গাড়ীচোৰ,ফকিৰ আব্দুলৰ গৃহত মাটিত পুতিথোৱা অৱস্থাতউদ্ধাৰ১৫লাখঃ তেজপুৰত চাঞ্চল্য

0 17

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ ছেপ্টেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বৰঘাট আৰক্ষী চকীৰ অন্তগত এক ভিতৰুৱা অঞ্চল আলিচিঙা উৰিয়ামগুৰিত এটা বাসগৃত পুতি থোৱা অৱস্থাত লাখ লাখ টকা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি হৈছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, যোৱা নিশা শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাস,উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰৰ নেতৃত্বত তথা তেজপুৰ সদৰ থানা ভাৰ প্ৰাপ্ত বিষয়া মিন্টু বড়োৰ আৰু স্হানীয় বৰঘাট আৰক্ষীয়ে চলোৱা এই অভিযানৰ সময়ত আব্দুল কৰিম নামৰ ফকিৰ তথা গাড়ী চোৰৰ লগত জড়িত লোক জনৰ বাস গৃহত এটা ট্ৰাংকত মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমানৰ ধন৷পাঁচশ টকীয়া আৰু দুশটকীয়া বান্দিল সমূহৰ লগতে তন্ত্ৰমন্ত্ৰৰ কিতাপো উদ্ধাৰ কৰা হৈছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,
আলিচিঙা উৰিয়ামগুৰিৰ আব্দুল কৰিম নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় এই টকা৷ উল্লেখযোগ্য যে,যোৱা তিনিমাহ পূৰ্বে গাড়ী চুৰিৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ লগতে জেলহাজোতলৈকো আব্দুল কৰিমক প্ৰেৰণা কৰা হৈছিল৷আনহাতে কালি আৰক্ষীৰ অভিযানৰ পূৰ্বেই পলায়ন কৰিবলৈ সক্ষম হয় আব্দুল৷আৰক্ষীয়ে বিশেষ সূত্ৰে এই তথ্য লাভ কৰিছিল আৰু ইয়াৰ ভিত্তিতে অভিযান চলাই৷নিশা ১২-৩০বজালৈকে অভিযান অব্যাহত ৰখা আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,চৌহদটোৰ আন একাধিক স্হানতো তালাচী চলোৱা হয়৷এই বৃহৎ পৰিমানৰ ধনৰাশি কেনেদৰে আব্দুলে সংগ্ৰহ কৰিছিল সেয়া এইপৰ্যন্ত স্পষ্ট হোৱা নাই য’দিও আৰক্ষীৰ তদন্ত অব্যাহত আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More