গুৱাহাটীত নিৰ্মাণ হ’ব তিনিখন নতুন ফ্লাই অভাৰ

0 103

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ : অসমৰ ৰাজধানী চহৰ গুৱাহাটীত অদূৰ ভৱিষ্যতে আৰু তিনিখন উৰণীয়া সেঁতুৰ ব্যৱস্থা কৰা হ’ব৷ অসম কেবিনেটে গুৱাহাটীত তিনিখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিলচৰত অসম কেবিনেটৰ বৈঠকৰ সময়ত এই সিদ্ধান্ত লোৱা হৈছে। নতুন ফ্লাই অভাৰকেইখন হ’ব ডাউন টাউন হাস্পতালৰ ওচৰত, ফটাশিল-গড়চুক আৰু কুমাৰপাৰা-ফটাশিলত। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমত কেইবাটাও নতুন প্ৰকল্পৰ কথা ঘোষণা কৰিছিল। এই প্ৰকল্পসমূহৰ ভিতৰত আছে সমগ্ৰ অসমতে কমেও দহখন উৰণীয়া সেতু আৰু পথ তথা অভাৰ ব্ৰীজ। কঠীয়াতলী, বৰঘাট, ডিমৌ, ৰহা আৰু বাইহাটাত হ’ব নতুন দলং আৰু উৰণীয়া সেতু। চিমলাগুৰি, বঙাইগাঁও শোধনাগাৰ, চাপাগুৰি, পাঠশালা আৰু জাগীৰোডতো উৰণীয়া সেতু আৰু দলং নিৰ্মাণ কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More