গুণোৎসৱ ২০২২ : তিনিচুকীয়াত মূল্যায়নকাৰী ৰূপে বিদ্যালয়ত উপস্থিত মন্ত্ৰী, বিধায়ক, উপায়ুক্ত

মূল্যাংকন হ’ব ১৩৯৮ বিদ্যালয়ৰ

0 27

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ মে’ : তিনিচুকীয়া জিলাত আজিৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱ ২০২২ । আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া গুণোৎসৱত মুঠ ১,৩৯৮ খন বিদ্যালয়ৰ মূল্যাংকন কৰা হব । ইয়াৰে ১,২৭৬ খন চৰকাৰী তথা প্ৰাদেশিকৃত বিদ্যালয় আৰু ১২২ খন হৈছে চাহ বাগিচা পৰিচালিত বিদ্যালয় । আনহাতে গুণোৎসৱৰ দ্বিতীয় পৰ্য্যায়ত ১,১৭৫ খন নিম্ন প্ৰাথমিক বিদ্যালয়, ১৩৪ খন উচ্চ প্ৰাথমিক বিদ্যালয়, ৭১ খন হাইস্কুল আৰু ১৪ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল্যাংকন কৰা হব । তিনিচুকীয়া জিলাত বিদ্যালয়সমূহৰ বহি:মূল্যায়নকাৰী হিচাপে ৫৭০ জন বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰীক নিয়োজিত কৰা হৈছে । ইতিমধ্যে সোমবাৰে বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন হয় । আজি প্ৰথম দিনাৰ গুণোৎসৱত মুঠ ৪৭৩ খন বিদ্যালয়ৰ মূল্যাংকন কৰা হয় । তেনেদৰে দ্বিতীয় আৰু তৃতীয় দিনা ক্ৰমান্বয়ে ৪৬৯ খন আৰু ৪৫৬ খন বিদ্যালয়ৰ মূল্যাংকন কৰা হব । আজি প্ৰথম দিনা তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰম, নিয়োগ আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে ইটাখুলি বাগান প্ৰাথমিক বিদ্যালয়ত বহি:মূল্যায়নকাৰী হিচাপে উপস্থিত হৈ ছাত্ৰছাত্ৰীসকলৰ লগতে বিদ্যালয়খনৰ মূল্যায়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে । একেদৰে ডিগবৈৰ বিধায়ক সুৰেন ফুকনে ২ নং অসমীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱত বহিঃমূল্যায়নকাৰী হিচাপে উপস্থিত থাকে । তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে বৰগুৰি হাইস্কুলত বহিঃমূল্যায়নকাৰী হিচাপে বিদ্যালয়খনৰ মূল্যায়ন কৰে । আনহাতে, বড়োলেণ্ড কল্যাণ বিভাগ আৰু সাধাৰণ প্ৰশাসন বিভাগৰ সচিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া উমানন্দা দলে, মুখ্য বন সংৰক্ষক ভাৰতীয় বন সেৱাৰ বিষয়া এন আনন্দ আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ তথা মুখ্য সচিবৰ নিৰীক্ষণ কোষৰ সচিব ফাৰুক আলম বহি:মূল্যায়নকাৰী হিচাপে তিনিচুকীয়া জিলাত উপস্থিত হৈছে । উল্লেখ্য, তিনিচুকীয়া জিলাত দ্বিতীয় পৰ্য্যায়ৰ গুণোৎসৱত মুঠ ১,৪৫,২২২ জন ছাত্ৰছাত্ৰী আৰু ৫,৯০৫ জন শিক্ষক, শিক্ষয়িত্ৰীয়ে অংশগ্ৰহন কৰিব । গুণোৎসৱ ২০২২ৰ মূল্যায়ন প্ৰক্ৰিয়াত প্ৰতিখন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সাঙুৰি লোৱা হব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More