গাড়ী বিক্ৰীত প্ৰৱঞ্চনাৰ অভিযোগত তিনিচুকীয়াত ধৃত ১

0 14

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ আগষ্ট : তিনিচুকীয়া চহৰৰ হিজুগুৰিৰ ম‌ইনুল আবেদিন নামৰ এজন লোকক গাড়ী বিক্ৰীত প্ৰৱঞ্চনা কৰাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে ৷ অভিযোগ অনুসৰি ধৃত ম‌ইনুলে মিথ্যাৰ আশ্রয় লৈ একেখন গাড়ীকে দুজন লোকক বিক্ৰী কৰিছিল । প্ৰৱঞ্চনাৰ বলি হোৱা ফিৰোজ আলি আৰু য়াকুব আনছাৰি নামৰ দুই ব্যক্তিয়ে হিজুগুৰি আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মইনুলক আটক কৰা বুলি প্ৰকাশ ৷ অভিযোগ অনুসৰি ম‌ইনুল আবেদিনে এ এচ ২৩ টি ৩৮৭৭ নম্বৰৰ স্ক’ৰপিঅ’ গাড়ীখন প্ৰথমে তিনি লাখ টকা নগদ ধনৰ বিনিময়ত আৰু অৱশিষ্ট বেংকৰ ঋণ পৰিশোধ কৰাৰ চুক্তিৰে হিজুগুৰিৰে ফিৰোজ আলি নামৰ লোকজনক বিক্ৰী কৰিছিল । ইয়াৰ কিছুদিনৰ পিছত মইনুলে ভয়-ভাবুকি দি গাড়ীখন ফিৰোজ আলিৰ পৰা কাঢ়ি আনি পুনৰ তিনিচুকীয়াৰ য়াকুব আনছাৰি নামৰ অন্য এজন লোকক এক লাখ টকা নগদ ধনৰ লগতে অৱশিষ্ট গাড়ীৰ ঋণ পৰিশোধ কৰাৰ চুক্তিৰে বিক্ৰী কৰে । য়াকুব আনছাৰিয়ে গাড়ীখনৰ অৱশিষ্ট ঋণ পৰিশোধ কৰাৰ পাছতেই মইনুলে য়াকুবৰ পৰা গাড়ীখন কাঢ়ি লয় । গাড়ীখন বিচাৰি আহিলে দুয়োজনকে মইনুলে ভাবুকি দিয়া বুলি প্ৰকাশ ৷ ঘটনা সন্দৰ্ভত ফিৰোজ আৰু য়াকুবে পৃথকে পৃথকে হিজুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে কালি সন্ধিয়া ন-পুখুৰীৰ পৰা মইনুলক আটক কৰে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/৫০৬ ধাৰাৰ অধীনত ৬৭২/২০২২ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More