গভীৰ নিশা ভাৰত আৰু চীনা সেনাৰ সংঘৰ্ষ! গালৱানৰ পিছত এইবাৰ টাৱাঙত

শুকুৰবাৰে নিশা চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ চেষ্টাক ভাৰতীয় সেনাই প্ৰতিহত কৰে। এই সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো লোক আহত হয়।

0 51

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ডিচেম্বৰ : গভীৰ নিশা ভাৰত আৰু চীনৰ সৈন্যৰ মাজত পুনৰ সংঘৰ্ষ হয় প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত। লাডাখৰ গালৱানৰ পিছত এইবাৰ অৰুণাচলৰ টাৱাঙত। অৱশ্যে ২০২০ চনৰ গালৱান কাণ্ডৰ দৰে কোনো লোকৰ প্ৰাণহানি হোৱা নাই যদিও শুকুৰবাৰে নিশা সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো জোৱান আহত হোৱা বুলি সংবাদ সংস্থা ANI-এ প্ৰকাশ কৰিছে। গালৱানৰ দৰে কোনো পক্ষই টাৱাঙত দ্বিপাক্ষিক সামৰিক পৰ্যায়ৰ ‘ৰুল অৱ এংগেজমেণ্ট’ অনুসৰি আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা নাছিল।

প্ৰকাশিত খবৰ অনুসৰি শুকুৰবাৰে নিশা চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ চেষ্টাক ভাৰতীয় সেনাই ‘দৃঢ়তাৰে প্ৰতিহত’ কৰে। সেই সময়ত এই সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো লোক আহত হয়। সেনাৰ সূত্ৰৰ উদ্ধৃতি অনুসৰি ভাৰতীয় সেনাৰ ৬ জোৱান ‘সামান্য আহত’ হয়। বাতৰিত দাবী কৰা হৈছে যে ভাৰতীয় সেনাৰ এই ৬ জন জোৱান লাঠি-শিলৰ সংঘৰ্ষত আহত হয়।

On 9th Dec 2022, PLA troops contacted the LAC in Tawang Sector of Arunachal Pradesh which was contested by Indian troops in a firm and resolute manner. This face-off led to minor injuries to a few personnel from both sides. Both sides immediately disengaged from the area: Sources pic.twitter.com/vQLXcM3xLS
— ANI (@ANI) December 12, 2022

96180834প্ৰায় ৩০০ চীনা সৈন্য টাৱাঙৰ সেই খণ্ডত অনুপ্ৰৱেশ কৰিছিল। কিন্তু ভাৰতীয় সেনা সাজু আছিল বাবে তেওঁলোকে সুবিধা ল’ব নোৱাৰিলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More