গুণোৎসৱ এক ভেকোভাওঁনাহে

তেজপুৰত কংগ্ৰেছৰ সংবাদমেল কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ দাদুল বৰকটকী 

0 36
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬জুন: “ৰাজ্যৰ ৩১৪খন বিদ্যালয়ত এজনো শিক্ষক নাই আৰু ৪৪৪৪খন বিদ্যালয় চলি আছে এজন শিক্ষকৰ দ্বাৰা। আনহাতে, ১৬৬৪খন বিদ্যালয়ৰ এটা কোঠাতে পাঁচটাকৈ শ্ৰেণী কৰিবলগীয়া হৈছে।” আজি তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এক তথ্যৰ উদ্ধৃতি দি এই মন্তব্য প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দাদুল বৰকাকতিয়ে। ৰাজ্য চৰকাৰৰ ভাল কামক প্ৰশংসা আৰু বেয়া কামবোৰ জনমানসত উদঙাই দি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাব বুলি বৰকাকতিয়ে মন্তব্য কৰে। তেওঁ মূল্যবোধৰ ৰাজনীতিৰে কংগ্ৰেছ কৰি যাব বুলি উল্লেখ কৰি লগতে কয় যে, গুণোৎসৱক কংগ্ৰেছ দলে আদৰণি জনালেও প্ৰকৃততে গুণোৎসৱ বৰ্তমান ভেকোভাওঁনাতহে পৰিণত হৈছে। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰজনে লগতে কয় যে ৰাজ্যখন বহু সমস্যাৰে ভাৰাক্ৰান্ত য’দিও ভৱিষ্যত প্ৰজন্মৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্যৰ ভাৰাক্ৰান্ত শিক্ষা ব্যৱস্থাটো বৰ্তমান ৰুগীয়া হৈ পৰিছে। তেওঁ সংবাদমেলত প্ৰকাশ কৰে যে, যোৱা দুটা বছৰৰ গুণোৎসৱত বিদ্যালয় সমূহৰ যি মূল্যাংকন হ’ল আৰু যি সমূহ বিদ্যালয়ে এ আৰু এ যোগ গ্ৰেড লাভ কৰিলে সেই বিদ্যালয় সমূহৰ বৰ্তমান অৱস্থাৰ পৰাই এই কথা স্পষ্ট হৈছে। তেওঁ লগতে কয় যে, গুণোৎসৱৰ নামত বছৰি ৯শ কোটি টকা ব্যয় হয়। বিদ্যালয় সমূহৰ আন্তগাঁথনি উন্নয়ন নোহোৱাৰ লগতে, গৃহ, ডেক্স বেঞ্চৰ অভাৱ তথা শৌচাগাৰৰ অভাৱ, ছাত্ৰ-ছাত্ৰী অনুযায়ী শিক্ষক-শিক্ষয়িত্ৰীৰ অসমানুপাতিকতাকো ধৰি বিভিন্ন সমস্যা বৰ্তমানেও আছে। তেনেস্থলত চৰকাৰে বাজেটতো অন্তৰ্ভুক্ত কৰা এক বিষয় হিচাপে গুণোৎসৱৰ মূল্যাংকনৰ ভিত্তিত চৰকাৰে বিদ্যালয়সমূহৰ বাবে মঞ্জুৰ কৰা ধন ক’ত কেনেদৰে ব্যয় হয় বুলি প্ৰশ্ন কৰি বৰকাকতিয়ে লগতে কয় যে,ৰাজ্যৰ বৰ্তমানৰ শিক্ষা মন্ত্ৰীজনৰ গৃহজিলাৰ গৃহ মহকুমাতে ১৭খন বিদ্যালয়ত শিক্ষক নাই। তদুপৰি বিদ্যালয়ৰ শিক্ষাৰ পৰা বাহিৰত থকা শিশু কিশোৰসকলৰ বাবে সৰ্ব শিক্ষাৰ অধীনত থকা ৰাজ্যৰ ৯২টা আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ চৰকাৰে বন্ধ কৰি দিয়া কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰি বৰকাকতিয়ে লগতে কয় যে চৰকাৰে ৰাজ্যত বৰ্তমান বিদ্যালয়ৰ বাহিৰত তেনে কোনো শিশু কিশোৰ নাই বুলি পতিয়ন নিয়াব বিচাৰিছে য’দিও বাস্তৱত কেবল