খড়গপুৰ আই আই টিত ফাইজানৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্ত দাবী
অসমৰ দল-সংগঠনক মাত মাতিবলৈ আহ্বান : মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ অক্টোবৰ : তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ আই আই টি, খড়গপুৰত অধ্যয়নৰত মেধাৱী ছাত্ৰজনৰ হোষ্টেলত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চি বি আই তদন্ত দাবী কৰিছে পৰিয়ালৰ লোকে ৷ আজি তিনিচুকীয়াত অনুষ্ঠিত এক সংবাদমেলত মৃত ফাইজানৰ পৰিয়ালে এই দাবী উত্থাপন কৰে ৷ ফাইজানৰ পিতৃ চেলিম আহমেদ, মাতৃ ৰেহানা বেগম, মাহীয়েক চালমা বেগমৰ উপৰি অন্যান্য আত্মীয় উপস্থিত থকা সংবাদমেলখনত তেওঁলোকে ৰাজ্যৰ সকলো দল, সংগঠনক বৰ্হিৰাজ্যৰ শৈক্ষিক প্ৰতিষ্ঠানত ফাইজানৰ দৰে অসমৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মাত মাতিবলৈ আহ্বান জনায় ৷ ইয়াৰোপৰি তেওঁলোকে বিষয়টোত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ কামনা কৰে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মেধাৱী ছাত্ৰজনৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি টুইট কৰিছিল ৷ খড়গপুৰ আই আই টিৰ কম্পিউটাৰ ছায়েঞ্চ বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰজনৰ সৈতে ১২ অক্টোবৰলৈকে পৰিয়ালৰ ফোনত কথা হৈছিল ৷ আনহাতে ১৩ অক্টোবৰত পিতৃয়ে ফাইজানলৈ ফোন কৰিছিল যদিও তেওঁৰ ফোন বন্ধ পোৱাত পুত্ৰ পঢ়াশুনাত ব্যস্ত বুলি ভাবি লয় ৷ কিন্ত ১৪ অক্টোবৰৰ দুপৰীয়া প্ৰায় ১০:৪৫/১১ বজাত পৰিয়ালৰ লোকে হঠাতে লাভ কৰে ফাইজানৰ মৃত্যুৰ খবৰ ৷ ইয়াৰ পাছত ফাইজানৰ পিতৃমাতৃ আৰু পৰিয়ালৰ লোক খড়গপুৰ অভিমুখে ৰাওনা হয় ৷ কিন্ত খড়গপুৰত উপস্থিত হোৱাৰ পাছতো তেওঁলোক কেতবোৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰে ৷ তেওঁলোকৰ পুত্ৰৰ বুলি কৈ চিনাক্ত কৰিবলৈ অসম্ভৱ হৈ পৰা এটা গেলিবলৈ ধৰা মৃতদেহ তেওঁলোকক চমজাই দিয়া হয় ৷ ইফালে কি পৰিস্থিতিত মেধাৱী ছাত্ৰজন মৃত্যুমুখত পৰিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ ফাইজানৰ পিতৃ-মাতৃ আৰু আত্মীয় খড়গপুৰত উপস্থিত হোৱাৰ সময়ত পুত্ৰৰ মৃতদেহ মেদিনীপুৰ মেডিকেলৰ মৰনোত্তৰ পৰীক্ষাগৃহত পৰি আছিল ৷ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে তেওঁলোকে খবৰ পোৱাৰ দুদিন আগতেই ঘটনাটো সংঘটিত হয় ৷ ফাইজানৰ মৃতদেহত তেওঁলোকে কেতবোৰ আঘাত আৰু ক্ষতচিহ্নও প্ৰত্যক্ষ কৰে ৷ গতিকে মেধাৱী ছাত্ৰজন হত্যাৰ বলি হোৱা বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে ৷ ১৫ অক্টোবৰত ফাইজানৰ পিতৃ চেলিম আহমেদে এই সন্দৰ্ভত খড়গপুৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু স্থানীয় আৰক্ষী কিম্বা খড়গপুৰ আই আই টি কৰ্ত্তৃপক্ষই ফাইজানৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ চেলিম আহমেদে ইতিমধ্যে মেধাৱী পুত্ৰৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জৰিয়তে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ ১৭ অক্টোবৰত এক পত্ৰ প্ৰেৰণ কৰিছে ৷