গুৱাহাটীত জৈৱিক কৃষিৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৃষিমন্ত্ৰী অতুল বৰাৰ

0 14

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ আগষ্টঃ গুৱাহাটীবাসীৰ বাবে সুখবৰ। অতি শীঘ্ৰেই গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত লাভ কৰিব পাৰিব জৈৱিকভাৱে উৎপাদিত স্বাস্থ্যসন্মত খাদ্যসামগ্ৰী। আজি খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত কৃষিমন্ত্ৰী অতুল বৰাই জৈৱিক কৃষিৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। এই বিক্ৰী কেন্দ্ৰটো উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ অধীনত ৰূপায়ণ হৈ থকা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্য শৃংখল বিকাশ অভিযান (MOVCD-NER)ৰ অধীনত স্থাপন কৰা হ’ব। এই কেন্দ্ৰত নিৰ্বাচিত কৃষক উৎপাদক গোটসমূহৰ দ্বাৰা উৎপাদিত জৈৱিক কৃষিজাত দ্ৰব্যসমূহ বিক্ৰীৰ বাবে মজুত ৰখা হ’ব। ভাষণ প্ৰসংগত মন্ত্রী অতুল বৰাই কৃষি আৰু ইয়াৰ অনুষংগিক ক্ষেত্ৰত এনে ধৰণৰ পদক্ষেপ গ্ৰহণৰ যোগেদি গ্ৰাম্য অৰ্থনীতি সুদৃঢ়কৰণ কৰাৰ লগতে যুৱচামৰ স্বনিয়োজনৰ পৰিসৰো বাঢ়িব বুলি উল্লেখ কৰে। ‘কৃষি বিভাগ হ’ব লাগিব কৃষকৰ বাবে’ বুলি উল্লেখ কৰি তেওঁ কৃষক ৰাইজক সৰ্বতো প্ৰকাৰে সহায় -সহযোগিতা আগবঢ়াবলৈ আৰু নিজ নিজ কৰ্মত আন্তৰিকতাৰে ব্ৰতী হ’বলৈ বিভাগটোৰ সমূহ বিষয়া-কৰ্মচাৰীকে আহ্বান জনায়। তেওঁ কয় যে অসমক জৈৱিক খেতিৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিপুল সুযোগ-সম্ভাৱনা নিহিত হৈ আছে। ৰাজ্যখনত জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত চৰকাৰখনে ইতিমধ্যে বহু কাৰ্যসূচী গ্ৰহণ কৰিছে। অনুষ্ঠানত কৃষি সঞ্চালক অনন্তলাল জ্ঞানী, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদ্যুৎ বিকাশ ভাগৱতী, কৃষক উৎপাদক কোম্পানীৰ সদস্যসকল প্ৰমুখ্যে বিভাগীয় বিষয়াসকল উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More