গুৱাহাটীত অইলৰ কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা

মুখ্যমন্ত্রীৰ বান সাহায্য পুঁজিলৈ ৫ কোটি টকা অইল ইণ্ডিয়া লিমিটেডৰ

0 46

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুন: গুৱাহাটী মহানগৰীৰ বামুণীমৈদানত বুধবাৰে অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।IMG 1655892949453 তেওঁ আধাৰশিলা স্থাপন কৰি কয় যে গুৱাহাটীত অইল ইণ্ডিয়াৰ এটা কাৰ্যালয়ৰ বহু দিনৰ পৰা প্ৰয়োজন আছিল । সেয়েহে চৰকাৰে কাৰ্যালয়টো নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি আবন্টন দিছে। অইলৰ কাৰ্যালয়টো আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানটো নিৰ্মাণ কৰোতে প্ৰায় ২০০ কোটি টকা ব্যয় হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়। অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে আজি এটা শুভ দিন। আজি সপোনক বাস্তবত ৰূপ দিব গৈ আছে। আধাৰশিলা স্থাপন অনুষ্ঠানতে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীৰ বানসাহায্য পুঁজিলৈ ৫ কোটি টকাৰ আৰ্থিক সাহায্যৰ চেক মুখ্যমন্ত্রীৰ হাতত অৰ্পণ কৰে। উল্লেখ্য যে ১০ মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰোতে ৩ বছৰ সময়ৰ প্ৰয়োজন হ’ব। অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ মুখ্য কাৰ্যালয় মহানগৰীৰ নাৰেংগীত থকাৰ লগতে বামুণীমৈদানত গুৱাহাটী কাৰ্যালয় স্থাপন কৰাৰ ফলত পৰিসৰ বৃদ্ধি পাব। তদুপৰি দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰিলে যুৱক যুৱতী সকলে বিভিন্ন ব্যৱসায়ত দক্ষতা বিকাশৰ বাবেও যথেষ্ট সুযোগ লাভ কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More