গন্তব্যস্থলৰ পূৰ্বেই আপোনাৰ নিদ্ৰা হৰণ কৰিব ভাৰতীয় ৰে’লে

0 25

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ জুন : আপুনি যদি ৰে’লত ভ্ৰমণ কৰিছে আৰু আপোনাৰ গন্তব্যস্থল যদি ৰে’লখনে গভীৰ নিশা বা পুৱতি নিশা অতিক্ৰম কৰিব তেন্তে আপোনাৰ মনলৈ এটা চিন্তা নিশ্চয়কৈ আহিব যে, নিশা নিদ্ৰামগ্ন অৱস্থাতে কেনেবাকৈ যদি গন্তব্য ষ্টেচনটো পাৰ হৈ যায় ! এই আহুকলীয়া সমস্যাটোৰ সমাধানৰ বাবে অলপতে ভাৰতীয় ৰে’লে এটা উপায় উদ্ভাৱন কৰিছে। Destination Alert Wakeup Alarm Facity নামৰ এই সুবিধাটো ৰে’ল কৰ্তৃপক্ষই নতুনকৈ যাত্ৰীসকলৰ বাবে আগবঢ়াইছে। অৱশ্যে ইয়াৰ বাবে যাত্ৰীসকলে প্ৰতিটো এছ এম এছ বা ফোনৰ বাবে তিনি টকা ব্যয় কৰিব লাগিব। ৰেলৱেৰ অন্যান্য সেৱাৰ বাবে যাত্ৰীসকলে সৰ্বসাধাৰণতে ব্যৱহাৰ কৰা ১৩৯ নম্বৰটোলৈ ফোন কৰি অনুসন্ধানত আপোনাৰ পি এন আৰ নম্বৰ সহ গন্তব্যস্থলৰ বিষয়ে জনালে এই স্বয়ংক্ৰিয় ব্যৱস্থাটোৱে যাত্ৰীজনক গন্তব্যস্থল পোৱাৰ কুৰি মিনিটৰ পূৰ্বে সঙ্কেত প্ৰদান কৰিব। এই ব্যৱস্থাটো নিশা ১১ বজাৰ পৰা পুৱা ৭ বজালৈকে সক্ৰিয় হৈ থাকিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More