গুলপীয়াৰ গ্ৰীষ্ম উদযাপন ! থানেত ফ্লেমিংগোৰ নতুন অভিলেখ

0 43

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মে’ : পানী নহয় যেন এখন গুলপীয়া দলিচা ! প্ৰথম দৃষ্টিত নিলগৰ পৰা তেনেদৰেই ভাবিবলৈ বাধ্য হয় এদিনীয়া দৰ্শক। মহাৰাষ্ট্রৰ থানেত এতিয়া গ্ৰীষ্মৰ সমানে সমানে বাঢ়িছে এই গুলপীয়াৰ গাঢ়তা। যি গুলপীয়াই হাত বাউল দিছে হাজাৰ বিজাৰ পৰ্যটকক। জানো আহক এই গুলপীয়াৰ সবিশেষ।

* মনোমুগ্ধকৰ দৃশ্য
এটা বিশেষ জলাশয়ত ভিৰ কৰিছে হাজাৰ হাজাৰ ফ্লেমিংগোৱে। আৰু এই অপৰূপ দৃশ্য দৰ্শনৰ বাবে নিতৌ ভিৰ কৰিছে পখীপ্ৰেমী মানুহ। বিগত ৫ বছৰৰ ভিতৰত এই বছৰেই সকলোতকৈ বেছি ফ্লেমিংগো দেখা পোৱা গৈছে থানেতে। এই তথ্য বম্বে নেচাৰেল হিস্ট্রি ছচাইটি (BNHS)ৰ। এই সংস্থাটোৰ তৰফৰ পৰা ৮ টা দলে সুকীয়া সুকীয়াকৈ জৰীপ চলাইছিল। এনেদৰে মহাৰাষ্ট্রৰ জলাশয়ত পৰিভ্ৰমী পক্ষী বিচৰণ কৰাটো পক্ষী নিৰীক্ষক আৰু বন্যপ্ৰাণীপ্রেমীৰ বাবে সুখবৰ বুলি কোৱা হৈছে। অসমত বৰষুণ যদিও গৰমত ভাৰতৰ বিভিন্ন অংশৰ মানুহে ত্রাহি মধুসূদন সোঁৱৰিবলগীয়া হৈছে। তেনে সময়তে জাক জাক ফ্লেমিংগোৱে খাদ্যৰ সন্ধানত থানেৰ এই জলাশয়ত ঘূৰি পকি যেন গ্ৰীষ্ম উদযাপন কৰিছে। মনোমুগ্ধকৰ এই দৃশ্যই অনেকৰেই দৃষ্টি কাঢ়িছে।

* কিমান চৰাই হৈছে সমৱেত1652318082713
এই বছৰ ১.৩০ লাখ চৰাইৰ সমাগম দেখা গৈছে মহাৰাষ্ট্রত। যিটো নিঃসন্দেহে বৃহৎ খবৰ। মূলতঃ গুজৰাটত ফ্লেমিংগোৰ প্রজনন সকলোতকৈ বেছি হয়। তাৰপৰাই আপাতত দেখা গৈছে প্রতিবছৰে এই সময়ত থানেৰ ক্রিকলৈ এই ফ্লেমিংগোৰ আগমন বৃদ্ধি পাইছে। গৱেষণাত পোহৰলৈ আহিছে যে, ২০১৮ চনৰ পূৰ্বে ৭ৰ পৰা ৮ হাজাৰ ফ্লেমিংগোৰ আগমন ঘটা প্ৰত্যক্ষ কৰা হৈছিল। এতিয়া সেই সংখ্যাই লাখৰ সীমা অতিক্ৰম কৰিছে। ফ্লেমিংগোসমূহৰ আগমনৰ স্থান আইৰোলি ফ্লেমিংগো চেংচুৱাৰী ২০২১ চনৰ নৱেম্বৰৰ পৰা খুলি দিয়া হৈছে। কভিডৰ বাবে দৰ্শনাৰ্থীৰ কাৰণে বন্ধ কৰি ৰখা হৈছিল। সেই সময়ত ফ্লেমিংগোৰ গণনাও বন্ধ হৈ আছিল। জানিব পৰা গৈছে যে, এই জলাশয়ত বোটিঙৰ পৰা এই বছৰ ৩৮ লাখ টকা লাভ কৰিছে। দলে দলে মানুহ ইয়ালৈ আহিছে এই পক্ষীমেলা চাবৰ বাবে। প্রতিবছৰে নৱেম্বৰৰ পৰা মে’ মাহৰ ভিতৰত এই এলেকাত প্রচুৰ ফ্লেমিংগোৱে বিচৰণ কৰে আৰু সেইবোৰ চাবৰ বাবে ৭০০০তকৈ অধিক মানুহে ভিৰ কৰে। কভিড পৰৱর্তী সময়ত এই বছৰ ৮ হাজাৰৰো অধিক লোকে ভিৰ কৰিছে। মনজুৰোৱা এই দৃশ্য চাবলৈ কেৱল পর্যটকেই নহয়, ভিৰ হৈছে  ফটোগ্রাফাৰৰো।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More