্ৰীড়া অনুষ্ঠানৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ক্ৰমে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অৱসৰী এয়াৰ মাৰ্শ্বাল তথা উত্তৰ-পূব পৰিষদৰ সদস্য অঞ্জন কুমাৰ গগৈ আৰু অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে। মুখ্য অতিথি ৰূপে অধ্যক্ষ দৈমাৰীয়ে কয় যে আজাদী কা অমৃত মহোৎসৱ হৈছে ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ সময়ত দেশখনে কিমান দূৰ আগুৱালে আৰু কৰণীয় কি আছে, এয়া বুজাৰ বাবে ভাৰত চৰকাৰে আয়োজন কৰা এক মহত্বপূৰ্ণ উৎসৱ। উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আৰু মেৰিকম, লাভলীনাকে ধৰি বহুতো খেলুৱৈয়ে উত্তৰ-পূবৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব আগবঢ়াবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত থাকিলে শৰীৰ চৰ্চাৰো অনুশীলন হয়। উত্তৰ-পূব মহোৎসৱে এই ক্ষেত্ৰত জনসাধাৰণক বিশেষকৈ নতুন প্ৰজন্মক উৎসাহিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে । স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক হিচাপে সকলোৱে যাতে দেশৰ গৌৰৱ অক্ষুণ্ণ ৰাখিব পাৰে তাৰ বাবে সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। তদুপৰি এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান অসমত আয়োজন কৰাৰ বাবে তেওঁ উদ্যোক্তাসকলক ধন্যবাদ জনায়। অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি অঞ্জন কুমাৰ গগৈয়ে এই মহোৎসৱত অংশ গ্ৰহণৰ বাবে নৱ প্ৰজন্মই প্ৰদৰ্শন কৰা ক্ৰীড়াসুলভ উৎসাহৰ বাবে আনন্দ প্ৰকাশ কৰে আৰু উত্তৰ-পূব পৰিষদ আৰু ড’নাৰ মন্ত্ৰালয়ৰ হৈ সকলোকে আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। উত্তৰ-পূব মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত বডো, মিছিং, কাৰ্বি, তিৱা, ৰাভা, হাজং, চাহ জনগোষ্ঠীৰ নৃত্য-গীতৰ উপৰি হুঁচৰিকে ধৰি অসমৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। আনহাতে পৰিবহণ বিভাগৰ সৌজন্যত হুঁচৰি, বাটৰ নাট আৰু মুকাভিনয়েৰে পথ সুৰক্ষা সম্পৰ্কত সজাগমূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অসম চৰকাৰৰ প্ৰধান সচিব অৰ্চনা বাৰ্মা, যুটীয়া সচিব ডাঃ চাদনেক সিং, পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান, উত্তৰ পূব পৰিষদৰ পৰিকল্পনা উপদেষ্টা কেলভিন হৰিশ খৰছিং উপস্থিত আছিল। উল্লেখ যে এই মহোৎসৱৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা মণিপুৰত অনুষ্ঠিত হ’ব আৰু অহা ৪ মে’ত গুৱাহাটীত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More