শোণিতপুৰতে নহাজাৰ এনে শিশু কিশোৰ আছে যিসকলে বিভিন্ন কাৰণত বিদ্যালয়ৰ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। তদুপৰি চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যমত পঢ়ি অহা শিক্ষক, বড়ো মাধ্যমৰ বিদ্যালয়ত শিক্ষকৰ অভাৱৰ দৰে হিন্দী শিক্ষকৰ অভাৱে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক কোঙা কৰা বুলি উল্লেখ কৰি বৰকাকতিয়ে আৰু কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত  বছৰি একলাখক নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি দি এইক্ষেত্ৰত শিক্ষা বিভাগে গুৰুত্ব পালন কৰিব বুলি উল্লেখ কৰিছিল। তেওঁ কয় যে,বৰ্তমান শিক্ষক নিযুক্তিৰ সংখ্যা প্ৰকাশ কৰিলেও বাস্তৱত শিক্ষকৰ বহু পদ ৰিক্ত হৈ আছে আৰু এই সকলো হৈছে ভুল নীতিৰ বাবে। বৰকাকতিয়ে কয় যে, প্ৰকৃততে শিক্ষাগত অৰ্হতাৰে প্ৰাথমিক বিদ্যালয়ৰ জনে হাইস্কুললৈ আৰু  হাইস্কুলত নিযুক্তি লাভ কৰিছে। এনে অৱস্থাত বহু শিক্ষকৰ পদ খালীয়েই হৈ আছে বুলি উল্লেখ কৰি বৰকাকতিয়ে বিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়াটো নিৰ্দিষ্ট ভাবে উচ্চ পৰ্যায়ৰ পৰা কৰি আহিব লাগিছিল বুলি উল্লেখ কৰি কয় যে এনে নকৰাত স্বাভাৱিকতেই একেজনেই দুই তিনিটা শিক্ষক পদৰ বাবে সময়ে সময়ে পৰীক্ষা দি বহুজনে পৰ্যায় অনুসৰি নিযুক্তিও লাভ কৰিছে। এইক্ষেত্ৰত নিযুক্তি লাভ কৰা সকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলক জগৰীয়া কৰিব নোৱাৰি বুলি মন্তব্য কৰি বৰকাকতিয়ে আৰু কয় যে, গুণোৎসৱৰ সময়তেহে কিয় মন্ত্ৰী বিধায়কসকল যিকোনো সময়তে বিদ্যালয়লৈ যাব লাগে।তদুপৰি, এইক্ষেত্ৰত বিদ্যায়তনিক ক্ষেত্ৰখনৰে জড়িত সকলকহে অধিক নিয়োজিত কৰাৰো পোষকতা কৰি ইয়াৰ দ্বাৰাহে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব বুলিও প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰজনে দাবী কৰে।গুণোৎসৱ বৰ্তমান এক ভেকোভাওঁনাত পৰিণত হোৱা বুলি প্ৰকাশ কৰি তেওঁ কয় যে,ইতিমধ্যে পুৰণা বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ নতুন বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক গুণোৎসৱৰ বাবে পুণৰ পুৰণা বিদ্যালয়লৈ মাতি অনা কাৰ্যৰ পৰা কোনো লাভ ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ নহয় বুলি উল্লেখ কৰি,ৰাজ্যৰ শৈক্ষিক কেলেণ্ডাৰৰ আসোঁৱাহ দূৰ নকৰিলে এই সমস্যা অব্যাহত থাকিব বুলিও প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰজনে সংবাদমেলত মন্তব্য কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More