গাড়ীত উঠি ফুৰিব পাৰিব জোনবাইৰ বুকুত

চন্দ্ৰপৃষ্ঠত গাড়ী ব্যৱসায় আৰম্ভ হ'লেই

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুন : নতুন কোনো ঠাইলৈ ফুৰিবলৈ ওলালে আমি প্ৰথমেই ভাবোঁ— সকলো ঠাইলৈ যাব পৰাকৈ বাৰু গাড়ী পোৱা যাবনে? চন্দ্ৰলৈ গ’লেও এই চিন্তা হ’ব পাৰে! সেই কথা মনত ৰাখিয়েই চন্দ্ৰলোকৰ ইঠাই সিঠাই ফুৰিব পৰাকৈ ভাৰা গাড়ীৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে এটা সংস্থা। নভোচাৰীসকল যাতে চন্দ্ৰলৈ গ’লে গাড়ী ভাড়ালৈ ল’ব পাৰে তাৰ বাবে মার্কিন গাড়ী নির্মাতা প্রতিষ্ঠান জেনেৰেল মটৰছ আৰু মহাকাশ, সামৰিক আৰু প্রতিৰক্ষা যন্ত্রপাতি নির্মাতা প্রতিষ্ঠান লকহিড মার্টিনে যৌথভাৱে এই গাড়ী তৈয়াৰ কৰিছে। এই যানে নভোচাৰী আৰু তেওঁলোকৰ প্রয়োজনীয় যন্ত্রপাতি চন্দ্ৰলৈ লৈ যাব। দুয়োটা প্রতিষ্ঠানৰ পক্ষৰ পৰা কোৱা হৈছে যে, তেওঁলোকে চন্দ্রপৃষ্ঠত চলাচলৰ উপযোগী প্রয়োজনীয় সকলো ধৰণৰ গাড়ী নিৰ্মাণৰ কাম কৰিছে। এইসমূহ গাড়ীৰে বাণিজ্যিকভাৱে মহাকাশ পর্যটনৰ ক্ষেত্ৰত কাম কৰিবলৈ আগ্রহী প্রতিষ্ঠান যেনে স্পেচ এক্স বা ব্লু অৰিজিনৰো কামত লাগিব। ইয়াৰ বাহিৰে নাছাই বিচাৰিলেও এই গাড়ী ভাড়াত ল’ব পাৰিব। গাড়ীবোৰ সৌৰশক্তি চালিত। এইবোৰ ১০ বছৰৰ বেছি টিকি থাকিব। চন্দ্ৰৰ পৰিৱেশত টিকাই ৰাখিবলৈ গাড়ীত দুটা ছিটৰ মাজত বহুখিনি খালী ঠাই ৰাখিবলগীয়া হৈছে। দুটা স্পেচ চ্যুট ওচৰা ওচৰিকৈ থাকিলে ঘহনি খাই ফাটি যাব পাৰে, যি নভোচাৰসকলৰ জীৱনৰ পক্ষে ভয়ৰ কাৰণ হ’ব পাৰে। সেয়ে এই পৰিকল্পনা। আগন্তুক ২০২৫ চনত চন্দ্ৰলৈ মানুহ লৈ যোৱাৰ মিছন আৰম্ভ হ’ব। সেয়ে এই মিছনৰ পূৰ্বেই ‘লুনাৰ মবিলিটি ভেহিকল’ নামৰ বিশেষ যান চন্দ্ৰত প্রস্তুত থাকিব বুলি জনাইছে জেনেৰেল মটৰছ আৰু লকহিড মার্টিনে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More